ছেটেলাইট টাউনশ্বিপ কোনো কাৰণতে মানি নলয় হাজাৰ হাজাৰ জনতাই
বৰদুৱাৰ বাগানৰ ২১০০ জনজাতীয় পৰিয়ালক নিঃশেষ কৰিব খোজা কাৰ্যৰ বিৰোধিতা । ছেটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিল কৰাৰ দাবী ।

Published : May 30, 2025 at 5:45 PM IST
গুৱাহাটী: হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা মানুহৰ ভেটি-মাটি বৃহৎ বৃহৎ বণিয়াক পানীৰ দৰত বিক্ৰী কৰি চিৰদিনৰ কাৰণে ৰাজ্যখনক বহিৰাগত বণিয়াৰ ঔপনিৱেশত পৰিণত কৰিব খুজিছে । আজি যি হাৰত অসমীয়া মানুহৰ মাটি বহিৰাগত বণিয়াক গতাই দি থকাৰ প্ৰক্ৰিয়া চলি আছে, এনেদৰে চলি থাকিলে নিশ্চিতভাৱে অবিলম্বে নিজৰ ঠাইতেই অসমীয়া মানুহ ভৃত্যত পৰিণত হোৱাটো নিশ্চিত ।
ইয়াৰোপৰি শেহতীয়াকৈ অসম চৰকাৰে পলাশবাৰী সমষ্টিৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ বাগান অঞ্চলৰ ২১০০ ৰো অধিক ৰাভা, বড়ো, গাৰো, আদিবাসী, নেপালীকে ধৰি অন্য জনগোষ্ঠীৰ মানুহক বিতাড়িত কৰি ছেটেলাইট টাউন নিৰ্মাণ কৰিব খোজা সিদ্ধান্তৰ বিৰোধিতাৰে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি অসম চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ কৰে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে ।
সংবাদমেলত সংগঠন দুটাৰ হৈ উপস্থিত থাকি অধিবক্তা শান্তনু বৰঠাকুৰ, আহ্বায়ক ক্ৰমে সুব্ৰত তালুকদাৰ, গোবিন্দ ৰাভা আৰু আদিত্য ৰাভাই কয়, "পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ মৌজাই সামৰি লোৱা ১, ২ আৰু ৩ নং বৰদুৱাৰ বাগান ৰাজহ গাঁওকেইখন মূলতঃ জনজাতি অধ্যুষিত ৰাজহ গাঁও । এই ৰাজহ গাঁও কেইখনৰ বৃহৎ ভূমি বিগত ১৯২২ চনতেই বৰদুৱাৰ টি এণ্ড টিম্বাৰ কোম্পানীক চাহখেতিৰ বাবে ৯৯ বছৰৰ এক চুক্তিভিত্তিক ব্যৱস্থাৰে আৱন্টন দিছিল আৰু সেই চুক্তিৰ ম্যাদ বিগত ২০২২ চনত সম্পূৰ্ণৰূপে উকলি যায় ।"
তেওঁলোকে আৰু কয় যে ভাৰত স্বাধীন হোৱাৰ বহু পূৰ্বেই তথা বৰদুৱাৰ চাহ বাগান স্থাপন হোৱাৰ বহু বছৰ আগতেই বৃহত্তৰ বৰদুৱাৰ অঞ্চলৰ দেউপানী, কৰাপাটৰ, জাৰাপাটা, পকাপাম, জিমপুটা, গাড়ীলিক আদি ঠাইত জনজাতীয় লোকসকলে বসবাস কৰি আছিল । ইয়াৰ যথেষ্ট প্ৰমাণ বৰ্তমানেও স্থানীয় লোকৰ হাতত মজুত আছে । এই সমগ্ৰ এলেকাখিনি জনজাতীয় আবেষ্টনীৰ অন্তৰ্গত । তদুপৰি ৰায়তী আইন, ১৯৭১ ৰ আওতাত ১৯৭১ চনৰ পৰা পৰৱৰ্তী ১৯৭৭ চনলৈ প্ৰায় ৬০০ তকৈও অধিক ভোগদখলকাৰীক ৰায়তী খতিয়ান প্ৰদান কৰা হৈছে ।
আনকি বহুবোৰ অনুষ্ঠান আৰু কিছু আবাসী এলেকাক বৰদুৱাৰ টি এণ্ড টিম্বাৰ কোম্পানীয়ে স্থায়ী আবাসী হিচাপে থকাৰ লিখিত অনুমতিও প্ৰদান কৰিছে । কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত উল্লেখিত তিনিওখন ৰাজহ গাঁৱৰ প্ৰায় ২১০০ তকৈও অধিক ভোগ দখলকাৰী জনজাতীয় মানুহক স্থায়ী পট্টা প্ৰদান কৰা নহ'ল । ২০২১ চনৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই ফুলাই ভোগদখলকাৰী মানুহক মাটিৰ পট্টা দিয়াৰ কথা কৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপস্থিতিত তেতিয়াৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বৰদুৱাৰ বাগানৰ জনজাতীয় মানুহক মাটিৰ পট্টা দিয়াৰ কথা দিছিল ।

