ETV Bharat / state

১৫ বছৰে কিয় বন্ধ হৈ আছিল কাজিৰঙাৰ পাণবাৰী ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি ।

KAZIRANGA NATIONAL PARK
পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 2:01 PM IST

4 Min Read
Choose ETV Bharat

কাজিৰঙা: তিনি শতাধিক প্ৰজাতিৰ চৰাইৰ কলৰৱত প্ৰতি পুৱাই মুখৰ হৈ পৰে কাজিৰঙাৰ পাণবাৰী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এইখন পাণবাৰী সংৰক্ষিত বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ পক্ষী ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্নজনে খাটনি ধৰে বন কৰ্তৃপক্ষক ৷ কিন্তু কাজিৰঙাৰ বন কৰ্তৃপক্ষই কাকো অনুমতি নিদিয়ে ৷ কি কাৰণে নিদিয়ে অনুমতি ।

কিয় বন্ধ হৈছিল পাণবাৰী ?

পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি (ETV Bharat Assam)

কাৰণ ১৫ বছৰ পূৰ্বে এই পাণবাৰীতে এগৰাকী বিদেশী পৰ্যটকৰ প্ৰাণ গৈছিল বনৰীয়া হাতীৰ গচকত ৷ তাৰ পাছৰ পৰাই বন্ধ হৈ আছিল কাজিৰঙাৰ পাণবাৰী ৷ অৱশ্যে কাজিৰঙা পৰ্যটনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবেই সোমবাৰৰ পৰা এক নতুন সংযোজন হিচাপে আৰম্ভ কৰা হৈছে পাণবাৰীৰ বাৰ্ড ছাফাৰী ৷ বন্তি প্ৰজ্বলনেৰে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰৰ হ’টস্পট কাজিৰঙাৰ পৰ্যটনত সংযোজন হ’ল এই নতুন অধ্যায়ৰ ৷ বিশেষকৈ পক্ষীৰ বাবে বিখ্যাত এই বনাঞ্চলত বাৰ্ড ছাফাৰী আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে-লগে কাজিৰঙাত বাৰমহীয়া পৰ্যটনৰ সম্ভাৱনা মুকলি হ’ল ৷

পাণবাৰী সংৰক্ষিত বনাঞ্চল বাৰ্ড ছাফাৰী :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু অগৰাতলি বনাঞ্চলৰ দক্ষিণে থকা এই পাণবাৰী সংৰক্ষিত বনাঞ্চল বাৰ্ড ছাফাৰীৰ বাবে মুকলি কৰাৰ পিছতে উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে, বাৰ্ড ছাফাৰীৰ বাবে পৰ্যটকে অনলাইন প্ৰি-বুকিং কৰিব লাগিব । সম্প্ৰতি এদিনত সৰ্বাধিক ৩ খন বন বিভাগৰ পঞ্জীয়নভুক্ত জিপছী আৰু ১২ জন ব্যক্তিৰ প্ৰৱেশৰ অনুমতি থকা বনাঞ্চলত প্ৰৱেশৰ সময় পুৱা ৬ বজাত আৰু প্ৰস্থানৰ সময় দিনৰ ১০ বজা ।

৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ মুকলি :

সেই অনুসৰি, প্ৰৱেশ পইণ্ট পাণবাৰী উপ-বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আৰু প্ৰস্থান পইণ্ট হ’ব মদাৰজুৰি ৷ এই বনাঞ্চলত ৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পৰ্যটকে ভ্ৰমণ কৰাৰ সুবিধা আছে। এই বনাঞ্চলত প্ৰবেশ কৰিলে লগত এজন বনকৰ্মী আৰু এজন কৈ স্থানীয় গাইড নিয়াটো বাধ্যতামূলক বুলি জানিবলৈ দি উদ্যান কৰ্তৃপক্ষই সদৰী কৰে যে ছাফাৰীৰ সময়ত জীপৰ ভিতৰত থকাটো বাধ্যতামূলক ৷ পৰ্যটকে কেৱল নিৰ্বাচিত স্থানত বাহনৰ পৰা নামিব পাৰিব ৷ বিবিধ দেশী-বিদেশী তথা ঘৰুৱা পৰিভ্ৰমী পক্ষীৰ বাসস্থান, বিচৰণথলী হিচাপে চিহ্নিত পাণবাৰী পুনৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে-লগে পৰ্যটন ক্ষেত্ৰখনলৈ ন-আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

কাজিৰঙা বন বিভাগৰ তৰুণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডলৰ দ্বায়িত্বত থকা বনবিষয়া চম্পক ডেকাই বন্তি প্ৰজ্বলন কৰে ৷ ইপিনে, উদ্যানৰ সহকাৰী বন সংৰক্ষক অলেক চাকচেনা, কহঁৰা বনাঞ্চলৰ বনবিষয়া বিভূতি ৰঞ্জন গগৈ, অগৰাতলী বনাঞ্চলৰ বনবিষয়া বিদ্যুৎ বিকাশ বৰা, বোকাখাত বনাঞ্চলৰ বনবিষয়া মনজিৎ সোণোৱালৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে আনুষ্ঠানিক ভাৱে পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে ।

উল্লেখ্য় যে বিশেষ ভাৱে পক্ষী নিৰীক্ষণ সংৰক্ষিত বনাঞ্চল হিচাপে খ্যাত পাণবাৰী সংৰক্ষিত বনাঞ্চলত বিশেষকৈ বিভিন্ন প্ৰকাৰৰ চৰাইৰ ফটোগ্ৰাফীৰ বাবে আটাইতকৈ সুবিধাজনক হ'ব । নতুনকৈ মুকলি কৰা পাণবাৰী সংৰক্ষিত বনাঞ্চলত প্ৰধানকৈ তিনিশবিধ বিভিন্ন প্ৰজাতিৰ চৰাই, টুপিমুৰীয়া বান্দৰ, হাতী, হৰিণৰ উপৰিও প্ৰথমবাৰৰ বাবে কাজিৰঙাত দেখা পোৱা ব্লু এণ্ড হোৱাইট ফ্লাইংকেটচাৰ, জাপানীজ ফ্লাইংকেটচাৰ আদি দেখাৰ সৌভাগ্য পৰ্যটকৰ হ’ব বুলি সঞ্চালকগৰাকীয়ে উল্লেখ কৰি কয়,"২০০৯ চনৰ পৰা বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ জীপ ছাফাৰী আজি মুকলি কৰা হয় প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব লৈকে । জৈৱ বৈচিত্ৰ্য আৰু জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৩খন জীপৰ সৈতে বাধ্যতামূলক ভাৱে চৰাই বিশেষজ্ঞ আৰু গাৰ্ডক লগত লৈ পৰ্যটক সকলে ভ্ৰমণ কৰিব লাগিব ।"

লগতে পঢ়ক:প্ৰতিমা নহয় জীৱন্ত গণেশক পূজা ! বছৰি আগভাগ লৈ আহিছে মাউত কাছেম আলীয়ে - KAZIRANGA ELEPHANT WORSHIP

চোৰাং চিকাৰী প্ৰতিৰোধৰ কৰিবলৈ কাজিৰঙাত স্নিফাৰ ডগৰ কুচকাৱাজ - SNIFFER DOG TRAINING