কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদকক গ্ৰেপ্তাৰ
চাহ বাগিচাৰ মালিকৰ পৰা ২০ লাখ টকা দাবী কৰাৰ ফোন ৰেকৰ্ডিং ভাইৰেল ।

Published : May 21, 2025 at 11:10 AM IST
তিনিচুকীয়া: অৱশেষত ২০ লাখ টকা দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল সততে তিনিচুকীয়া জিলাত বিভিন্ন আন্দোলন-প্ৰতিবাদ আদিৰ নেতৃত্ব দি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণ ৷
তিনিচুকীয়া জিলাৰ পেঙেৰীৰ তৰাণি গাঁৱৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণক মঙলবাৰে পেঙেৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতেই তিনিচুকীয়া সদৰ থানালৈ আনি দুগৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াই মাৰাথন জেৰা চলায় । পৰৱৰ্তী সময়ত ধৃত উমানন্দ মুদৈ মৰাণক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । তালাপৰ চাহ ব্যৱসায়ী দীনদয়াল বাৰ্মাই ডুমডুমা আৰক্ষী থানাত ধন দাবী কৰাৰ অভিযোগত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ কৰা হয় ৷
তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা দিয়া তথ্য অনুসৰি উমানন্দ মুদৈ মৰাণৰ বিৰুদ্ধে ডুমডুমা আৰক্ষী থানাত গোচৰ নং 85/25 পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ u/s 351(3)/308(4)/308(5)/196(1)(a) BNS ধাৰা সন্নিবিষ্ট কৰিছে ৷ উল্লেখ্য় যে ৭ মে’ত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত এখন সংবাদমেল সম্বোধন কৰি উমানন্দ মুদৈ মৰাণৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰি তালাপৰ চাহ ব্যৱসায়ী দীনদয়াল বাৰ্মাক ২০ লাখ টকা দাবী কৰাৰ তিনিটাকৈ অডিঅ’ ৰেকৰ্ডিং মুকলি কৰি দিছিল ৷

এই সন্দৰ্ভত ধৃত উমানন্দ মুদৈ মৰাণে কয়, "মোক এতিয়ালৈকে জনোৱা হোৱা নাই। কালি ৰাতি আৰক্ষীয়ে মোক ফোন কৰি সুধিছিল শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আন্দোলন হ'ব নেকি বুলি । মৃগাংক অসমৰ কথা বাৰে বাৰে সুধি আছিল ।"
ব্যৱসায়ী আৰু উমানন্দ মুদৈ মৰাণৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতেই চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ অডিঅ’ ৰেকৰ্ডিং অনুসৰি ব্যৱসায়ীগৰাকীৰ চাহ বাগিচাত একাংশ বানাক্ৰান্ত লোকক সংস্থাপনৰ নামত আন্দোলন নকৰিবলৈ প্ৰথমে ২০ লাখ টকা দাবী কৰিছিল যদিও পাছত দৰদাম কৰে দুয়োপক্ষই ৷ লগতে অবৈধ কয়লাখনিত নিহত প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সময়তো বহু ধন ঘটাৰ সুবিধা পাইছিল যদিও নিজৰ পৰিচয় বনাবৰ বাবে সেয়া নল'লে বুলি উমানন্দই উক্ত কথোপকথনটোত উল্লেখ কৰিছিল ৷

সমান্তৰালভাৱে টিংৰাই বজাৰত এগৰাকী বিজেপিৰ কৰ্মীক আঠুকঢ়াই, কাণত ধৰাই মুণ্ডন কৰাৰ ঘটনাৰ আঁৰতো উমানন্দ মুদৈ মৰাণ থকাৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে । চৰ্চা অনুসৰি ধন দাবী কৰা অডিঅ’ ৰেকৰ্ডিং প্ৰায় ডেৰ বছৰৰো পূৰ্বৰ ৷ ইফালে, উমানন্দ মুদৈ মৰাণক আটক কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা উমানন্দ মুদৈ মৰাণক ১১ মে’ত অব্যাহতি দিয়া বুলি এখন পত্ৰ ৰাজহুৱা কৰিছে সংগঠনটোৱে ।
উমানন্দ মুদৈ মৰাণৰ বিৰুদ্ধে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে অডিঅ’ ৰেকৰ্ডিংসহ সংবাদমেল দিয়াৰ পাছতো কিন্তু সংগঠনটোৱে নীৰৱ ভূমিকা গ্ৰহণ কৰিছিল । তাৰ বিপৰীতে কালি গ্ৰেপ্তাৰ হোৱাৰ পিছত সংগঠনটোৱে ১১ মে’ত অব্যাহতি দিয়া বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱাল স্বাক্ষৰিত এখন অব্যাহতি পত্ৰ ৰাজহুৱা কৰি নিজৰ দায়িত্ব সামৰে ।

