ETV Bharat / state

খিলঞ্জীয়াৰ সুৰক্ষা-স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ২১টা সংগঠনৰ গৰ্জন - protest against smart mete

Protest in Charaideo : খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ লগতে স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত উত্তাল হৈ আছে উজনি অসম । গণ সমাৱেশত সকীয়ালে চৰকাৰক । ঘেৰাও কৰিলে বিদ্যৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ।

Protest in Charaideo
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ সমাৱেশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 17, 2024 at 7:31 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ, ১৭ ছেপ্টেম্বৰ : ঐতিহাসিক চৰাইদেউৰ সোণাৰিত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে একত্ৰিত হ'ল ২১ টা দল-সংগঠন । সোমবাৰে ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত খিলঞ্জীয়াৰ সুৰক্ষা আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আয়োজিত গণ সমাৱেশত এই দল-সংগঠন কেইটাই দিলে হুংকাৰ ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ সমাৱেশ (ETV Bharat Assam)

২১ টা দল-সংগঠনে ঐক্যবদ্ধ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই সমাৱেশত উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে শিৱসাগৰৰ লগতে উজনি অসমৰ বহুকেইটা স্থানত অসমীয়া আৰু অনা অসমীয়া লোকৰ মাজত আৰম্ভ হোৱা সংঘাতৰ পাছতে যেন উজনি অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী উত্থাপিত হৈছে ।

উজনি অসমত খিলঞ্জীয়াৰ সুৰক্ষা বিষয়টোক লৈ তৎপৰ হৈছে জাতি জনগোষ্ঠীয় দল-সংগঠনসমূহ । সেয়ে সোমবাৰে ঐতিহাসিক চৰাইদেউত খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ২১ টাকৈ জাতি -জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ গণ সমাৱেশ অনুষ্ঠিত কৰিলে ।

সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, অসম ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,সোণোৱাল কছাৰী ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,আহোম সভা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসমীয়া যুৱ মঞ্চকে ধৰি জাতি- জনগোষ্ঠীয় ২১ টা সংগঠনে এই গণ সমাৱেশ অনুষ্ঠিত কৰাৰ পাছতেই স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ।

  • ঘেৰাও কৰিলে বিদ্যৎ উপ-সংমণ্ডলৰ কাৰ্যালয়

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ২১ সংগঠনে বিশাল পদযাত্ৰা কৰি ঘেৰাও কৰিলে চৰাইদেউ জিলাৰ বিদ্যৎ উপ-সংমণ্ডলৰ কাৰ্যালয় । চৰাইদেউ জিলাৰ সদৰ সোণাৰিত তিনি কিলোমিটাৰ পথ পদযাত্ৰা কৰি বাণফেৰা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে । এই বিশাল প্ৰতিবাদৰ জৰিয়তে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনালে ঐক্যবদ্ধ ঐক্য মঞ্চই ।

  • ৰাজ্যত মিঞাৰ আগ্ৰাসন চলিছে

গণ সমাৱেশত অংশ লৈ টাইপাৰ সভাপতি বিজয ৰাজকোঁৱৰে কয়, "কিছু দিন পূৰ্বে শিৱসাগৰত যি অনা অসমীয়া লোকে খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিছে তাৰ পাচতে দল-সংগঠন সমূহ একত্ৰিত হৈছে । চৰাইদেউত তাৰে প্ৰতিফলন ঘটিছে । চৰাইদেউত এই গণ সমাৱেশ অনুষ্ঠিত কৰি আমি জনাই দিব বিচাৰিছো অসমত খিলঞ্জীয়াৰ দপদপনি চলিব, অসমত অসমীয়াৰ দপদপনি চলিব ।"

তেওঁ পুনৰ কয়, "ইয়াত হিন্দিভাসীৰ দপদপনি চলিবলৈ দিয়া নহ'ব । এতিয়া ৰাজ্যত মিঞাৰ আগ্ৰাসন চলিছে । সোণাপুৰত আৰক্ষীক আক্ৰমণ কৰিছে । উজনি অসমত মিঞাক নিষিদ্ধ কৰা হৈছে । উজনি অসমত মিঞা সকলক প্ৰৱেশত কৰিবলৈ দিয়া নহ'ব ।"

লগতে ৰাইজৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ এই সভাৰ পৰাই দাবী জনালে টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয ৰাজকোঁৱৰে ।

লগতে পঢ়ক:স্মার্ট মিটাৰ বন্ধ কৰাৰ দাবীত আটছাৰ ধৰ্ণা - protest against smart meter

পূৰ্বৰ মিটাৰ সংযোগৰ দাবীৰে চৰকাৰক সকীয়নি আটছাৰ - protest against smart meter