মাছে নিয়ন্ত্ৰণ কৰিব মহৰ বংশবৃদ্ধি, স্বাস্থ্য বিভাগৰ তৎপৰতাত গ্ৰহণ পদক্ষেপ
বৰ্ধিত মহৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বঙাইগাঁৱৰ নলা-নৰ্দমাত এৰি দিয়া হয় এবিধ বিশেষ আলংকৰিক মাছ ৷

Published : June 18, 2025 at 2:40 PM IST
বঙাইগাঁও : বাৰিষাৰ আগমনৰ লগে লগে ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰে মহৰ বংশ । উৎকট গৰমৰ সমানে সমানে এই সময়ছোৱাত দেখা দিয়া মহৰ উপদ্ৰৱে কঢ়িয়াই আনে বিভিন্ন বেমাৰৰ বীজাণু ৷ যাৰ বাবে গৰমৰ দিনকেইটাত জাপানীজ এনকেফেলাইটিজ, মেলেৰীয়া আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বহু পৰিমাণে বাঢ়ে ৷
মহৰ উপদ্ৰৱ নিয়ন্ত্ৰণ আৰু ইহঁতৰ বংশবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ হিচাপে পৰিচিত হৈছে এবিধ বিশেষ মাছ ৷ অসমীয়া সমাজ জীৱনত সততে পোৱা থলুৱা মাছৰ কথা আমি কোৱা নাই ৷ মহৰ বংশবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত উপযোগী হিচাপে চিহ্নিত হোৱা আলংকৰিক মাছবিধ হৈছে গাপী মাছ ৷
বৰ্ধিত মহৰ সংখ্যা হ্ৰাস কৰিবলৈ বঙাইগাঁৱত মঙলবাৰে এৰি দিয়া হয় এইবিধ আলংকৰিক মাছ ৷
কি এই গাপী মাছ (GUPPY FISH) ?
গাপী মাছ মূলতঃ এবিধ আলংকাৰিক মাছ ৷ সাধাৰণতে এইবিধ মাছক একুৱাৰিয়ামত ৰখা হয় যদিও এই বিশেষ প্ৰজাতিৰ মাছবিধৰ প্ৰিয় খাদ্য হৈছে মহৰ পলু ৷ এটি গাপী মাছে ২৪ ঘণ্টাত ২০ ৰ পৰা ৮০ টালৈকে মহৰ পলু খাদ্য হিচাপে গ্ৰহণ কৰে । গাপী মাছ অথবা মহভক্ষী মাছৰ বংশবৃদ্ধিৰ ক্ষমতাও অইন সাধাৰণ মাছতকৈ বহু পৰিমাণে বেছি ৷

কিহৰ বাবে প্ৰয়োজন গাপী মাছৰ ?
এনোফিলিছ, এডিছ ইজিপ্তাই, কিউলেক্স ইত্যাদি মহে অসমৰ প্ৰাকৃতিক ভাৰসাম্যৰ সৈতে খাপ খাই বাৰিষা সময়ত বহু পৰিমাণে বংশ বৃদ্ধি কৰাৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে ৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহৰ কামোৰৰ বাবে ডেংগু, জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আদিৰ দৰে ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ তাৰ মাজতে দুই-এজন লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে ৷
আচলতে বাৰিষাৰ সময়ছোৱাত খাল, ডোং আৰু নলাবোৰত জমা হৈ থকা পানীত মহে কণী পাৰি পোৱালি জগায় ৷ তাৰ বাবেই বঙাইগাঁৱত লোৱা হৈছে এক উল্লেখনীয় পদক্ষেপ ৷ মহৰ উৎপাতৰ পৰা হাত সাৰিবলৈ জিলাখনৰ নলাবোৰত এৰি দিয়া হৈছে এই আলংকৰিক গাপী মাছ ৷

বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ তৎপৰতাত এই পদক্ষেপ গ্ৰহণ
চহৰখনৰ মাজমজিয়াত থকা বিভিন্ন খাল আৰু নলাত সহকাৰী আয়ুক্ত গোলাম সাৰোৱাৰ হুছেইনৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ কৰ্মীসকলে এৰি দিয়ে এই মহভক্ষী গাপী মাছবোৰ ৷

এই সন্দৰ্ভত বঙাইগাঁৱৰ সহকাৰী আয়ুক্ত গোলাম সাৰোৱাৰ হুছেইনে কয়, ‘‘বাৰিষাৰ কালছোৱা আমাৰ অসমত মহৰ বংশবৃদ্ধিৰ সময় ৷ এই মহে কামোৰাৰ ফলতেই জাপানীজ এনকেফেলাইটিছ, ডেংগু, মেলেৰিয়া ইত্যাদি ৰোগ বৃদ্ধি পায় । ৰাজ্য চৰকাৰে এই মহৰ বংশবৃদ্ধি ৰোধ কৰাৰ বাবেই যোগান ধৰা এই বিশেষ মাছবিধ আজি বঙাইগাঁৱৰ খাল, নলা ইত্যাদিত এৰি দিয়া হয় ৷ ইয়াৰ জৰিয়তে মহৰ উপদ্ৰৱ কিছু হ্ৰাস পাব বুলি আশা কৰিব পাৰি ৷’’
লগতে পঢ়ক: নোহোৱা হ’ল ঘোঁৰাগাড়ী; গৰাকীবিহীন ঘোঁৰাই অনাই-বনাই চৰিছে জোনাইৰ চিমেন চাপৰিত