সংগঠন দুটাই আৰু কয় যে আজি দুদিন আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পৰা ঘোষণা হ'ল যে বৰদুৱাৰ বাগানৰ ১৫০০ একৰ মাটিত ছেটেলাইট টাউন নিৰ্মাণ কৰা হ'ব । অৰ্থাৎ তথাকথিত উন্নয়নৰ নামত এই বিশাল অঞ্চলৰ প্ৰায় ২১০০ জনজাতীয় মানুহৰ ঘৰ-বাৰী, খেতি-মাটি বৃহৎ কোম্পানীক গতাই দিয়া হ'ব । এই চৰকাৰে উন্নয়নৰ নামত যি অন্যায় কাৰ্বি, বড়ো, আদিবাসী, তিৱা আদি জনজাতীয় মানুহৰ লগত কৰিছে সেই একেই অন্যায় এতিয়া ৰাভা মানুহৰ লগতো কৰিব ।
জাতি-মাটি-ভেটিৰ নামত এতিয়া অসমত আদানী-আম্বানী-ৰামদেৱ-জয় শ্বাহক মাটি দিয়াৰ অঘোষিত প্ৰতিযোগিতা চলিছে বুলি অভিযোগ তুলি সংগঠনকেইটাই কয় যে এই অন্যায়ৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে আৰু হাজাৰ হাজাৰ স্থানীয় লোক ৰাজপথলৈ ওলাই আহিছে । যোৱা ২৯ মে'ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰবল বৰষুণকো নেওচি হাজাৰ হাজাৰ মানুহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।
সংবাদমেলত তেওঁলোকে উল্লেখ কৰে, "আজি আমি সংবাদমেলৰ জৰিয়তে এই কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ জনজাতীয় আবেষ্টনীত ছেটেলাইট টাউনশ্বিপ কেনোপধ্যেই মানি নলওঁ ।" লগতে সদায় চৰকাৰৰ পদলেহনকাৰী হিচাপে ৰাইজক ভয়-ভাবুকি দি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ চলাই থকা টংকেশ্বৰ ৰাভাকো ক্ষুৰধাৰ সমালোচনা কৰে সংগঠন দুটাই ।
টংকেশ্বৰ ৰাভা কোনো মেৰুদণ্ড নোহোৱা মানুহ আৰু নিজৰ জ্ঞাতিৰ মাটি ৰক্ষা কৰিব নোৱাৰিলে, তেওঁৰ শাসন চলাই থকাৰ কোনো অধিকাৰ নাই বুলি সংগঠন দুটাই স্পষ্ট কৰি দিয়ে । বৃহত্তৰ বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ সমস্ত ভূমি চৰকাৰীভাৱে অধিগ্ৰহণ কৰি ভোগদখলকাৰী প্ৰতিটো জাতি-জনগোষ্ঠী পৰিয়ালক অতি শীঘ্ৰেই ভূমিৰ পট্টা প্ৰদান কৰা আৰু জনজাতি আবেষ্টনী ভংগ কৰি জি এম ডি এৰ আঁওতাত ছেটেলাইট টাউনশ্বিপৰ জৰিয়তে বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ভূমি বৃহৎ বণিয়াক গতাই দিয়াৰ চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰা, চাহ বাগানৰ অৱশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল আদিবাসীসকলৰ জীৱন-জীৱিকাৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাই সংগঠন দুটাৰ নেতৃবৃন্দই অসমৰ সকলো স্তৰৰ লোকক ভূমিৰ অধিকাৰৰ কাৰণে ঐক্যবদ্ধ সংগ্রামৰ বাবে সাজু হ'বলৈ আহ্বান জনায় ।
উল্লেখ্য যে বৰদুৱাৰ বাগানৰ ২১০০ জনজাতীয় পৰিয়ালক নিঃশেষ কৰিব খোজা ১৫০০ একৰ ভূমিৰ চেটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল । পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত এই বিশাল প্ৰতিবাদী সভাখনিত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

