ETV Bharat / state

২ বছৰ ৯ মাহৰ অন্তত উন্মোচন তাঁতশালত ইংৰাজীত বৈ উলিওৱা ২৩০ফুট দৈৰ্ঘৰ গুণমালা

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তাঁ‌তশালত বৈ উলিয়ালে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ ৷ মৰাণৰ শ্ৰীশ্ৰীকালশিলা সত্ৰত বৰ্ণবস্ত্ৰ ৰূপত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ৷

Gunamala in English
২৩০ফুট দৈৰ্ঘৰ গুণমালা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2024 at 11:14 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ধৰ্মগ্ৰন্থক তাঁতৰ শালত বৰ্ণবস্ত্ৰ ৰূপ দি একপ্ৰকাৰৰ অসাধ্যকো সাধন কৰি তুলিছে মৰাণৰ হেমপ্ৰভা চুতীয়াই । অসম গৌৰৱ, পদ্মশ্ৰী বঁটাৰে সন্মানিত মৰাণৰ কাজী শিপিনী হেমপ্ৰভা চুতীয়াৰ অন্য এক চমক । তাঁতশালত পুনৰ বৈ উলিয়ালে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ ।

প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত বৈ উলিয়ালে গুণমালাভাগ । প্ৰায় ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত সম্পূৰ্ণ এৰি সূতা আৰু বাঁ‌হৰ কাঠিৰে তাঁতশালত বৈ উলিওৱা বৰ্ণবস্ত্ৰ ৰূপত গুণমালা দেওবাৰে ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তাঁ‌তশালত বৈ উলিয়ালে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ (ETV Bharat Assam)

দেওবাৰে মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰীশ্ৰীকালশিলা সত্ৰত এই বস্ত্ৰভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । শ্ৰীশ্ৰীকালশিলা সত্ৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বৰ্ণবস্ত্ৰ ৰূপত গুণমাল উন্মোচন কৰা হয় । বৰ্ণবস্ত্ৰ ৰূপত এতিয়াৰে পৰা গুণমালা ৰাইজে চাব পাৰিব বুলি জানিবলৈ দিয়ে শিপিনী হেমপ্ৰভা চুতীয়াই ।

Gunamala in english
২৩০ফুট দৈৰ্ঘৰ গুণমালা (ETV Bharat Assam)

জানিব পৰা অনুসৰি, তাঁতশালত ইংৰাজীত বৈ উলিওৱা ২৩০ ফুট দৈৰ্ঘৰ বৰ্ণবস্ত্ৰ ৰূপত গুণমালাৰ দীঘ এৰি সূতা আৰু বাণী বাঁ‌হৰ কাঠিৰে বোৱা হৈছে । গুণমালাৰ ৬ অধ্যায় আছে, ইয়াৰ ৪টা অধ্যায় বাঁহৰ কাঠিৰে আৰু ২ টা অধ্যায় এৰি সূতাৰে বোৱা হৈছে ।

২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত এই গুণমালা তাঁ‌তশালত ববলৈ আৰম্ভ কৰি ২০২৪ ৰ ১ ডিচেম্বৰৰ নিশা অৰ্থাৎ প্ৰায় ২ বছৰ ৯ মাহৰ চেষ্টাৰ অন্তত বৈ সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিছে শিল্পীগৰাকীয়ে ।

নামঘোষা, শ্ৰীমদ্ভাগৱত গীতা পূৰ্বে তাঁতশালত বৈ উলিয়াইছিল হেমপ্ৰভা চুতীয়াই :

হেমপ্ৰভা চুতীয়াই প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাগৱত গীতা’’ সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাগৱত গীতা’’ ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল ।

Gunamala in english
পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তাঁ‌তশালত বৈ উলিয়ালে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ (ETV Bharat Assam)

এই সৃষ্টিৰাজিৰ বাবে অসম চৰকাৰে 2022 বৰ্ষত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাৰ লগতে যোৱা বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল হেমপ্ৰভা চুতীয়াক ।

লগতে পঢ়ক : Padmashri awardee Hemaprava Chutia: হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা-শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়
  • কাজী শিপিনী হেমপ্ৰভা চুতীয়াক অনুসৰণ কৰিবলৈ নতুন প্ৰজন্মক আহ্বান মন্ত্ৰী বিমল বড়াৰ :

প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত বৈ উলিওৱা গুণমালাভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়, ‘‘পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই বস্ত্ৰশিল্পীক বিশ্বৰ বজাৰলৈ উলিয়াই নিয়াত গুৰিব'ঠা ধৰিছে । বাইদেউক অনুকৰণ কৰি নতুন প্ৰজন্মই বস্ত্ৰশিল্পক আগুৱাই নিয়াৰ প্ৰয়োজন আছে । যাতে আমাৰ যি পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ আছে এইসমূহে বিশ্ব বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।’’

নামঘোষা ইংৰাজী আৰু হিন্দীত তাঁতশালত বৈ উলিওৱাৰ পৰিকল্পনা হেমপ্ৰভা চুতীয়াৰ :

পদ্মশ্ৰী কাজী শিপিনী হেমপ্ৰভা চুতীয়াই কয়, ‘‘আজিৰ দিনটো আমাৰ জীৱনৰ বাবে উল্লেখযোগ্য দিন হৈ ৰ'ব । কিবা এটা আৰম্ভ কৰিলে শেষ কৰিব পাৰিলে ভাল লাগে । আজি মই শেষ কৰিব পাৰিছো, ভাল লাগিছে । ইয়াৰ পাছত নামঘোষা ইংৰাজী আৰু হিন্দীত তাঁতশালত বৈ উলিওৱাৰ পৰিকল্পনা কৰা হৈছে ।’’

লগতে পঢ়ক : হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন - National Handloom Day

লগতে পঢ়ক : Weaver Hemprabha Chutia : মৰাণত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি