ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন; সফল হোৱা নাই বিদেশী বিশেষজ্ঞ
অ' এন জি চিৰ ৰীগত গেছ নিৰ্গমন অব্যাহত । ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী মানস ৰবীনৰ ।

Published : June 22, 2025 at 5:41 PM IST
আমগুৰি: ১১ দিন হ'ল এতিয়াও শিৱসাগৰৰ ভটীয়াপাৰত অব্যাহত আছে অ' এন জি চিৰ আৰ ডি এচ ১৪৭(ক) ৰীগত গেছ নিৰ্গমন অব্যাহত আছে । ইতিমধ্যে আমেৰিকাৰ ৩ জনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলে ভটীয়াপাৰৰ ৰীগ বিস্ফোৰণস্থলীৰ গেছ নিগৰ্মন বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে । দলটো এতিয়াও সফল হোৱা নাই ।
বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰিবলৈ যোৱা দুটা দিন প্ৰচেষ্টা অব্যাহত ৰাখিছে । দলটোৱে গেছ নিয়ন্ত্ৰণ কৰিবলৈ কেপিং পদ্ধতি প্ৰয়োগ কৰিছে বুলি জানিব পৰা গৈছে । কিন্তু এতিয়ালৈ দলটো সফল নোহোৱাত স্থানীয় ৰাইজৰ মাজত আশংকা বৃদ্ধি পাইছে । স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনে অ' এন জি চি আৰু এচ কে পেট্ৰ' প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদো অব্যাহত ৰাখিছে ।
সেই প্ৰতিবাদৰ মাজত উক্ত স্থানত উপস্থিত হয় কণ্ঠশিল্পী মানস ৰবীন । স্থানীয় লোকৰ সহযোগত মানস ৰবীন আৰ্মী ক্লাবেও ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা ১১ দিনে এচ কে পেট্ৰ' প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাই ভুক্তভোগী লোকৰ কোনো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে কণ্ঠশিল্পী মানস ৰবীন । ইফালে শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদমুখৰ হৈ উঠে সমগ্ৰ অঞ্চলটো ।
প্ৰতিবাদৰ মাজতে মানস ৰবীনে কয়, "ভুক্তভোগী ৰাইজ ওলাই আহিছে গতিকে ৰাইজৰ পক্ষত থিয় দিছো । ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব । তাৰ অন্য কোনো গত্যন্তৰ নাই । প্ৰতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে কয়, "ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অ'এন জি চি কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে স্থানীয় লোকসকলে দুৰ্ভোগ ভুগি আছে । আজি ইমান দিনৰ পিছতো গেছ নিৰ্গমন কৰিব পৰা নাই । অতি দুৰ্ভাগ্যজনক কথা ।"
উল্লেখ্য যে গেছ নিৰ্গমন বন্ধ কৰিবলৈ অ' এন জি চি ৰ অন্যান্য কেন্দ্ৰৰ পৰা দক্ষ কৰ্মচাৰী আনিছে আৰু গেছ নিয়ন্ত্ৰণৰ বাবে অতি উচ্চ ক্ষমতাৰ অগ্নি নিয়ন্ত্ৰণ পাম্প, ফ্ৰেক পাম্প, মাড আদি সকলো স্থলত কাম কৰি আছে ।'জাংক (Junk) পাম্পিং'ৰ দৰে উচ্চ প্ৰযুক্তিৰ পদ্ধতিও ব্যৱহাৰ কৰা হৈছে আৰু অ' এন জি চিৰ বিষয়াসকলে আন্তৰ্জাতিক বিদেশী বিশেষজ্ঞসকলৰ সৈতেও নিৰন্তৰ যোগাযোগ ৰাখিছে । শীতলীকৰণ প্ৰভাৱ আৰু অগ্নিৰোধ কৰাৰ বাবে এটা পানীৰ আৱৰণ নিৰন্তৰ বজাই ৰখা হৈছে ।
তাৰ মাজত উত্তেজিত ৰাইজে অ' এন জি চিৰ জেনেৰেল মেনেজাৰক জাবাবদিহি কৰে । স্থানীয় ৰাইজৰ প্ৰশ্নৰ পিছতে অ' এন জি চিৰ জেনেৰেল মেনেজাৰগৰাকীয়ে কয়, "কেপিঙৰ বাবে অ' এন জি চি আৰু বিশেষজ্ঞ দলে প্ৰস্তুতি চলাই আছে ।" গেছ নিৰ্গমন বন্ধ কৰিবলৈ আৰু কিমান সময় লাগিব তাৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে অ' এন জি চি বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক :শিৱসাগৰত উপস্থিত আমেৰিকাৰ তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল - ONGC RIG GAS LEAKAGE

