ETV Bharat / state

ৰূপজ্যোতিকাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ সদনলৈ আহিল বিৰোধী

ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ বিৰোধিতাৰে সদনত হাতত প্লে’ কাৰ্ডৰ লগতে জেওৰা-জপনা লৈ, ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ । জেওৰা-জপনাক লৈ মুখ্যমন্ত্ৰীৰ উদ্বিগ্নতা ভৰা প্ৰতিক্ৰিয়া ।

Opposition protest against BJP MLA
জেওৰা-জপনা লৈ বিধানসভালৈ আহিল বিৰোধী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 2:26 PM IST

|

Updated : March 24, 2025 at 3:43 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰূপজ্যোতি কুৰ্মীকাণ্ডৰ বিৰোধিতাৰে সোমবাৰে জেওৰা-জপনা লৈ বিধানসভালৈ আহিল বিৰোধী । হাতত প্লে’ কাৰ্ড লৈ ক’লা বস্ত্ৰ পৰিধান কৰি বিৰোধীয়ে উত্তাল কৰিলে সদন ।

  • ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ:

উদণ্ড বিধায়কৰূপে চৰ্চিত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ কংগ্ৰেছৰ । হাতত বেনাৰ-পোষ্টাৰ লৈ বিধানসভা চৌহদত কংগ্ৰেছৰ বিধায়িনী দলৰ প্ৰতিবাদ । লগতে ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনালৈ লৈ সদনলৈ আহিল বিৰোধী (ETV Bharat Assam)

ইতিমধ্যে সকলোৰে জ্ঞাত যে, ২১ মাৰ্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰিছিল অভব্য আচৰণ ৷ বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ বিৰোধীয়ে উত্তাল কৰে সদন ।

ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতাৰে ন্যায় বিচাৰি ক'লা পোছাক পৰিধান কৰি সোমবাৰে হাতে হাতে প্লে’কাৰ্ড লৈ সদনলৈ আহিল কংগ্ৰেছ বিধায়ক ৷ লগতে বিৰোধীয়ে উত্তাল কৰে বিধানসভাৰ মজিয়া । বিৰোধী কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে বিধানসভাৰ মাৰ্চেলে বাধা প্ৰদান কৰে ।

লগতে পঢ়ক : অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক: ৰূপজ্যোতিক কঠোৰ নিৰ্দেশ সভাপতি দিলীপ শইকীয়াৰ

লগতে পঢ়ক : ৰূপজ্যোতিৰ আচৰণ সংসদীয় পৰম্পৰাৰ পৰিপন্থী: দিলীপ শইকীয়া

  • হাতত প্লে’ কাৰ্ড লৈ, ক’লা পোচাক পিন্ধি কংগ্ৰেছৰ প্ৰতিবাদ :

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কে বিধানসভা চৌহদৰ ভিতৰত সমবেত হৈ বিধায়ক কুৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা নকৰাৰ বাবে সমালোচনাত মুখৰ হৈ পৰে বিৰোধীৰ দলপতিগৰাকী ।

Opposition protest against BJP MLA
বিৰোধী দলপতি দেবাব্ৰত শইকীয়া (ETV Bharat Assam)

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, “শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ অসম বিধানসভাত শুকুৰবাৰে চোঁচা মাৰি অহাৰ ঘটনাৰ বিৰুদ্ধে ন্যায় বিচাৰি আমাৰ এই প্ৰতিবাদ । সদনৰ মৰ্যাদা ৰক্ষাৰ বাবে আমি দাবী জনাইছো । অসমত এয়া এক নজিৰবিহীন ঘটনা আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো ।”

  • জেওৰা-জপনা লৈ প্ৰতিবাদ এ আই ইউ ডি এফৰ :

ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ এ আই ইউ ডি এফে সোমবাৰে বিধানসভা চৌহদত কৰে এক অভিনৱ প্ৰতিবাদ । হাতত জেওৰা-জপনা লৈ ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদ কৰে এ আই ইউ ডি এফে । শাসকীয় বিজপিয়ে বিধানসভালৈ জেওৰা-জপনা অনা কাৰ্যক সমালোচনা কৰি নিজৰ সপক্ষে যুক্তি আগবঢ়াই এ আই ইউ ডি এফে ।

