অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কি ক'লে বিৰোধীয়ে
সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট । তাৰ পাছতেই বাজেটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়ে ৷

Published : March 11, 2025 at 8:36 AM IST
গুৱাহাটী : বিত্তমন্ত্রী অজন্তা নেওগে আজি সদনত দাখিল কৰা অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেটখনক নিৰ্বাচনকেন্দ্ৰীক আখ্যা দিছে বিৰোধীয়ে । বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "সুখ নাই কাৰ, সুখ নাই ধৰুৱাৰ । চৰকাৰখনে ইমান বেছি ধাৰ লোৱাকলৈ মই অসমৰ বাসিন্দা হিচাপে যথেষ্ট চিন্তিত । বাজেটখনত সদায় দুটা কথা কোৱা হয় । আগৰ কিছুমান কথা বাদ দিয়া দেখিছো । আনহাতে বাজেটখন বিশেষকৈ নিৰ্বাচনমুখী । ২০২৬ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বহুখিনি নিৰ্বাচনমুখী আঁচনি আছে । মুখ্যমন্ত্রীয়ে বতৰ অনুকূল দেখিলে হয়টো নিৰ্বাচন আগতীয়াকৈ ডিচেম্বৰতে কৰিব পাৰে । আঁচনিসমূহ পিছুৱাই থকা হয় । আঁচনিসমূহ ভোটৰ অংকত কৰা হৈছে । বাজেটত প্ৰকৃত সমস্যাৰ সমাধান আমি দেখা নাই । আশা কৰা ধৰণে বাজেটখন হোৱা নাই ।"
নিৰ্বাচন প্ৰলোভিত বাজেট : ৰিপুণ বৰা
অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই কয়, "অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট প্ৰতিশ্ৰুতিৰে ভৰা । অপ্ৰাসংগিক কথা কেৱল অলংকাৰ লগাই তাক দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া বাজেটৰ বাহিৰে একো নহয় । যোৱাবাৰৰ বাজেটখন কেৱল পৰনিৰ্ভৰশীল আছিল । এইবাৰৰ বাজেটখনো তাৰেই ডুপ্লিকেট । এইবাৰৰ বাজেটখনত ১,৫৫,৪২৮ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে ১,০৯,৯১৫ কোটি টকা কেৱল ঋণ আৰু জি এছ টিৰ শ্বেয়াৰৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য লোৱা হৈছে । ৪৬,০০০ কোটি টকা নিজৰ উৎসৰ পৰা আহিব । অসমত ঋণৰ পৰিমাণ আৰু বৃদ্ধি পাব । বিগত বৰ্ষৰ বাজেটৰ ৩০ শতাংশ খৰচ কৰিব নোৱাৰিলে । এইবাৰ বাজেটো এখন ব্যৰ্থ বাজেট হ'ব । এইবাৰৰ বাজেটত ২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ঘোষণা কৰা হৈছে । এইখন এখন নিৰ্বাচন প্ৰলোভিত বাজেট ।"
ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : আপ
"২০২৫-২৬ বৰ্ষৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদুৰপ্ৰসাৰী আঁচনিৰ উল্লেখ নাই, কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই । মুঠতে আজিৰ বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথা নির্বাচনমুখী এখন গতানুগতিক বাজেটহে ।" - বাজেট সন্দৰ্ভত এই প্ৰতিক্ৰিয়া আম আদমি পার্টীৰ ।
বাজেটক লৈ আপ অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, "বাজেটত ধাৰ্য কৰা ১ লাখ ৫৫ হাজাৰ ৮৯৫ কোটি টকাৰ উৎস কি । চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে । যদিও তথ্যই কয় যে চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যধিক গুৰুত্ব আৰোপ কৰিছে । চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্রদান কৰিছে, যি ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় ।"
তেওঁ লগতে কয়, "আজিৰ বাজেট অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্রহণ কৰা কোনো দিকদর্শী বাজেট নহয় । ই সম্পূৰ্ণৰূপে বাস্তৱবিমুখ, ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি, মুদ্রাস্ফীতি, ক্ৰম ক্ষমতা হ্রাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱৰা বাজেট । আজিৰ বাজেট সমস্যাৰে জৰ্জৰিত জনসাধাৰণৰ বাবে নিৰাশজনক আৰু দূৰদৃষ্টিহীন বাজেট ।"
লগতে পঢ়ক: ২০২৫-২৬ৰ মুঠ বাজেট ১৫৫৪২৮ কোটি, ঘাটি ৬২০.২৭ কোটি: ক’ৰ পৰা আহিব বাজেটৰ টকা ?

