ETV Bharat / state

নিৰ্বাচনৰ ফলাফলে কন্দুৱালে চিৰা-মুড়ি বিক্ৰী কৰা প্ৰাৰ্থীক

কলিয়াবৰত শোকত ভাগি পৰিল ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী । ৰাইজক সহায়ৰ প্ৰতিশ্ৰুতি বিজয়ী প্ৰাৰ্থীৰ ।

Panchayat elections 2025
নিৰ্বাচনৰ ফলাফলে কন্দুৱালে চিৰা-মুড়ি বিক্ৰী কৰা প্ৰাৰ্থীক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 4:33 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : আজি মাতৃ দিৱস । ইফালে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাও চলি আছে । প্ৰায় ৫০ শতাংশ আসনতে অৱতীৰ্ণ হৈছে মহিলা । এই মহিলাসকলৰ অধিকাংশই মাতৃ । মাতৃত্বৰ গধুৰ দায়িত্বৰ মাজতে ৰাইজৰ সেৱা কৰিবলৈ আহিছে এই মহিলাসকল । এনে এগৰাকী মহিলাই ক্ষুদ্ৰ ব্যৱসায়েৰে নিজ পৰিয়াল পোহপাল দিয়াৰ লগতে দায়িত্ব পালন কৰিছে মাতৃৰ ।

এতিয়া ওলাইছে ৰাইজক মাতৃত্বৰ চেনেহেৰে আদৰ-যত্ন কৰিবলৈ । আমবাগনৰ এগৰাকী চিৰা-মুড়ি বিক্ৰেতা মহিলা । স্থানীয় ৰাইজৰ মাজত জনপ্ৰিয় এই মহিলাগৰাকীক এইবাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৰূপে মনোনীত কৰিছিল আৰু ৰাইজৰ বিপুল সমৰ্থনো লাভ কৰিলে মহিলাগৰাকীয়ে । আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও বিজয় নিশ্চিত মহিলাগৰাকীৰ ।

নিৰ্বাচনৰ ফলাফলে কন্দুৱালে চিৰা-মুড়ি বিক্ৰী কৰা প্ৰাৰ্থীক (ETV Bharat)

ৰাইজৰ এনে সমৰ্থন লাভ কৰি আৱেগিক হৈ পৰিল চিৰা-মুড়ি বিক্ৰেতা মহিলাগৰাকী । মহিলাগৰাকী হৈছে কলিয়াবৰৰ আমবাগানৰ জ্যোৎস্না মণ্ডল । কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ ভোটগণনা কক্ষৰ বাহিৰত আনন্দৰ চকুলো বোৱালে চিৰা-মুড়ি বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা প্ৰাৰ্থীগৰাকীয়ে ।

ৰাইজৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনাই প্ৰাৰ্থীগৰাকীয়ে কয়, "চিৰা-মুড়ি বিক্ৰী কৰি আমি দুটা ল'ৰা-ছোৱালী পঢ়াই আছিলো...। ৰাইজে মোক ভোট দি জয়যুক্ত কৰিলে...। মই আটাইতকৈ বেছি ভোটত জিকিছো ।"

উল্লেখ্য যে কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত পুৱাৰে পৰা ভোটগণনা চলি আছে । সমজিলাৰ দ্বাৰ-বাগৰি, চতিয়াল-পূৱথৰীয়া, দ্বাৰ-শালনা আৰু আমবাগান জিলা পৰিষদৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড সদস্যৰ ভোটগণনা চলি আছে । লগতে দ্বাৰ-শালনা আৰু আমবাগান জিলা পৰিষদৰ ভোটগণনাও চলি আছে ।

ইয়াৰে দ্বাৰ-বাগৰি, চতিয়াল-পূৱথৰীয়া জিলা পৰিষদৰ দুগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । তদুপৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ আমাবাগান পঞ্চায়তটোত ৱাৰ্ড সদস্যৰ পদত আগবাঢ়ি আছে শিৱানী হালদাৰ, নীভা বৰ্মন, লিপি সৰকাৰ, মামন বৰ্মন, জ্যোৎস্না মণ্ডল । আনহাতে কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ ৭ ৱাৰ্ড সদস্যৰো জয়লাভ প্ৰায় নিশ্চিত হৈছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ আহ্বানক বৃদ্ধাংগুষ্ঠ ভৱেশ কলিতাৰ; বিজেপি নেতা-কৰ্মীক লৈ কাউণ্টিং হলত প্ৰৱেশ কলিতাৰ - PANCHAYAT ELECTION 2025