Opposition protest against BJP MLA
জেওৰা-জপনা লৈ বিধানসভালৈ আহিল বিৰোধী (ETV Bharat Assam)

এই প্ৰতিবাদক লৈ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন কয়, “বিধানসভাত বিজেপিৰ বিধায়কসকলৰ ওচৰত আমাৰ বিৰুদ্ধে বিধায়কসকল মুঠেই সুৰক্ষিত নহয় । বিধানসভাত বিজেপিৰ বিধায়কে নিজৰ আসনৰ পৰা উঠি আহি অভব্য আচৰণ কৰিছে ৷ সেয়ে আমি নিজৰ সুৰক্ষাৰ কথা নিজে চিন্তা কৰাৰ বাহিৰে বিকল্প একো নাই ।’’'

লগতে পঢ়ক : নজিৰবিহীন ! বিধানসভাৰ মজিয়াতেই বিধায়কক মাৰিবলৈ খেদি গ'ল ৰূপজ্যোতি কুৰ্মী

লগতে পঢ়ক : ধুবুৰী মিনি বাংলাদেশ ! বিজেপি সাংসদৰ বিৰুদ্ধে বিধানসভাত ভৰ্ৎসনা প্ৰস্তাৱ বিৰোধীৰ

এ আই ইউ ডি এফৰ বিধায়ক তথা জ্যেষ্ঠ নেতা ৰফিকুল ইছলামে বিধানসভা চৌহদত জেওৰা-জপনা লৈ কৰা প্ৰতিবাদৰ ব্যাখ্যা আগবঢ়ালে এইদৰে, “সদনত বিজেপিৰ বিধায়কৰ কাণ্ডক লৈ আমি উদ্বিগ্ন । তেওঁলোকে নিজৰ আসনৰ পৰা উঠি আহি বিৰোধী সদস্যক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ৷ আনহাতে সদনৰ অধ্যক্ষই আমাক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে । সেয়ে আমি নিজৰ চিন্তা নিজে কৰিবলৈ বাধ্য হৈছো । সম্ভাব্য আক্ৰমণৰ পৰা নিজকে সুৰক্ষা দিবলৈ আমি এই বাঁহৰ জেওৰা বনাই আনিছো ৷”

  • দহ মিনিটৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষৰ :

আনহাতে, বিধানসভাৰ মৰ্যাদা অটুট ৰাখক, আমাক সুৰক্ষা দিয়ক আদি প্লে’ কাৰ্ড লৈ সদন উত্তাল কৰে কংগ্ৰেছ দলে । বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে অধ্যক্ষ দৈমাৰীয়ে দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ।

  • জেওৰা-জপনা লৈ কৰা প্ৰতিবাদৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

সদনৰ মজিয়াত বিৰোধীৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিশেষকৈ এ আই ইউ ডি এফে জেওৰা-জপনা লৈ অহা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই প্ৰসংগত তেওঁ কয়, "বিধানসভাখন আলোচনাৰ স্থান, দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰতিবাদ কৰা স্থান নহয় । বিৰোধীয়ে ক’লা কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছে সেয়া গ্ৰহণযোগ্য ৷ কিন্তু বাঁহৰ জেওৰাৰ দৰে বস্তু সদনলৈ অনাটো গ্ৰহণযোগ্য নহয় । এই কাৰ্যই কেৱল নিজৰ ভাবমূৰ্তিৰ ক্ষতিহে কৰে । এনে কাৰ্যৰ আমি বিৰোধিতা কৰো ৷ ইয়াৰ দ্বাৰা সদনৰ পৰা এক বেয়া বাৰ্তা প্ৰেৰণ হ’ব পাৰে । ”

লগতে পঢ়ক : সদনত ৰূপজ্যোতি কুৰ্মীৰ আচৰণ; ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ বিৰোধী দলপতিৰ পত্র

লগতে পঢ়ক : বিধায়কে টকা বিচাৰিছিল নেকি ? মুখ্যমন্ত্ৰীয়ে ক'লে- ১০ মিনিটতে আমি ৰিজাল্ট দি দিব পাৰিম

Last Updated : March 24, 2025 at 3:43 PM IST