ETV Bharat / state

আহোম ৰাজকাৰেঙৰ ৪০০ বিঘা ভূমি সংকুচিত হৈ আছেগৈ ১২ বিঘা ৩ কঠা ১২ লেচাহে - AHOM RAJKARENG

চৰকাৰৰ অৱহেলাৰ বাবে আজি ইতিহাসসমৃদ্ধ যোৰহাটৰ ৰজামৈদাম ধ্বংস হোৱাৰ পথত !

Ahom Rajkareng
আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু ৰজা মৈদাম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 3:24 PM IST

3 Min Read

যোৰহাট : আহোম ৰাজত্বৰ শেষ অধ্যায়ৰ সাক্ষী বহন কৰা ৰাজকাৰেং আৰু ৰজামৈদামৰ কাহিনীয়ে আজিও যোৰহাটৰ ইতিহাস সমৃদ্ধ কৰি তোলে । কাৰণ আহোম ৰাজত্বৰ অন্তিমগৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু চাৰিঙীয়া ৰজা কামেশ্বৰ সিংহৰ সমাধি (মৈদাম) আছে জে বি ৰোডৰ এই ৰজামৈদামত । কিন্তু সংৰক্ষণৰ অভাৱত আজি অৱহেলিত হৈ পৰিছে উক্ত মৈদাম ।

ক'ত আছে আহোমৰ শেষৰ গৰাকী স্বৰ্গদেউৰ মৈদাম ?

Ahom Rajkareng
আহোমৰ স্মৃতিস্বৰূপ যোৰহাটৰ ৰজামৈদাম (ETV Bharat)

ইতিহাস সমৃদ্ধ আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল আৰু যোৰহাটত ৰাজধানী স্থাপন কৰিছিল গৌৰীনাথ সিংহই । ক্ৰমান্বয়ে ব্ৰিটিছৰ আগ্ৰাসনৰ কবলত পৰিছিল আহোম ৰাজত্ব । এনেবোৰ বাধা-বিঘিনিৰ মাজতেই অন্তিম পৰ্যায়ত ৰাজত্ব কৰিছিল পুৰন্দৰ সিংহই । আহোমৰ শেষৰ গৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু তেওঁ পুত্ৰ তথা চাৰিঙীয়া ৰজা কামেশ্বৰ সিংহৰ মৃত্যুৰ পিছত সমাধিস্থ কৰা হৈছিল যোৰহাটৰ জে.বি ৰোডৰ কাষত থকা ৰজামৈদামত ।

আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু ৰজা মৈদাম (ETV Bharat)

অৱহেলিত আহোমৰ কীৰ্তি চিহ্ন, ক্ষোভ জাতীয় সংগঠনৰ

আহোমৰ শেষৰজন স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু তেওঁৰ পুত্ৰ তথা চাৰিঙীয়া ৰজাৰ মৈদাম থকা ৰজামৈদাম আজিও অৱহেলিত হৈ আছে । ফলস্বৰূপে যোৰহাটত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে । সংগঠনটোৰ নেতা অৰ্জুন মণি ভূঞাই কয়, "আহোম ৰাজত্বৰ শেষ ৰাজধানী আছিল যোৰহাট, য'ত আহোমৰ পুৰণি গাথা আৰু কীৰ্তিচিহ্ন আছিল, আজি সেয়া কৰবাত নহয় কৰবাত অৱহেলিত আৰু অনাদৃত হৈ পৰিছে । চৰকাৰৰ অধীনৰ পুৰাতত্ত্ব বিভাগ আৰু জিলা প্ৰশাসনে ৰজামৈদাম আৰু ৰাজকাৰেঙত কেইখনমান ফলক লগায়েই তেওঁলোকৰ দায়িত্ব সামৰিছে, এই ইতিহাস প্ৰসিদ্ধ সমলবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ নতুন প্ৰজন্মৰ বাবে কোনো সুবিধা নাই ।"

Ahom Rajkareng
যোৰহাটত আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু ৰজামৈদাম থকা স্থান আজি যেন পৰিত্যক্ত ! (ETV Bharat)

নেতাজনে কয়,"যোৰহাট নগৰৰ মাজমজিয়াত থকা পুৰন্দৰ সিংহ আৰু কামেশ্বৰ সিংহৰ মৈদাম আজি অৱহেলিত হৈ আছে । দীৰ্ঘদিন ধৰি এই মৈদাম চাফ-চিকুণ কৰা হোৱা নাই । কোনো সুৰক্ষামূলক ব্যৱস্থা নাই ফলত আজি এনে বিপৰ্যয় পাইছেগৈ । শেষ ৰাজধানী যোৰহাটত আহোম ৰাজত্বৰ ২০০ বছৰীয়া ইতিহাস নতুন প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াত ৰজাঘৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । কাৰণ পুৰন্দৰ সিংহ, কামেশ্বৰ সিংহ আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমাৰ ইয়াত কোনো সমল নোহোৱা হোৱা যেন অনুভৱ হৈছে ।"

Ahom Rajkareng
আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু ৰজামৈদাম (ETV Bharat)

সংকুচিত হৈছে ৰাজকাৰেং

ৰজামৈদামৰ সমান্তৰালভাৱে আহোমৰ ৰাজকাৰেঙৰ ভূমিও ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে । ফলত সময়ৰ সোঁতত সমলবোৰ হেৰাই যাব, সেয়েহে আহোম ৰাজত্বৰ ইতিহাস প্ৰসিদ্ধ সমলবোৰ উপযুক্তভাৱে সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিবলৈ অসম চৰকাৰ প্ৰতি আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে । উল্লেখ্য যে যোৰহাট নগৰৰ মাজমজিয়াত (যুটীয়া স্বাস্থ্য সঞ্চালকয়ৰ কাৰ্যালয়)থকা আহোমৰ শেষ ৰাজধানী ৰাজকাৰেঙৰ ৪০০ বিঘা ভূমি সংকুচিত হৈ এতিয়া ১২ বিঘা ৩ কঠা ১২ লেচাহে আছেগৈ ।

লগতে পঢ়ক :এজোপা বটবৃক্ষ আৰু এটা মন্দিৰৰ আঁৰৰ কাহিনী - MYTHICAL GANESH TEMPLE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.