সাত দিন ধৰি অহৰহ গেছ নিৰ্গমন; ভটীয়াপাৰস্থিত ONGC ৰিগত ৰাইজৰ প্ৰতিবাদ
শিৱসাগৰৰ ভটীয়াপাৰস্থিত ONGCৰ আৰ ডি এছ ১৪৭ (ক) ৰিগত সাতদিনে অহৰহ নিৰ্গমন হৈ আছে গেছ । ২৪ ঘণ্টাই হৈ আছে প্ৰচণ্ড শব্দ ।

Published : June 18, 2025 at 6:18 PM IST
আমগুৰি : শিৱসাগৰৰ ভটীয়াপাৰস্থিত অ' এন জি চিৰ আৰ ডি এছ ১৪৭ (ক) ৰিগত অহৰহ গেছ নিৰ্গমনৰ ঘটনাই আজি সাতদিনত ভৰি দিলে । আনহাতে, ২৪ ঘণ্টাই ৰিগটোৰ পৰা হৈ আছে প্ৰচণ্ড শব্দ ।
ইয়াৰ মাজতে অ' এন জি চিৰ চৰম ব্যৰ্থতা আৰু মুখ্যমন্ত্ৰীৰ এককালীন সাহায্যৰ পৰা বহু প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ তুলি বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে । ৰিগটোৰ পৰা ৫০০ মিটাৰ নিলগত প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
অ' এন জি চি হায় হায়,ঠিকাদাৰ প্ৰতিষ্ঠান এছ কে পেট্ৰ' মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা স্থানীয় ৰাইজে । ইয়াৰ উপৰি অ' এন জি চিৰ ভুলৰ বাবেই বৰ্তমান স্থানীয় কেইবাগৰাকীও লোক অসুস্থ হৈ চিকিৎসাধীন হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছে ।
এগৰাকী স্থানীয় ব্যক্তি তথা প্ৰতিবাদকাৰীয়ে কয়, "মই ভটীয়াপাৰবাসী ৰাইজৰ হৈ কৈছোঁ, যি ভটীয়াপাৰত এনেকুৱা পৰিস্থিতি হৈছে অ' এন জি চিৰ ৰিগটোৰ পৰা প্ৰদূষণ সৃষ্টি হৈছে । আমাৰ বহুত মানুহ অসুখীয়া হৈছে । হাৰ্ট এটাকো হৈছে । কিন্তু এই পৰিস্থিতিটোৰ পৰা আমি যেনেকৈ খাবলৈ পাব লাগিছিল তেনেকৈ পোৱা নাই । ৰাতিপুৱা একাপ লাল চাহ, এটা ব্ৰেড আৰু এটা ডিম দিয়ে । দিনটো তেনেকৈ পাৰ কৰিছে ... এনেদৰে ৰুগীয়া মানুহে থাকিব নোৱাৰে । গতিকে আমাক উচিত ব্যৱস্থা লাগে ।"
আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাই কয়, "যোৱা ১২ তাৰিখৰ পৰা দৈনিক বিকট শব্দ কৰি অহৰহ গেছ নিৰ্গত হৈ আছে । অ' এন জি চি কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে এই গেছ ৰোধ কৰিব পৰা নাই । অ' এন জি চি কৰ্তৃপক্ষই ৰোধ কৰিব নোৱৰাৰ কাৰণটো হৈছে যে এই ৰিগটো হৈছে ব্যক্তিগত খণ্ডৰ ৰিগ । এছ কে পেট্ৰ', আচলতে কৃষ্ণ আগৰৱালা নামৰ ব্যক্তিজনৰ এই ৰিগটো আছিল । এই ৰিগটো আচলতে এটা বি গ্ৰেড হোৱা ৰিগ আৰু অ' এন জি চি কৰ্তৃপক্ষক মোটা অংকৰ ধন দি এছ কে পেট্ৰ' নামৰ ৰিগটোৱে কম দামত কিছুমান অনভিজ্ঞ ব্যক্তিক লৈ তেওঁলোকে তৈল খনন কৰি আছিল ।"
