ETV Bharat / state

২৪ ঘন্টাত স্বাভাৱিকতকৈ পাঁচ ডিগ্ৰী চেলছিয়াছ পর্যন্ত তাপমাত্ৰা বৃদ্ধিৰ আগজাননী - OPPRESSIVE HEAT WAVES

সন্ধিয়াও গুৱাহাটীৰ তাপমান ৩১ ডিগ্রী চেলছিয়াছ । উত্তৰ লখিমপুৰত সৰ্বাধিক তাপমান ।

WEATHER UPDATE
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 5:31 PM IST

4 Min Read

গুৱাহাটী: প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । সূৰ্যটো যেন অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হৈছে ! উৎকট গৰমৰ বাবে আনকি বিদ্যালয়ৰ পাঠদান‌ৰ সময় পৰ্যন্ত সলনি কৰিবলগীয়া হৈছে ।‌ এই সময়ত এচাটি বতাহ দূৰৰে কথা, বৰং উৎকট গৰমে দুৰ্বিষহ কৰিছে জনজীৱন ।

জুন‌ মাহ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যত আৰম্ভ হৈছে গ্ৰীষ্মপ্ৰৱাহ । দৈনিক পাৰাস্তম্ভ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ স্থৱিৰ হৈ পৰিছে জনজীৱন । অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰ ওলোৱাটোৱেই মস্কিল হৈ পৰিছে । সেই কাৰণে কালিৰ দৰে আজিও গুৱাহাটীকে ধৰি‌ বিভিন্ন চহৰৰ ৰাজপথ দিনৰ ভাগত সেৰেঙা হৈ পৰিছে ।

এই সময়ত থাকিবলগীয়া স্বাভাৱিক তাপমানতকৈ ঠাইভেদে চাৰিৰ পৰা ছয় ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমান বৃদ্ধি পোৱাত অসহনীয় হৈ পৰিছে পৰিৱেশ । বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা অনুসৰি বুধবাৰে সর্বোচ্চ তাপমান ঠাইভেদে স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ পর্যন্ত বঢ়াৰ সম্ভাৱনা আছে । অৱশ্যে ১৪ জুনৰ পৰা তাপমান দুই-তিনি ডিগ্রী চেলছিয়াছ হ্রাস পাব বুলি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই ।

WEATHER UPDATE
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ,গুৱাহাটীৰ তথ্য় (Regional Meteorological Centre, Guwahati)

অহা ১৪ জুন পর্যন্ত ৰাজ্যৰ বিভিন্ন ঠাইত পাতলীয়াৰপৰা মজলীয়া বৰষুণৰ সম্ভাৱনাৰ কথাও বতৰ বিজ্ঞান কেন্দ্রই প্ৰকাশ কৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিপূর্বে আগজাননী দিছিল যে জুনত ৰাজ্যত বৰষুণ কম হ'ব আৰু গৰম বৃদ্ধি পাব । মন কৰিবলগীয়া কথাটো হ'ল বিভিন্ন উন্নয়নমূলক কাম-কাজৰ নামত গুৱাহাটীকে ধৰি বিভিন্ন চহৰ-নগৰ আনকি গ্রামাঞ্চলতো নির্বিঘ্নে গছ-গছনি কাটি পেলোৱা হৈছে । গুৱাহাটীত আনকি প্রকৃতিপ্রেমীয়ে কৰা প্রতিবাদকো কেৰেপ নকৰি গছ কাটি তহিলং কৰা হৈছে । আনকি বহু ঠাইত প্রচণ্ড গৰমত জিৰণি ল'বলৈও, এজোপা গছৰ অভাৱ । এনে পৰিস্থিতিত কংক্রিটে আবৰা চহৰ-নগৰত গৰমৰ প্ৰকোপ বেছিকৈ অনুভূত হৈছে ।

সন্ধিয়াও গুৱাহাটীৰ তাপমান ৩১ ডিগ্রী চেলছিয়াছ :

মঙলবাৰে সন্ধিয়া ৭.৪৫ বজাত গুৱাহাটীৰ তাপমান ৩১ ডিগ্রী চেলছিয়াছ আছিল যদিও গৰম ৪০ ডিগ্রী চেলছিয়াছৰ দৰে অনুভূত হৈছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আজিৰ তথ্য অনুসৰি ডিব্ৰুগড়ত সর্বোচ্চ তাপমান স্বাভাৱিকতকৈ ৬.২ ডিগ্রী চেলছিয়াছ, গুৱাহাটীত ৪.৮ ডিগ্রী চেলছিয়াছ, যোৰহাটত ৫ ডিগ্রী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৬.২ ডিগ্রী চেলছিয়াছ, শিলচৰত ৫ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৫.৯ ডিগ্ৰী চেলছিয়াছ বেছি আছিল ৷

WEATHER UPDATE
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ তথ্য় (Regional Meteorological Centre, Guwahati)

উত্তৰ লখিমপুৰত সৰ্বাধিক তাপমান:

আজি (বুধবাৰ) ৰাজ্যৰ ভিতৰতে সৰ্বাধিক তাপমান (৩৮ ডিগ্রী, চেলছিয়াছ) উত্তৰ লখিমপুৰত । ৰাজ্যত অস্বাভাৱিকভাৱে তাপমান বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয়ৰ পাঠদানৰ সময়সীমা সাল-সলনি কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছিল । সেই নির্দেশৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ, কোকৰাঝাৰ, বজালী, হাইলাকান্দি, চৰাইদেউ, শ্রীভূমি, নগাঁৱকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি কৰি পুৱা ৭-৩০ বজাত বিদ্যালয় বহিব বুলি কোৱা হৈছে ।

কামৰূপ মহানগৰ জিলাৰ দৰে ৰাজ্যৰ আন জিলাতো পুৱাৰ সমাৱেশ শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । তদুপৰি বিদ্যালয়সমূহত যাতে সকলো বৈদ্যুতিক পাংখা চলি থাকে সেয়াও নিশ্চিত কৰিবলৈ কোৱা হৈছে । কামৰূপ মহানগৰ জিলাৰ নির্দেশটোত শিক্ষার্থীক পানী খোৱাৰ নিৰ্দেশ দিবলৈ তিনি-চাৰিবাৰ বেল বজাবলৈও শিক্ষানুষ্ঠানসমূহক নির্দেশ দিয়া হৈছে ।

ইপিনে, অসমত গ্ৰীষ্মপ্ৰৱাহ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জয় শ্বনীলে কয়, "অসম তথা উত্তৰ-পূৰ্বাঞ্চলত 'হিট ৱেভ' বলাৰ কোনো আগজাননী নাই ।‌ দেশৰ বিভিন্ন প্ৰান্তত 'হিট ৱেভ'ৰ এলাৰ্ট জাৰি কৰা‌ হৈছে যদিও অসমত এই এলাৰ্ট জাৰি কৰা‌ হোৱা নাই ।"

লগতে পঢ়ক :বৰষুণৰ পিছত এইবাৰ অগ্নি বৰষিছে ! ৰাজ্যৰ কেবাখনো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - OPPRESSIVE HEAT WAVES

গৰমত আপোনাৰ দেহ-মন জুৰ পেলোৱাত সহায় কৰিব এইকেইবিধ থলুৱা পানীয়ই - LOCAL DRINKS FOR SUMMER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.