৪ বছৰৰ মূৰত পুৰণি অতিথিক আদৰিছে কাজিৰঙাই
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ।

By PTI
Published : October 4, 2025 at 11:54 PM IST
গুৱাহাটী : চাৰি বছৰৰ মূৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে পৰিভ্ৰমী পেইণ্টেড ষ্টৰ্ক বা মাইকটেৰিয়া লিউকোচেফালা । শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে ।
"কাজিৰঙাই ৪ বছৰৰ মূৰত পুৰণি অতিথিক আদৰিছে, যিয়ে নিশ্চিতকৈ আপোনাকো আনন্দিত কৰিব ৷ পৰিভ্ৰমী কাকৈঢোৰা (Painted Stork, বৈজ্ঞানিক নাম Mycteria leucocephala) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আকাশলৈ উভতি আহিছে ৷" সামাজিক মাধ্যম X ত মুখ্যমন্ত্ৰী শৰ্মাই কয় ।
Kaziranga welcomes an old guest after 4 years.
— Himanta Biswa Sarma (@himantabiswa) October 4, 2025
The elegant migratory Painted Storks (Mycteria leucocephala) have made a comeback to @kaziranga_ 's skies, soaring once again over our wetlands-A proof that nature heals when we protect it.
Another win for our conservation efforts. pic.twitter.com/82Qa0YgwUt
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিভ্ৰমী চৰাইটো ঘূৰি অহাটোৱে প্ৰমাণ কৰে যে প্ৰকৃতি সঠিকভাৱে সুৰক্ষিত হ’লে সুস্থ হৈ উঠে ।
তেওঁ আৰু কয় যে, “এয়া আমাৰ সংৰক্ষণ প্ৰচেষ্টাৰ আন এক জয় ।”
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল । কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গঁড় দেশী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ ।
১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল । ১৯৭৪ চনত কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে আৰু ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) 'বিশ্ব ঐতিহ্যক্ষেত্ৰ' (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰা হয় । ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) বুলি স্বীকৃতি দিছে ।
কাজিৰঙাত এশিঙীয়া গঁড়ৰ লগতে বাঘ, হাতী, নাহৰফুটুকী, ভালুককে ধৰি অসংখ্য স্তন্যপায়ী প্ৰাণী আৰু হাজাৰ হাজাৰ চৰাই-চিৰিকতিৰ বাসভূমি ।
লগতে পঢ়ক : বাণ ৰজাৰ ৰাজধানীত উচুপনি: অস্তিত্বৰ সংকটত ঊষা-অনিৰুদ্ধৰ মিলনথলী

