ETV Bharat / state

গৰুখুটিত কোনো লুকাই-চুৰকৈ কাম হোৱা নাই: পদ্ম হাজৰিকা

আৰ টি আইৰ তথ্য লৈ কোনে বিভ্ৰান্ত কৰে সংবাদ মাধ্যমক ? কি ক'লে প্ৰকল্পটোৰ অধ্যক্ষই ।

Padma Hazarika on Gorukhuti Agricultural Project
গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 1:44 PM IST

4 Min Read
Choose ETV Bharat

মঙলদৈ: বিগত কিছুদিন ধৰি গীৰ গাই প্ৰসংগই উত্তাল কৰি আছে ৰাজ্য় । এনে প্ৰসংগত প্ৰশ্ন সোধা বাবে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকক দুৰ্ব্য়ৱহাৰ কৰাৰ পিছতেই গীৰ গাইৰ সৈতে সমানেই চৰ্চা হৈছে গৰুখুটি কৃষি প্ৰকল্পৰো । এনে চৰ্চাৰ মাজতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুটি প্ৰকল্পৰ লাভালাভ তথা গীৰ গাই সম্পৰ্কে কিছু তথ্য় আগবঢ়াই চৰকাৰৰ হৈ চাফাই গালে প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই ।

গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কালি সংবাদমেল অনুষ্ঠিত কৰি কয়, "গৰুখুটি এখন খোলা কিতাপ, সকলো ইয়াৰ মানুহক লৈ হৈছে । ইয়াত কোনো লুকাই-চুৰকৈ কাম হোৱা নাই । প্ৰকল্পৰ গোশালাক লৈ এজন আৰ টি আই কৰ্মীয়ে অপ্ৰচাৰ চলাই আছে । গোশালা নিৰ্মাণত ৬৯ লাখ টকা খৰচ হৈছিল; কিন্তু কৈ আছে গোহালি নিৰ্মাণত ২ কোটি ৪০ লাখ টকা খৰচ হৈছে বুলি । এটা বিষয়ক লৈ চাৰিবাৰ আৰ টি আই কৰিছে । তেওঁ আৰ টি আইৰ তথ্য লৈ বিভ্ৰান্ত কৰে সংবাদ মাধ্যমক । এই বিষয়ে আমি মুখ্য আয়ুক্তক অভিযোগ কৰিছো । শীঘ্ৰেই আৰ টি আই কৰ্মীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিম ।"

গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা (ETV Bharat Assam)

দৈনিক ডেৰশ লিটাৰ গাখীৰ উৎপাদন:

বৰ্তমান গৰুখুটি প্ৰকল্প বহুত সংগ্ৰামেৰে বেদখলমুক্ত কৰা বুলি উল্লেখ কৰি অধ্য়ক্ষগৰাকীয়ে পুনৰ কয়, "অসমীয়াৰ স্বাভিমান গৰুখুটি প্ৰকল্পক লৈ কোনো ৰাজনীতি নকৰিব । ২০২১ চনৰ ২১ জুলাইত আৰম্ভ হোৱা গৰুখুটি প্ৰকল্পত বৰ্তমানো ২১জনী গীৰ গাই আছে । তিনি শতাধিক কৃষি সৈনিক আছে । প্ৰকল্পটোৰ পৰা বৰ্তমান দৈনিক ডেৰশ লিটাৰ গাখীৰ উৎপাদন হয় । ৭৮০০ বিঘা ভূমিত কৃষি প্ৰকল্প চলি আছে গৰুখুটিত । ২০২১ চনৰ ২৫ নৱেম্বৰত ৯৮ জনী আহিছিল, কৃষি বিভাগে যোগান ধৰিছিল । ২০২২ চনৰ ১৮ জানুৱাৰী ২৪ জনী গাই আৰু এটা বলধ গৰু এপাৰ্টৰ জৰিয়তে ক্ৰয় কৰিছিল । ইয়াৰ পিছতে ৩০০ গীৰ গাই অনা হৈছিল । ইয়াৰ ভিতৰত ২১০ জনী গৰুখুটিলৈ অনা হৈছিল আৰু ৯০ জনী বিভিন্ন ৰাজনৈতিক, ব্যৱসায়িক ব্যক্তিয়ে লৈ গৈছিল; কিন্তু ইয়াৰে ৫৬ জনীৰ মৃত্যু হয় আৰু ১৫৪ জনী NDDB এ ঘূৰাই নিয়ে । তাৰ বাবদ এটকাও প্ৰকল্পই খৰচ কৰা নাই ।"

তেওঁ কয়, "ইয়াৰে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই দুজনী আৰু বিধায়ক দিগন্ত কলিতাই দুজনী গৰু ঘূৰাই দিয়ে প্ৰকল্পক । এতিয়ালৈকে আগৰ অনা ১২৩ জনী গৰুৰ লগতে ঘূৰাই দিয়া ৪ জনী গৰু আৰু মুঠ ১২৭ টা পোৱালিসহ ২১০জনী গৰু আছে ।" গৰুখুটি প্ৰকল্পৰ লাভ সন্দৰ্ভত তেওঁ কয়, "গৰুখুটি প্ৰকল্পৰ '২১-'২২ বৰ্ষত উপাৰ্জন ১ কোটি ১৮ লাখ, '২২-'২৩ ত উপাৰ্জন ২ কোটি ৩ লাখ, '২৩-'২৪ ত উপাৰ্জন ৩ কোটি ২৬ লাখ, '২৪-'২৫ ত ৪ কোটি ৮৫ লাখ টকা উপাৰ্জন হৈছে ।"

তলৰ-ওপৰৰ শ্ৰেণী বুলি কোনো কথা নাই :

ইপিনে সাংবাদিকক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰা দুৰ্ব্য়ৱহাৰ সন্দৰ্ভত পদ্ম হাজৰিকাই কয়, "এনে ধৰণৰ কথা কোৱাটো উচিত নহয় । আমাৰ সাংবাদিকসকলৰ প্ৰতি সন্মান আছে ৷ মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিৰ বক্তব্যত প্ৰতিফলিত হৈছে । মোৰ অনুভৱটো হ'ল- তলৰ-ওপৰৰ শ্ৰেণী বুলি কোনো কথা নাই । আমি সকলো শ্ৰেণীৰ মানুহক সন্মান,মৰ্যাদা দিয়াটো উচিত । সকলোৰে সন্মান আছে, সকলোতে বেয়া মানুহ আছে, তাৰ মাজতে সকলোৱে সন্মান ৰক্ষা কৰি চলা উচিত । আমি সামাজিক, ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা কৰিবলৈ প্ৰত্যেকে চেষ্টা কৰা উচিত ।"

লগতে পঢ়ক:যদি গৰুখুটিত প্ৰকৃততে গৰুৰ মৃত্যু হৈছিল কিয় চৰকাৰীভাৱে লিপিবদ্ধ নহ'ল ? উপমন্যু হাজৰিকাই উভতি ধৰিলে চৰকাৰক - GARUKHUTI PROJECT

বিধায়কে গৰু কিনাটো ভালহে কথা: গৰুখুঁটিৰ গীৰ গাই প্ৰসংগত মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY