ঘটনা এইখন অসমৰেই; নাবালিকাক নিৰ্যাতন কৰি ওৰেটো জীৱন কাৰাগাৰৰ বাসিন্দা হ’ল এজন
পল্টনবজাৰ থানাৰ দুটাকৈ শিশু যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত আদালতৰ । এজনক যাৱজ্জীৱন কাৰাদণ্ডৰ বিপৰীতে আন এজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে

Published : July 12, 2025 at 4:42 PM IST
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ থানাৰ দুটাকৈ শিশু যৌন নিৰ্যাতনৰ পুৰণি গোচৰত শেহতীয়াকৈ আদালতে দোষী সাব্যস্ত কৰিছে । এই কথা শনিবাৰে সংবাদ মাধ্যমৰ আগত জনায় উপ আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে ।
তেওঁ সংবাদ মাধ্যমৰ আগত কয়, "মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য । যোৱা সপ্তাহত পল্টনবজাৰ থানাৰ পক্সো (POCSO) আইনৰ অধীনত ৰুজু হোৱা ৫১৯/২৩ আৰু ১০৫/২৪ নম্বৰৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰিছে । দুটা গোচৰতে আমাৰ তদন্তকাৰী বিষয়াসকলে ভালদৰে তদন্ত কৰা বাবে আৰু সময়মতে অভিযোগনামা দাখিল কৰাৰ বাবে এয়া সম্ভৱ হৈছে ।"
জয়ন্ত তালুকদাৰক যাৱজ্জীৱন কাৰাদণ্ড
নাবালিকা নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে । তেওঁ গুৱাহাটীৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক কৰিছিল যৌন নিৰ্যাতন । নাবালিকাগৰাকীৰ সম্পৰ্কীয় ব্যক্তি জয়ন্ত তালুকদাৰে কৰিছিল যৌন নিৰ্যাতন । নাবালিকাগৰাকীয়ে যৌন নিৰ্যাতন কথা অৱগত কৰিছিল এগৰাকী শিক্ষকক ।
শিক্ষকগৰাকীয়ে নাবালিকাগৰাকীৰ পৰিয়ালক অৱগত কৰিছিল সমগ্ৰ ঘটনা । ইয়াৰ পিছত নাবালিকাগৰাকীৰ পৰিয়ালে পল্টনবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ । এই এজাহাৰৰ ভিত্তিত 519/23 নম্বৰত গোচৰ ৰুজু কৰি পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জয়ন্ত তালুকদাৰক ।
আদালতে তথ্য-প্ৰমাণৰ ভিত্তিত যাৱজ্জীৱন কাৰাদণ্ড বিহে জয়ন্ত তালুকদাৰক । লগতে ১ লাখ টকা জৰিমনাও বিহে ।
চন্দন বৰাক ২০ বছৰৰ কাৰাদণ্ড
আনহাতে, কামৰূপ মহানগৰ জিলাৰ পক্সো আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত চন্দন বৰা নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহিছে । শিশু যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত চন্দন বৰাৰ বিৰুদ্ধে পল্টনবজাৰ থানাত ১০৫/২৪ নম্বৰত গোচৰ ৰুজু হৈছিল ।
এই গোচৰটোৰ ভিত্তিত আদালতে চন্দন বৰাক দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহে ।

