মানুহক কন্ঠৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে চেষ্টা কৰিছে : অভিযোগ বিৰোধী ঐক্য মঞ্চৰ - AJP LEADER LURINJYOTI GOGOI
Opposition unity forum Assam: মানুহৰ গণতান্ত্ৰিক অধিকাৰ আৰু কন্ঠৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে চেষ্টা কৰিছে বুলি অভিযোগ বিৰোধী ঐক্য মঞ্চৰ । বিধায়ক অখিল গগৈক বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ বাবে চৰকাৰে চক্ৰান্ত কৰাৰ অভিযোগ ।

Published : August 31, 2024 at 10:42 PM IST
মৰাণ, ৩১ আগষ্ট: বিধায়ক অখিল গগৈক বিধানসভাত চক্ৰান্তমূলকভাৱে অংশগ্ৰহণ কৰিবলৈ নিদিয়াক লৈ ক্ষোভ বিৰোধী ঐক্য মঞ্চ,অসমৰ । ডিব্ৰুগড়ত এই সম্পৰ্কত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিলে বিৰোধী ঐক্য মঞ্চৰ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
শনিবাৰে সাংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়,"বিধায়ক অখিল গগৈয়ে আগনিশা বিধানসভা অধিবশনত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এখন বেনাৰ বনাবলৈ পৰিকল্পনা কৰিছিল । সেই কথা চৰকাৰে গম পালে আৰু য'ত বেনাৰ বনাব দিছিল সেই প্ৰেছটোও আৰক্ষীয়ে ঘেৰাও কৰিলে । এখন বেনাৰক লৈ মা ভৱানী প্ৰেছ বন্ধ কৰাৰ লগতে স্বত্বাধিকাৰীৰ ম'বাইল ২৪ ঘন্টা ধৰি জব্দ কৰি থৈছিল ।"
হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন আৰম্ভ কৰিছে:
অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয়," চৰকাৰৰ বিৰুদ্ধে মাত মতা লোকৰ বিৰুদ্ধে ভয় ভাবুকিৰে নিৰীক্ষণ ৰখাৰ চেষ্টা কৰিছে চৰকাৰে । এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত হিটলাৰী শাসন আৰম্ভ কৰিছে । যিটো অসমৰ বাবে এক অশনি সংকেত ।" 'কা' বিৰোধী আন্দোলনৰ সময়ত ভাৰত চৰকাৰে চোৰাংচোৱাৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি লুৰীণজ্যোতি গগৈয়ে আক্ষেপ প্ৰকাশ কৰি কয়,"মানুহৰ গণতান্ত্ৰিক অধিকাৰ,কন্ঠৰুদ্ধ কৰিবলৈ বিজেপি চৰকাৰে চেষ্টা কৰিছে ।" ভবিষ্যত যাতে এনেকুৱা কাৰ্য চৰকাৰে নকৰে তাৰবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।
অখিল গগৈয়ে ফেচবুকত কি লিখিছিল?
বিধানসভা অধিবেশন চলি থকাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ'বলগা হয় । বিধানসভাত উপস্থিত থকা প্ৰতিটো দিনেই সাম্প্ৰতিক পৰিস্থিতিক লৈ সৰৱ হৈছিল বিধায়ক অখিল গগৈ । ইয়াৰ পাছতে শুকুৰবাৰে বিধানসভাৰ শেষ দিনটোত বিধায়কগৰাকীয়ে নিজৰ ফেচবুকত লিখিছিল " অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো । এখন বেনাৰ বনাইছিলো বৰ্তমান পৰিস্থিতিক লৈ । পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জি এম চিৰ পৰা ওলাবলৈ অনুমতি নিদিলে ।"
বিধায়কগৰাকীৰ এই ফেচবুক পোষ্টৰ পাছতে আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । অখিল গগৈয়ে যাতে বিধানসভাৰ ভিতৰে-বাহিৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে কৌশল ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ।

