ETV Bharat / state

গোচৰ দিলেও তেওঁ সংশোধন নহয়: মুখ্যমন্ত্ৰীক উদ্দেশ্যি অখিল গগৈৰ কঠোৰ বাক্যবাণ

মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধই লৈছে নতুন ৰূপ । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ সভাপতিৰ ।

Akhil Gogoi
অখিল গগৈৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 3:39 PM IST

4 Min Read
Choose ETV Bharat

শিৱসাগৰ : "মুখ্যমন্ত্ৰীজনে পোনপটীয়াকৈ মোক 'পাগল' বুলি কৈছে । ২০২২ চনতো অসম বিধানসভাত তেওঁ কৈছিল । অসম বিধানসভাত যদি কয় তেনেহ'লে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি । কিন্তু বাহিৰত যদি কয় তেনেহ'লে মেণ্টেল হেল্থ এক্ট অনুসৰি জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে । মানে জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰ হ'বলগীয়া কথা এটা তেওঁ কৈছে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে উভতি ধৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

নাগৰিক সভাৰ প্ৰস্তাৱক সমৰ্থন অখিল গগৈৰ (ETV Bharat)

শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কৰা এক বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে অখিল গগৈয়ে লগতে কয়, "এজন বিধায়কক কোৱাটো বাদেই পৃথিৱীৰ কোনো এজন মানুহে কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে । ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো যে তেওঁৰ মুখত অনবৰতে 'বিহ' ওলাই থাকে । 'আন চিভিলাইজড' মানুহ এজন, তেওঁ এই কথাটোও নাজানে । তেওঁ অসমৰ ৰাজনীতিত ২৫ বছৰ থাকিলে আৰু এই সাধাৰণ কথাটো নাজানে । মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিশ্চিতভাৱে এটা গোচৰ দিব পাৰো ৷ কিন্তু তেওঁৰ সংস্কৃতিটোৱে দুষ্কৃতি যে গোচৰ দিলেও তেওঁ বুজি নাপায় । তেওঁৰ ওপৰত কেছ দিলেও সংশোধন নহয় ।"

তেওঁ লগতে মুখ্যমন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ জনাই, "হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মান প্লিজ ৰক্ষা কৰক । আমি জানো আপুনি কি পৰ্যায়ৰ মানুহ...।"

বিভিন্ন কেলেংকাৰীৰ গোচৰ আৰু সেইবোৰ গোচৰৰ নথি-পত্ৰ হৰলুকিৰ বিস্ফোৰক অভিযোগ তুলি অখিল গগৈয়ে কয়, "অসমত মাফিয়া ৰাজনীতি আৰম্ভকৰ্তা হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ ওপৰত আলফাৰ নামত হত্যা আৰু ধনদাবীৰ গোচৰ আছিল, সেই গোচৰৰ কাগজবিলাক তেওঁ ক'ৰ্টৰ পৰাই নাইকীয়া কৰি দিছিল ।"

খিলঞ্জীয়াৰ স্বাৰ্থত শিৱসাগৰত আয়োজিত নাগৰিক সভাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধও অসমৰ ৰাজনীতিত চৰ্চিত বিষয় হৈ পৰিছে ।

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ (ETV Bharat)

শিৱসাগৰৰ নাগৰিক সভাৰ প্ৰস্তাৱক সমৰ্থন অখিল গগৈৰ

শিৱসাগৰত শুকুৰবাৰে আয়োজিত নাগৰিক সভা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । গগৈয়ে কয়, "এই নাগৰিক সভা ঐতিহাসিক আছিল । এতিয়া আমি গৌৰৱেৰে ক'ব পাৰো শিৱসাগৰ ঐক্য আৰু সম্প্ৰীতিৰ শিৱসাগৰ হৈ থকিব । কিছু লোকে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ বাবে চেষ্টা কৰিছে যদিও নাগৰিক সভাই সেয়া বিফল কৰিলে । নাগৰিক সভাই নিৰপেক্ষভাৱে, বিজ্ঞানসন্মতভাৱে অসমীয়া জাতি আগবাঢ়ি যোৱাৰ পথৰ নিৰ্দেশনা দিলে ।"

নাগৰিক সভাত জড়িত সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি গগৈয়ে কয় যে শিৱসাগৰে সংঘাত নহয়, সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে । দুয়ো পক্ষৰ নাম ধৰি নাগৰিক সভাই স্পষ্টভাৱে সকলোকে সকিয়াই দিলে । আনহাতে নাগৰিক সভাত লোৱা প্ৰস্তাৱৰো সমৰ্থন কৰে অখিল গগৈয়ে । অখিল গগৈয়ে কয়, "ছয় জনগোষ্ঠীৰ লগতে কলিতা, নাথ-যোগীসকলৰো জনজাতিকৰণ চৰকাৰে কৰিব লাগে ।"

শৃংখল চলিহাক সমালোচনা অখিলৰ

নাগৰিক সভাক ৰাজনৈতিক সভা আখ্যা দিয়া শৃংখল চলিহাকো তীব্ৰ সমালোচনা কৰিলে অখিল গগৈয়ে । বীৰ লাচিত সেনাই শৃংখল চলিহাক বিশ্ৰাম দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে সংগঠনটোৰ সিদ্ধান্তক প্ৰশংসা কৰে । তেওঁ কয়, "শৃংখল চলিহাই পোনপটীয়াকৈ শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে কালি নাগৰিক সভাই স্পষ্টভাৱে প্ৰস্তাৱ লৈ এনে কাৰ্যক গৰিহণা দিলে । নাগৰিক সভাই শৃংখল চলিহাক নাকী লগালে । শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেন্তে তেওঁ চিৰদিনৰ বাবে বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে ।" শৃংখল চলিহাৰ লগতে চিটু বৰুৱা আৰু ইউনুছ তামুলীকো সংযমী হ'বলৈ আহ্বান জনালে অখিল গগৈয়ে ।

অখিল গগৈৰ জাতীয় জাগৰণ যাত্ৰা

অসমীয়া জাতিৰ জাতীয় সুৰক্ষাৰ বাবে 'জাতীয় জাগৰণ যাত্ৰা' আৰম্ভ কৰিব অখিল গগৈয়ে । অখিল গগৈয়ে উল্লেখ কৰা মতে এই যাত্ৰাৰ জৰিয়তে এন আৰ চিত নাম থকা প্ৰত্যেকজন অসমীয়াক অসমীয়া হিচাপে পৰিচয় পত্ৰ প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰা হ'ব । অসমৰ লোকৰ সাংবিধানিক ৰক্ষা কৱচৰ বাবে ৩৭১(ক) কাৰ্যকৰী কৰিবৰ বাবেও দাবী উত্থাপন কৰিব গগৈয়ে । ৰংঘৰ অথবা তলাতল ঘৰত সেৱা লৈ অহা ১৬ আগষ্টৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব বুলি উল্লেখ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক :শৃংখলক এমাহৰ বিশ্ৰাম; কি হৈছিল শিৱসাগৰৰ নাগৰিক সভাত ? - SHRINKHAL CHALIHA

লগতে পঢ়ক :শৃংখল চলিহাক অব্যাহতি দিয়া নাই, নিজেই লৈছে বিশ্ৰাম - SHRINKHAL CHALIHA