উল্লেখ্য যে এছ কে পেট্ৰ’ নামৰ বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অবিবেচক কাণ্ডৰ ফলতে অঞ্চলটোৰ প্ৰায় ৩৫০ টা পৰিয়াল ভুক্তভোগী হোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, তেলচোৰ বুলি অভিযোগ থকা এছ কে পেট্ৰ’ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে ।
লগতে বিতৰ্কিত, পূৰ্বে বহু অভিযোগেৰে অভিযুক্ত এছ কে পেট্ৰ’ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতি অ' এন জি চি কৰ্তৃপক্ষৰ কিয় ইমান দৰদ বুলিও প্ৰশ্ন উত্থাপন কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এছ কে পেট্ৰ’ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । লগতে এছ কে পেট্ৰ’ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী তুলিছে সংগঠনটোৱে ।
উল্লেখ্য যে অ' এন জি চিৰ অন্যতম সঞ্চালক বিক্রম ছাক্সেনা, নিগমৰ ৰিজিঅ'নেল ক্রাইছিছ মেনেজমেণ্ট টীমৰ মুৰব্বী শ্রীহৰি আৰু অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ মিটম চৌধাৰীৰ নেতৃত্বত বিগত পাঁচটা দিনে অ' এন জি চি আৰু অইলৰ কাৰিকৰী বিশেষজ্ঞৰ দলে গেছ নির্গমন ৰোধ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে যদিও আজি সপ্তম দিনতো কাৰিকৰী বিশেষজ্ঞৰ দলসমূহ সম্পূর্ণৰূপে বিফল হৈছে ।
আনহাতে, ৰিগটোৰ সমীপেৰে বৈ যোৱা দিখৌ নদীত দহটাৰো অধিক পাম্প স্থাপনৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে নির্গমন হৈ থকা গেছত পানী ছটিয়াই শীতলীকৰণৰ ব্যৱস্থাকৰণৰ লগতে ৰিগটো নিষ্ক্রিয়কৰণৰ বাবে সাতবাৰকৈ প্রচেষ্টা চলায়ো বিশেষজ্ঞৰ দলটো সফল নোহোৱাত এতিয়া সমগ্র অঞ্চলজুৰি দ্বিতীয় বাঘজান কাণ্ডৰ আশংকাই ৰাইজক ত্ৰস্তমান কৰি তুলিছে ।
ইফালে যিকোনো মুহূৰ্ততে হ'ব পৰা অঘটনৰ আশংকাত ৰাইজে এতিয়া টালি- টোপোলা বান্ধি নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ যো-জা চলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ উপৰি ৰিগটোৰ পৰা নিৰ্গত গেছৰ পার্শ্বক্ৰিয়াই আক্রান্ত কৰিছে বহুজনক ।
শ্বাস-প্রশ্বাসজনিত ৰোগৰ উপৰি পেটৰ অসুখ, প্রচণ্ড মূৰৰ বিষত আক্ৰান্ত হৈছে ৰিগটোৰ দাঁতিকাষৰীয়া ৰাইজ । ইফালে খলনায়ক হিচাপে বিবেচিত হোৱা এছ কে পেট্ৰ'ৰ বিৰুদ্ধে ক্ষোভত জ্বলি উঠিছে শিৱসাগৰৰ দল-সংগঠনৰ লগতে গেছ নির্গমন হোৱা ৰিগটোৰ সমীপৱৰ্তী ৰাইজ ।
ঘটনাৰ সাতদিন অতিক্ৰম কৰাৰ পাছতো আজিকোপতি দুর্দশাগ্রস্ত ৰাইজৰ কাষত থিয় নিদিয়া এছ কে পেট্ৰ'ৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী ।

