ETV Bharat / state

চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে - MUKUNDA KAKATI CIVIL HOSPITAL

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক ।

Swahid Mukunda Kakati Civil Hospital
চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 7:19 PM IST

3 Min Read

নলবাৰী: নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন শুভাৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ জিলাখনত তীব্ৰ উত্তেজনা অব্যাহত আছে । ইয়াৰ কাৰণ হৈছে নলবাৰী চহৰৰ মাজমজিয়াত থকা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন বিলুপ্তকৰণৰ সিদ্ধান্ত । চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱাৰ পিছত জিলাখনৰ ৰাইজ তথা দল-সংগঠন আৰু শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে বিগত দুবছৰে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছিল । প্ৰতিবাদৰ ফলত এদিনৰ বাবে বন্ধও হৈ পৰিছিল নলবাৰী জিলা । প্ৰতিবাদত উত্তপ্ত হৈছিল নলবাৰী ।

প্ৰতিবাদকাৰীৰে বৈঠক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে (ETV Bharat)

চিকিৎসা বিচাৰি ৰাইজৰ ক্ষোভ, চিকিৎসালয় সুৰক্ষা সমিতিৰ ধাৰাবাহিক প্ৰতিবাদত অৱশেষত সেও মানি অসম চৰকাৰৰ তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিগত বৰ্ষত অসামৰিক মৰ্যাদা বিলুপ্ত কৰি শ্বহীদ মুকুন্দ কাকতি হাস্পতাল নামেৰে নামকৰণ কৰিছিল । লগতে উক্ত চিকিৎসালয়খনত ১১০ খন বিচনাৰো সংযোজন হৈছিল । কিন্তু তাৰ পিছতো ক্ষান্ত হোৱা নাছিল সুৰক্ষা সমিতি । ৰাইজে আগৰ দৰে আৰু চিকিৎসালয়খনত চিকিৎসা সেৱা নাপাব বুলিও আশংকা কৰিছিল । যাৰ বাবে প্ৰতিবাদ চলি থাকিল । সুৰক্ষা সমিতিয়ে পূৰ্বৰ মৰ্যাদা ঘূৰাই দিব লাগিব বুলি দাবীও জনাই থাকিল । তেওঁলোকে দাবী- ২৩৫ খন বিচনাৰ হাস্পতাল স্থাপন কৰা ।

Swahid Mukunda Kakati Civil Hospital
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিনিধি (ETV Bharat)

ধাৰাবাহিক প্ৰতিবাদৰ অন্তত বুধবাৰে নলবাৰী জিলা আয়ুক্তৰ সভাকক্ষত আলোচনাত বহিল চিকিৎসালয় সুৰক্ষা সমিতি, জিলা আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ লোক আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । আলোচনাত চিকিৎসালয় সুৰক্ষা সমিতিৰ দাবীসমূহ মন্ত্ৰীয়ে মানি ল'বলৈ বাধ্য হ'ল ।

কি কি দাবী মানি ল'লে চৰকাৰে ?

অৱশ্যে পূৰ্বৰ দৰে ৰোগীৰ সংখ্যা নথকাত ১১০ খন বিচনাতেই সন্তুষ্ট চিকিৎসালয় সুৰক্ষা সমিতিৰ । পৰ্যায়ক্ৰমে ৰোগীৰ অনুপাতে হাস্পতালখনত বিচনাৰ সংখ্যা বৃদ্ধিৰ আশ্বাস দিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

মন্ত্ৰীগৰাকীয়ে জনোৱা ম'তে ইতিমধ্যে চিকিৎসালয়খনত ২১ গৰাকী চিকিৎসক আৰু দলে চিকিৎসা প্ৰদান কৰি আছে । তেওঁ কয়, "কেৱল নামটোহে অসামৰিক ৰখা হোৱা নাই । এখন জিলাত চিকিৎসা মহাবিদ্যালয় থাকিলে সেইখন জিলাত অসামৰিক চিকিৎসালয় থকাতো চৰকাৰ আৰু বিভাগেও মানি নলয় । সেয়েহে সুবিধা সকলোখিনি পৰ্যাপ্ত কৰি কেৱল মাত্ৰ অসামৰিক শব্দটোহে বিলুপ্ত কৰা হৈছে ।"

Swahid Mukunda Kakati Civil Hospital
চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিনিধি আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক (ETV Bharat)

চিকিৎসালয় সুৰক্ষা সমিতি আৰু মন্ত্ৰীৰ আলোচনাৰ অন্তত দুয়োপক্ষই সংবাদ মাধ্যমৰ আগত সকলো কথা উল্লেখ কৰে । চিকিৎসালয় সুৰক্ষা সমিতিৰ দাবীসমূহ পূৰণৰ লগতে হাস্পতাল পৰিচালনা সমিতিত চিকিৎসালয় সুৰক্ষা সমিতিৰ লোকক নিযুক্তি দিয়া বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে । আনহাতে জিলাখনৰ ৰাইজৰ হকে কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি দি চিকিৎসালয় সুৰক্ষা সমিতিয়ে দাবী কৰা মতে প্ৰাক্তন শিক্ষা আৰু গৃহমন্ত্ৰী প্ৰয়াত ৰমনী বৰ্মনৰ স্মৃতিত হাস্পতালখনত এটা কক্ষ স্থাপনৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগে লগে হাস্পতালখনক লৈ দীৰ্ঘদিনে চলি থকা বাক-বিতণ্ডা, আন্দোলন একপ্ৰকাৰ শেষ হোৱাৰ দিশে । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাবীসমূহ পূৰণৰ আশ্বাস প্ৰদান কৰাক চিকিৎসালয় সুৰক্ষা সমিতিয়ে তেওঁলোকৰ আন্দোলনৰ বৃহৎ জয় বুলিও অভিহিত কৰে ।

লগতে পঢ়ক :ঐতিহাসিক ধোদৰ আলি নিৰ্মাণত বিসংগতি; প্ৰতিবাদত পথ অৱৰোধ জনতাৰ - HISTORIC DHODAR ALI ROAD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.