ETV Bharat / state

৮ ডিচেম্বৰত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ অসমবাসীলৈ আন এক অনন্য উপহাৰ

বয়ন শিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ অন্য এক চমক । তাঁতশালত বৈ উলিয়ালে ২৩০ ফুট দৈৰ্ঘৰ ইংৰাজী ভাষাত অনুদিত গুণমালা।

Padmashri Hemaprava Chutia weaves Gunamala in 230 feet in English
৮ ডিচেম্বৰত হেমপ্ৰভা চুতীয়াই দিব আন এক উপহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 3, 2024 at 1:15 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : ধৰ্মগ্ৰন্থ তাঁতৰ শালত বৰ্ণবস্ত্ৰ ৰূপ দি একপ্ৰকাৰৰ অসাধ্যকো সাধন কৰি তুলিছে মৰাণৰ হেমপ্ৰভা চুতীয়াই । অসম গৌৰৱ, পদ্মশ্ৰী বঁটাৰে সন্মানিত মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াৰ অন্য এক চমক । তাঁ‌তশালত পুনৰ বৈ উলিয়ালে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ ।

প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত বৈ উলিয়ালে গুণমালা ভাগ । প্ৰায় ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত সম্পূৰ্ণ এৰি সূতা আৰু বাঁ‌হৰ কাঠিৰে ধৰ্মীয় পুথি ভাগ তাঁ‌তশালত বৈ উলিয়াইছে শিপিনীগৰাকীয়ে । অহা ৮ ডিচেম্বৰত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰীশ্ৰীকালশিলা সত্ৰত এই বস্ত্ৰ ভাগ উন্মোচন কৰা হ'ব ।

৮ ডিচেম্বৰত হেমপ্ৰভা চুতীয়াই দিব আন এক উপহাৰ (ETV Bharat Assam)

শিপিনী হেমপ্ৰভা চুতীয়াই ধৰ্মীয় বস্ত্ৰ ভাগ বোৱাৰ ক্ষেত্ৰত বাঁহৰ কাঠিকে ধৰি সকলো সামগ্ৰী নিজেই প্ৰস্তুত কৰি লৈছিল । বস্ত্ৰভাগিৰ দীঘ এৰি সূতা আৰু বাণী বৈছে বাঁহৰ কাঠিৰে । ২০২২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে এই গুণমালা তাঁ‌তশালত ববলৈ আৰম্ভ কৰি ২০২৪ ৰ ১ ডিচেম্বৰ নিশা ১০:১৪ বজাত শেষ কৰা বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে ।

নিজৰ অনন্য সৃষ্টিৰাজীৰে এক সুকীয়া পৰিচয়ৰ অধিকাৰী হেমপ্ৰভা চুতীয়া

উল্লেখযোগ্য যে, হেমপ্ৰভা চুতীয়াই প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাগৱত গীতা’’ সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাৱত গীতা’’ ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল ।

হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজীৰ বাবে অসম চৰকাৰে ২০২২ বৰ্ষত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাৰ লগতে যোৱা বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল হেমপ্ৰভা চুতীয়াক ।

তাঁ‌তশালত ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত গুণমালাবৈ উলিওৱাক লৈ কি কয় হেমপ্ৰভা চুতীয়াই :

বয়ন শিল্পীগৰাকীয়ে কয়, "এয়া এক সাধনা । যি কাম আৰম্ভ কৰো শেষ কৰিব পাৰিম নে নাই সেই কথা চিন্তা কৰি থাকো সদায় । প্ৰায় ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো । ইয়াত দীঘ এৰি সূতা আৰু বাণী বাঁহৰ কাঠিৰে বোৱা হৈছে ।’’

‘‘গুণমালাৰ ৬ টা অধ্যায় আছে ইয়াৰ ৪ টা অধ্যায় বাঁহৰ কাঠিৰে আৰু ২ টা অধ্যায় এৰি সূতাৰে বোৱা হৈছে । ইয়াত প্ৰযোজ্য হোৱা বাঁহৰ কাঠিৰ কাৰণে বাঁহ ডাল কাটি প্ৰথমে পানী গুৰাই দিছো ইয়াৰ পাছতে কাঠি কৰি ধোঁৱা চাঙত দিছো । ইয়াৰ পাছতে কাঠিসমূহ কেৰাচিন, হালধী, কলাচাধা, মহানিমৰ পাত আদিৰ দ্বাৰা প্ৰস্তুত কৰি তেল লগাই তাঁতশালত ব্যৱহাৰ কৰিছিলো । ৰাইজৰ বাবে অহা ৮ ডিচেম্বৰত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰীশ্ৰীকালশিলা সত্ৰত এই বস্ত্ৰ ভাগ উন্মোচন কৰা হ'ব ।" শিল্পীগৰাকীয়ে কয় ৷

লগতে পঢ়ক: হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন - National Handloom Day

গুৰুতৰভাৱে অসুস্থ প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়া - PADMASHRI Hemoprabha Chutia