ডি বি ষ্টক ব্ৰকিঙৰ খবৰ : দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক কাৰাগাৰলৈ - DB Stock Consultancy case
Allegation against DB stock consultancy : ডি বি ষ্টক ব্ৰকিং কনছালটেন্সীৰ জৰিয়তে গুৱাহাটীত মানুহক লুণ্ঠন কৰি পলাতক হৈ থাকিলেও চৰ্চাত আছে দীপাংকৰ বৰ্মন । কাৰণ প্ৰৱঞ্চনাত অভিযুক্তই নিজৰ বিপদৰ উমান পাই পলালেও ভুক্তভোগীয়ে প্ৰাপ্য় বিচাৰি দীপাংকৰৰ পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈ আছে । অৱশেষত আৰক্ষীয়ে দীপাংকৰৰ এই লুণ্ঠনত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে পিতৃ-মাতৃক ।

Published : September 21, 2024 at 4:51 PM IST
|Updated : September 21, 2024 at 6:26 PM IST
গুৱাহাটী, ২১ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত ডি বি ষ্টক ব্ৰকিং কনছালটেন্সী নামৰ এক বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই পলাতক হোৱা দীপাংকৰ বৰ্মনৰ আজিও নোলাল সন্ধান । ইয়াৰ পিছতেই বিশাল-চুমিকাণ্ডই ৰাজ্য় জোঁকাৰিলে । এই জোঁকাৰণিতেই বাধ্য় হৈ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে সৰৱ হ'ল আৰক্ষী । দীপাংকৰ বৰ্মন বতাহত মিলি গ'লেও অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তেওঁৰ পিতৃ-মাতৃকহে ।
- পিতৃ-মাতৃক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ
পাণবজাৰ থানাৰ আৰক্ষীয়ে শনিবাৰে পুৱা দীপাংকৰ বৰ্মনৰ কোটি কোটি টকা লুণ্ঠন সন্দৰ্ভত সোধা-পোছা কৰিবলৈ থানালৈ মাতি আনিছিল দীপাংকৰৰ পিতৃ-মাতৃক । দীৰ্ঘসময় সোধা-পোছা কৰাৰ পিছতেই আৰক্ষীয়ে দীপাংকৰৰ পিতৃ চবিন বৰ্মন, মাতৃ দীপালি তালুকদাৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত দীপাংকৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট মহেশ আগৰৱালাকো গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ পিছতেই মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্টক জিলা সত্ৰ ন্য়ায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োগৰাকীকেই ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, জিলা সত্ৰ ন্য়ায়াধীশৰ আদালতে চাৰ্টাৰ্ড একাউণ্টেণ্টক তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্টক সাত দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনি দিনৰহে জিম্মালৈ প্ৰেৰণ কৰে ।
- পিতৃ-মাতৃৰ একাউণ্টৰে কৰিছিল লেনদেন
উত্থাপিত অভিযোগ অনুসৰি পিতৃ-মাতৃৰ একাউণ্টৰ জৰিয়তে কোটি কোটি টকাৰ লেনদেন কৰিছিল দীপাংকৰ বৰ্মনে । উল্লেখ্য যে গুৱাহাটী মহানগৰীতে বিগত প্রায় পাঁচ বছৰে ষ্টক ট্রেডিঙৰ নামত শ শ লোকৰ পৰা প্ৰৱঞ্চনাৰে বিশাল ধনৰাশি সংগ্ৰহ কৰিছিল দীপাংকৰে । তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থপিত হোৱাৰ পিছতেই মহানগৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা দীপাংকৰৰ এমাহৰ পিছতো কোনো সন্ধান ওলোৱা নাই ।

মহানগৰীৰ উলুবাৰীত কার্যালয় স্থাপন কৰি ২০১৮ চনৰ পৰা অবৈধ ষ্টক ট্রেডিঙৰ জাল মেলা 'ডি বি ষ্টক ব্ৰকিঙ'ৰ মূৰব্বী দীপাংকৰ বৰ্মন যোৱা ১৮ আগষ্টৰ পৰা পলাতক হৈ আছে । ইয়াৰ পিছত দীপাংকৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা শতাধিক লোকে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । দীপাংকৰ বৰ্মনে পলায়ন কৰাৰ প্রায় ২২ দিন পাছত মহানগৰ আৰক্ষীয়ে অভিযুক্তজনৰ এখন বিলাসী গাড়ী আৰু এখন বিলাসী বাইক জব্দ কৰে । আনহাতে, ২২ আগষ্টত পল্টন বজাৰ থানাৰ ২৮৮/২০২৪ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ প্ৰেমিকা মনালিছা দাস ।

