ৰঙা জিঞাৰ কবিক জন্ম শতবৰ্ষত স্মৰণ নগাঁৱত - Mahim Bora birth centenary
Padma Shri Mahim Bora: নগাঁৱত কাঠনিবাৰী ঘাটৰ স্ৰষ্টাক স্মৰণ অসম সাহিত্য সভাৰ । নগাঁৱত ৰঙা জিঞাৰ কবি পদ্মশ্ৰী মহিম বৰাৰ জন্ম শতবর্ষ উদযাপন । সাহিত্যিক মহিম বৰাৰ আদৰ্শ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ পোষকতা অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ ।

Published : July 7, 2024 at 8:08 AM IST
নগাঁও,৭ জুলাই: অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা অন্যতম সাহিত্যিক তথা কাঠনিবাৰীৰ ঘাটৰ স্রষ্টা, ৰঙা জিঞাৰ কবি, সাহিত্য অকাডেমি বঁটাৰে বিভূষিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্রী মহিম বৰাৰ জন্ম শতবর্ষ উদযাপন । প্ৰয়াত সাহিত্যিক মহিম বৰাৰ জন্ম শতবর্ষটি শনিবাৰে উদযাপন কৰা হয় নগাঁৱত । প্ৰয়াত বিশিষ্ট সাহিত্যিক মহিম বৰাৰ জন্ম শতবৰ্ষ উপলক্ষ্যে শনিবাৰে নগাঁও জিলা সাহিত্য সভাই জিলাৰ মুখ্য কাৰ্যালয় কমলাদেৱী তোদী স্মৃতি ভৱনত এখনি আলোচনা চক্ৰও অনুষ্ঠিত হয় ।
নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰখন উদ্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই পদ্মশ্ৰী মহিম বৰাৰ আদৰ্শ নৱপ্ৰজন্মৰ মাজত বিস্তৃতভাৱ্ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে বুলি উল্লেখ কৰে ৷ তেওঁ কয়, "মহিম বৰাই ৰচনা কৰাবোৰ অকল গ্ৰন্থ হৈ থকা নাই, ই দলিল স্বৰূপ ।" তেখেতে লেখাত সমাজৰ প্ৰতিটো তথ্য যোগান ধৰিছিল বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয়, "মহিম বৰাই ৰচনা কৰা প্ৰতিটো বিষয়ৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন । ইতিমধ্যে গল্পৰ ওপৰত গৱেষণা হৈছে ।"
উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী মহিম বৰাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে মহিম বৰা গল্পৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই কয়, "মহিম বৰাৰ গল্পত আমাৰ সমাজখন অতি ভালকৈ দেখা পাওঁ । তেওঁৰ গল্পত প্ৰত্যেকজন ব্যক্তিয়ে নিজক দেখা পাই । তেওঁৰ গল্পত থকা ব্যঞ্জনাই বিশেষ বাৰ্তা কঢ়িয়াই আহে ।"
ৰঙা জিঞাৰ কবিগৰাকীৰ জন্ম শতবর্ষ অনুষ্ঠানৰ প্ৰাৰম্ভতে সাহিত্যিকগৰাকীৰ পুত্রবধূদ্বয় দীপশিখা হাজৰিকা বৰা আৰু নবনীতা শইকীয়া বৰাই বন্তি প্রজ্বলন কৰাৰ লগতে মহিম বৰাৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধিয়ে । নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সম্পাদক প্ৰতাপ হাজৰিকা, সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য পৰাণ কুমাৰ বৰুৱা, ৰতিমোহন নাথ, জিলাৰ উপ সভাপতি উপেন বৰা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ শৰৎ বৰকটকী, অধ্যাপক মোহিনী মোহন ডেকাকে প্ৰমুখ্য কৰি নগাঁও জিলা সাহিত্য সভাৰ কেইবাগৰাকী বিষয়-ববীয়া আৰু মহিম বৰাৰ পৰিয়ালৰ সদস্য উপস্থিত থাকে ।
ইপিনে, নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভায়ো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা শিল্পী মহিম বৰাৰ ১০০ সংখ্যক জন্মদিৱস উদযাপন কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাই সঞ্চালনা কৰা অনুষ্ঠানত কাঠনিবাৰীৰ ঘাটৰ স্ৰষ্টা মহিম বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সভাপতি অমৰজিৎ গোস্বামীয়ে ।
মাল্যাৰ্পণ কৰে মনোবিজ্ঞানী আৰাধনা বৰুৱাই । পুষ্পাঞ্জলি তৰ্পণ কৰে বিদ্যাপীঠৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে । অধ্যক্ষ ৰাজখোৱাই বৰেণ্য সাহিত্যিকগৰাকীৰ বৰ্ণময় জীৱনকৰ্ম আলোকপাত কৰি কয় যে মহিম বৰা অসমৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি । ৰঙাজিঞা, কাঠনিবাৰীৰ ঘাট আদি সৃষ্টিৰ মাজেদি নগাঁৱৰ সমাজজীৱনৰ বটবৃক্ষগৰাকী চিৰকাল জীয়াই থাকিব যদিও 2016 চনত উকা হৈ পৰা কলংপাৰ আজিও উকা হৈ আছে ।

