হায়দৰাবাদ: গুৱাহাটীৰ কৃত্ৰিম বানৰ বিষয়ে অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজ অৱগত । কিন্তু এইবাৰ কৃত্ৰিম বানৰ কৱলত পৰিছে ঐতিহাসিক ৰংঘৰ । মাত্ৰ দুদিনৰ বৰষুণতে কৃত্ৰিম বানৰ কৱলত পৰিছে ঐতিহাসিক ৰংঘৰৰ বাকৰি ।
যাৰ পৰিপ্ৰেক্ষিতত ৰংঘৰৰ আন্তঃগাঁথনিলৈ ভাবুকি অহাৰ শংকা প্ৰকাশ কৰিছে বহুজনে । এই সন্দৰ্ভত সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ।
অসম তথা অসমীয়াৰ গৌৰৱ ৰংঘৰৰ আন্তঃগাঁথনিৰ হানি হ'ব পাৰে বুলি উদ্বিগ্ন হৈ পৰিছে বিৰোধী দলপতি শইকীয়া । ইতিমধ্যে এই সন্দৰ্ভত শইকীয়াই ভাৰতীয় ৰাষ্ট্ৰীয় কলা তথা সংস্কৃতি ঐতিহ্য ন্যাসলৈ এক পত্ৰ প্ৰেৰণ কৰে ।
য'ত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰে । ন্যাসৰ সঞ্চালকলৈ প্ৰেৰণ কৰা পত্ৰত শইকীয়াই আহোম যুগৰ কীৰ্তিচিহ্নবোৰ সংৰক্ষণৰ বাবে ন্যাসৰ সহযোগিতা কামনা কৰে ।
ৰংঘৰৰ বৰ্তমান অৱস্থাৰ কথা সবিস্তাৰে উল্লেখ কৰি নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে তলাতল ঘৰ, কাৰেং ঘৰ আদিকে কৰি গুৰুত্বপূৰ্ণ আহোম যুগৰ কীৰ্তিচিহ্ন সমূহৰ বৈজ্ঞানিক পৰীক্ষণৰ বাবে ন্যাসৰ বিশেষজ্ঞ দলক অসমলৈ নিমন্ত্ৰণ জনায় । বিধায়ক শইকীয়াই পত্ৰখনত চাৰিটাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায় ।

প্ৰস্তাৱকেইটা হ'ল-
- ন্যাসৰ বিশেষজ্ঞ দলৰ দ্বাৰা ৰংঘৰ, তলাতল ঘৰ,কাৰেং ঘৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ আহোম যুগৰ কীৰ্তিচিহ্নসমূহৰ আধাৰ গাঁথনিৰ অৱস্থাৰ বুজ লওক ।
- সেইদৰে এই কীৰ্তিচিহ্ন সমূহৰ সংবৰ্ধনৰ বাবে যিসমূহ প্ৰকল্প ৰূপায়ণ কৰা হৈছে সেইসমূহ যাতে কীৰ্তিচিহ্নসমূহৰ বহনক্ষম অক্ষুন্ন ৰখাৰ লগতে সাংস্কৃতিক প্ৰতিফলনো অটুত থাকে । তাৰ বাবে উপায় প্ৰদান কৰাৰ লগতে এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বেলিকা ঐতিহ্য সংবেদী বিষয়সমূহত সহযোগিতা আগবঢ়াওক ।
- স্থানীয় লোক তথা এই কীৰ্তিচিহ্নসমূহৰ সৈতে জড়িত সংস্থাসমূহৰ মাজত এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা কাৰ্যসূচী ভাৰতীয় ৰাষ্ট্ৰীয় কলা আৰু সংস্কৃতি ঐতিহ্য ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰাৰ পোষকতা কৰক ।
- ন্যাসৰ এনে প্ৰত্যক্ষ সহযোগিতাই অসমৰ এই সম্পদসমূহৰ ঐতিহ্য অক্ষুন্ন ৰখাৰ লগতে সাংস্কৃতিক গুৰুত্ব ৰক্ষা কৰাৰ উপৰিও এই কীৰ্তিচিহ্নসমূহৰ আন্তঃগাঁথনিৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব ।
ভাৰতীয় ৰাষ্ট্ৰীয় কলা সংস্কৃতি তথা ঐতিহ্য ন্যাসৰ এনে সহযোগিতা যদি লাভ কৰে তেন্তে চৰকাৰে এই প্ৰাচীন সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰাৰ এক পথ লাভ কৰিব ।
ইয়াৰোপৰি পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন আৰু এই সম্পদসমূহ সাংস্কৃতিক সংৰক্ষণৰ বেলিকাও এক নতুন দিশৰ সূচনা কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইয়াৰোপৰি এই সন্দৰ্ভত শইকীয়াই অসম চৰকাৰৰ মুখ্য সচিবলৈয়ো পত্ৰ প্ৰেৰণ কৰি বিষয়টো দৃষ্টিগোচৰ কৰে ।