বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজিব নোৱাৰে: ফণীভূষণ চৌধুৰী
বিৰোধী দলৰ মিত্ৰতা সন্দৰ্ভত বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Published : March 2, 2025 at 4:11 PM IST
বৰপেটা: ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে পুনৰ একত্ৰিত হোৱাৰ যো-জা চলাই আছে । কিন্তু শনিবাৰে অনুষ্ঠিত বিৰোধীৰ এক বৈঠকত ব্যাপক খেলিমেলি হোৱা দেখা গৈছে । যাক লৈ শাসকীয় দলে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীও সেই সমালোচনাত আগভাগ ল'লে ।
বিৰোধীৰ মিত্ৰতা কি হ'ব ?
দেওবাৰে বৰপেটাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ ফণীভূষণ চৌধুৰীয়ে কয়, "মিত্ৰতাৰ বিষয়ে আলোচনা কৰিবলৈ যাওতেই যদি তেওঁলোকৰ মাজত তুমুল বিতৰ্ক হয় তেনেহ'লে সেই দলকেইটাই একেলগে নিৰ্বাচনত কেনেদৰে অৱতীৰ্ণ হ'ব সেই কথা আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব । মই ভাবো তেওঁলোকে যিমানে ঢাক-ঢোল নবজাওক কিয় বিৰোধী দলসমূহে ঐক্যবদ্ধ হৈ যুঁজিব নোৱাৰে ।"
সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা
উল্লেখ্য যে সাংসদ ফণীভূষণ চৌধুৰীক বৰপেটাৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠানে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় । বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদ চৌধুৰীয়ে কয় যে সাংসদ হিচাপে দায়িত্ব গ্ৰহণৰ পাছৰে পৰা তেওঁ সমষ্টিটোৰ উন্নয়নৰ হকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে ।
তেওঁক জনোৱা সম্বৰ্ধনাই সেই দায়িত্ব অধিক বৃদ্ধি কৰিলে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে এই সম্বৰ্ধনাই বিশেষকৈ বৰপেটাৰ উন্নয়নৰ প্ৰতি তেওঁক অধিক দায়িত্বশীল কৰি তুলিলে । সম্বৰ্ধনা অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, জ্যেষ্ঠ অধিবক্তা দীপক দাসকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । প্ৰায় ১০০ টা সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে সাংসদ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
লগতে পঢ়ক :বিৰোধীৰ ঐক্য : একলা চলোৰ পক্ষত ভূপেন বৰা, আপোচ নকৰে অখিল গগৈয়ে - OPPOSITION UNITY FORUM ASSAM

