দুচকীয়া-তিনিচকীয়া বাহনৰ চালকে দিব নালাগে পাৰ্কিং মাচুল
পাৰ্কিং মাচুলৰ বাবে এতিয়া চিন্তা কৰিব নালাগে । দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং বিনামূলীয়া কৰা হৈছে ।

Published : June 11, 2025 at 8:43 PM IST
গুৱাহাটী : গুৱাহাটী মহানগৰীত প্ৰায়ে পাৰ্কিঙক লৈ বিভিন্ন সময়ত কাজিয়া বা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় । বিশেষকৈ বাহনৰ চালক আৰু লেচীৰ মাজত সংঘাত হোৱা দেখা যায় । এতিয়া আৰু চিন্তা নাই ৷ কোনো লেচীয়ে পাৰ্কিং মাচুল দাবী কৰিব নোৱাৰিব । চালকসকলেও মাচুল অবিহনে পাৰ্কিঙত বাহনখন ৰাখিব পাৰিব । এতিয়াৰে পৰা আৰু পাৰ্কিঙৰ মাচুল দিব নালাগে ।
অৱশ্যে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই নিয়ম । পৌৰ নিগমে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । দুচকীয়া আৰু তিনিচকীয়া বাহনৰ চালকে দিব নালাগে পাৰ্কিং মাচুল ।
এই নিয়ম প্ৰযোজ্য হ'ব গুৱাহাটীত । গুৱাহাটী পৌৰ নিগমে লোৱা সিদ্ধান্ত অনুসৰি দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং বিনামূলীয়া কৰা হৈছে । গুৱাহাটী পৌৰ নিগমৰ ৪৮ টাকৈ পাৰ্কিং স্থানত দুচকীয়া-তিনিচকীয়া বাহনৰ পাৰ্কিং বিনামূলীয়া কৰা হৈছে । বুধবাৰে মহানগৰীৰ জি এছ ৰোডত আনুষ্ঠানিকভাৱে বিনামূলীয়া পাৰ্কিং স্থানৰ শুভাৰম্ভ কৰে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । এই সন্দৰ্ভত তেওঁ কয়, "মহানগৰীৰ জি এম চিৰ ৪৮ টা পাৰ্কিঙত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং বিনামূলীয়া কৰা হৈছে ।" যান-বাহন আৰক্ষীৰ নীতি-নিয়ম মানি এই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক সু-শৃংখলাবদ্ধভাৱে পাৰ্কিং কৰিবলৈও আহ্বান জনাই মেয়ৰ মৃগেন শৰণীয়াই । তেওঁ লগতে কয়, "যিবোৰ স্থানত চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ পাৰ্কিং আছে তাত দুচকীয়া বাহন পাৰ্কিঙৰ বাবে নিৰ্দিষ্ট এটা স্থান সংৰক্ষণ কৰি ৰখা হ'ব । ৰাইজে সঁহাৰি জনাব বুলি আশা কৰিলো ।"
উল্লেখ্য যে পহিলা জুনৰ পৰা মহানগৰীত জি এম চিৰ অধীনত থকা ৪৮ টা পাৰ্কিং বিনামূলীয়া কৰাৰ কথা আছিল যদিও বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে এই সুবিধা মুকলি কৰা হয় । মহানগৰীত পাৰ্কিঙৰ নামত যেন পথৰ কাষতে বাইক-স্কুটী-অটো আদি পাৰ্কিং কৰি যান-জঁটৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ।
লগতে পঢ়ক :ফ্লেট কিনাৰ কথা ভাবিছে নেকি ? তেন্তে তাৰ পূৰ্বে জানি লওক এইকেইটা কথা - GUWAHATI REAL ESTATE BUSINESS

