ETV Bharat / state

'প্ৰাসংগিক পাণ্ডুলিপি’ৰে চিন্তাৰ বাট মোকলোৱা উদয়াদিত্য ভৰালীলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' ঘোষণা - PARAG DAS JOURNALIST AWARD

সম্প্ৰতি অসুস্থ হৈ আছে বিশিষ্ট চিন্তাবিদগৰাকী ৷ ২০২২ চনৰ ছেপ্টেম্বৰত তেখেতৰ গল্প সংকলন ‘ধলফাট’, প্ৰবন্ধ সংকলন ‘জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য’ প্ৰকাশ পাইছিল ৷

Parag Das Journalist award to Prof Udayaditya Bharali
'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' ঘোষণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 5:36 PM IST

4 Min Read

গুৱাহাটী: পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এইবাৰ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' আগবঢ়াইছে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপক উদয়াদিত্য ভৰালীলৈ । পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এই সন্দৰ্ভত এক বিবৃতিত কয়, “কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৰালীয়ে কেইবা দশক ধৰি অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে ৷ 'অসমীয়া প্ৰতিদিন'ৰ আৰম্ভণিতে 'পৃষ্ঠভূমিৰ চিনাকি' শিৰোনামেৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়নৰ সৃষ্টি কৰিছিল ভৰালীয়ে ৷ পৰৱৰ্তী কালত প্ৰতিদিনতে ’প্ৰাসংগিক পাণ্ডুলিপি’ শিতানৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় তথ্যসহ যুক্তিনিষ্ঠ বিশ্লেষণৰে চিন্তাৰ নতুন বাট মোকলাইছিল ৷”

পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই উল্লেখ কৰে, “এগৰাকী সফল গল্পকাৰ হিচাপেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে অধ্যাপকগৰাকীয়ে । এগৰাকী ক্ৰীড়া সংগঠক, ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও সুকীয়া পৰিচয় দাঙি ধৰিছে ভৰালী ডাঙৰীয়াই ৷ বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ভৰালীয়ে অসমত এক নতুন দিশৰ সন্ধান দিছে ৷ পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত বিগত ২৫ বছৰ ধৰি আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ উদয়াদিত্য ভৰালী আছিল এগৰাকী অন্যতম গুৰি ধৰোঁতা ৷ পৰাগ কুমাৰ দাস সম্পাদিত ’বুধবাৰ ’ আৰু ’আগান’তো প্ৰবন্ধ যুগুতাই জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল ভৰালীয়ে ৷”

Parag Das Journalist award to Prof Udayaditya Bharali
'কা' আন্দোলনৰ সময়ত উদয়াদিত্য ভৰালী (ETV Bharat Assam)

উল্লেখ্য যে, যোৱা কেইবছৰো ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে বিশিষ্ট চিন্তাবিদগৰাকী ৷ তাৰ মাজতে ২০২২ চনৰ ছেপ্টেম্বৰত তেখেতৰ শেহতীয়া গল্প সংকলন ‘ধলফাট’, প্ৰবন্ধ সংকলন ‘জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য’ আৰু অভিনন্দন গ্ৰন্থ ‘জাগ্ৰত বিবেক উদয়াদিত্য ভৰালী’ প্ৰকাশ পাইছে । স্মৰ্তব্য যে পৰাগ কুমাৰ দাস সাংবাদিকতা সন্মান ২০২৪ বৰ্ষত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছিল ৷ এইবাৰ ড৹ হীৰেন গোহাঁইয়ে বিশিষ্ট চিন্তাবিদ, লেখক উদয়াদিত্য ভৰালীক তেওঁৰ বাসগৃহত অহা ১৮ মে’, দেওবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব ৷ স্বাস্থ্যজনিত কাৰণতে ১৭ মে’ত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত প্ৰদান কৰিবলগীয়া বঁটাটি ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হ’ব ৷

উদয়াদিত্য ভৰালীৰ জাগ্ৰত বিবেক (ETV Bharat Assam)

থোৰতে উদয়াদিত্য ভৰালীৰ বিষয়ে:

১৯৪৭ চনত মৰাণত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালী বৰ্তমান গুৱাহাটীৰ দক্ষিণ শৰণীয়া নিবাসী । কৰ্মসূত্ৰে পিতৃৰ সঘন বদলিৰ ফলত মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল ভৰালীয়ে । তেতিয়াৰ কটন কলেজত কলেজীয়া শিক্ষা সাং কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

কৰ্মজীৱন:

১৯৬৮ চনৰ ১৪ নৱেম্বৰৰ পৰা ২০০৩ চনৰ ৩১ আগষ্টলৈ কটন কলেজৰ অধ্যাপক হিচাপে কৰ্মজীৱন আগুৱাই ২০০২-২০০৩ চনলৈ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে তেওঁ সেৱা আগবঢ়ায় । ইফালে ২০০৩ চনত কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদগৰাকীয়ে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰে ।

উদয়াদিত্য ভৰালীৰ জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য (ETV Bharat Assam)

লাভ কৰা বঁটাসমূহ:

'বেইমানৰ ঠিকনা' শীৰ্ষক গল্প সংকলনৰ বাবে ১৯৯৬ চনত উদয়াদিত্য ভৰালীয়ে লাভ কৰে অসম সাহিত্য সভাৰ 'বিষ্ণু্প্ৰসাদ ৰাভা বঁটা' ।

উদয়াদিত্য ভৰালীৰ ধলফাটৰ বেঁটুপাত (ETV Bharat Assam)

সামাজিক জীৱনলৈ অৱদান:

  • সহযোগী সম্পাদক The Political History of Assam, Vol-I
  • Chief Editior: Dr. Heramba Kanta Barpujari, 1977. (Published by: Government of Assam.)
  • 'Hundred Years : History of Cotton College, 1901-2001, (2001) Published by The Centenary Celebration Committee, Cotton College.
  • জাতি সমস্যাৰ প্রশ্নত (আগষ্ট ১৯৮১), সাম্প্রতিক প্রকাশন, গুৱাহাটী।
  • কার্যকৰী সভাপতি : জ্যোতি প্রসাদ জন্ম শতবর্ষ উদ্যাপন সমিতি, অসম-২০০২।
  • কার্যকৰী সভাপতি : জননেতা ভীমবৰ দেউৰী জন্ম শতবর্ষ উদযাপন সমিতি, অসম ২০০৩।
  • কার্যকৰী সভাপতি: বিষ্ণুপ্রসাদ ৰাভা জন্মশতবর্ষ উদযাপন সমিতি, অসম-২০০৭।
  • অসম সাহিত্য সভাৰ বুৰঞ্জী অধিৱেশনৰ সঞ্চালক-২০০৪।
  • বাতৰি কাকতৰ পূৰ্বৰ নিয়মীয়া স্তম্ভ:
  1. 'সময়ৰ জলঙাৰে'- (সাদিন)
  2. খ) 'পৃষ্ঠভূমিৰ চিনাকি' (অসমীয়া প্রতিদিন)
  3. 'বিবিধ টোকা' (অসমবাণী)
  4. 'প্রাসংগিক পাণ্ডুলিপি'- (অসমীয়া প্রতিদিন)

লগতে পঢ়ক: ‘বে অফ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট’ৰ সফলতা - HEMANTA SARMA SHORT FILM TO LET

২০২৬ ত যোৰহাটত নিৰ্বাচন খেলিব হিমন্ত বিশ্ব শৰ্মাই ! বল ঠেলিলে দিলীপ শইকীয়ালৈ - CM ON JORHAT CONSTITUENCY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.