বাৰীচুকৰ গেছ নিৰ্গমনৰ সন্দৰ্ভত বিদেশৰ বিশেষজ্ঞৰ লগতো কৰা হৈছে আলোচনা: ONGC
ONGCৰ ১৪৭(এ) ৰিগৰ গেছ নিৰ্গমনৰ অধ্যয়ন আৰু সমাধানৰ বাবে দিল্লীৰ পৰা আহি ঘটনাস্থলীত উপস্থিত হৈছে অ' এন জি চিৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বেদ প্ৰকাশ মহাৱৰ ।

Published : June 17, 2025 at 11:51 PM IST
শিৱসাগৰ : এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত শিৱসাগৰ বাৰীচুকৰ অ' এন জি চিৰ ১৪৭(এ) ৰিগৰ গেছ নিৰ্গমন । বিগত ছটা দিনত নিয়ন্ত্ৰণ কৰিব নোৱৰা ৰিগটোৰ পৰিৱেশ অনাগত দিনত অধিক ভয়ংকৰ হৈ উঠাৰ সম্ভাৱনা আছে । অ' এন জি চি অসম সম্পদৰ দুৰ্যোগ প্ৰশমন বিভাগ 'ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টীম'ৰ সকলো প্ৰচেষ্টা যোৱা ছটা দিনত বিফল হৈছে । 'কিল মাড' প্ৰয়োগ,'জাংক শ্বাট অপাৰেচন' আদিৰ দৰে প্ৰচেষ্টা বিফল হোৱাৰ পাছত আজি অৰ্থাৎ মঙলবাৰে এই বিপৰ্যয়ৰ অধ্যয়ন আৰু সমাধানৰ বাবে দিল্লীৰ পৰা আহি ঘটনাস্থলীত উপস্থিত হৈছে অ' এন জি চিৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বেদ প্ৰকাশ মহাৱৰ ।
ৰিগত সততে সংঘটিত এনে বিপৰ্যয় ৰোধৰ বিশেষজ্ঞ মহাৱৰ । যোৱা চাৰিটা বছৰৰ আগত বাঘজানত সংঘটিত ভয়াবহ অগ্নিকাণ্ডতো বিশেষজ্ঞৰূপে উপস্থিত আছিল বেদ প্ৰকাশ মহাৱৰ । আজি ৰিগটোত উপস্থিত হৈ মহাৱৰে পৰিস্থিতিৰ বুজ লৈ প্ৰাকৃতিক গেছ নিৰ্গমন ৰোধৰ বাবে চেষ্টা চলাব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । আনহাতে ১৪৭(এ) ৰিগত যোৱা বৃহস্পতিবাৰে সংঘটিত এই দুৰ্ঘটনাৰ পাছত আজি অ' এন জি চি কৰ্তৃপক্ষই সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে সম্বোধন কৰে ।
আজি অ' এন জি চি অসম সম্পদৰ কাৰ্যবাহী বিষয়া মনোজ বাদানীৰ উপস্থিতিত সম্পদ প্ৰৱন্ধকৰ কাৰ্যবাহী বিষয়া ভাস্কৰ চৌধুৰী নিতামে ৰিগত সংঘটিত দুৰ্ঘটনা আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা সন্দৰ্ভত সংবাদ মাধ্যমক সবিশেষ তথ্য প্ৰদান কৰে । বিষয়াগৰাকীয়ে কয়, "যোৱা বৃহস্পতিবাৰে ৰিগত সংঘটিত হোৱা দুৰ্ঘটনাটো ‘ৱৰ্কঅভাৰ’ অভিযানৰ সময়ত সংঘটিত হৈছিল, যাৰ ফলত উচ্চ চাপৰ প্ৰাকৃতিক গেছ নিৰ্গত হৈছিল । এই নিৰ্গমনৰ পাছত অ' এন জি চিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু উপযুক্ত ব্যৱস্থা ৰূপায়ণ কৰিছিল ।"
প্ৰাকৃতিক গেছ নিৰ্গমনৰ পাছত তাৎক্ষণিকভাৱে ৰিগত পানী মৰা ব্যৱস্থা অতি জৰুৰী বুলি তেওঁ উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা ৰিগটো শীতল কৰি ৰখাৰ লগতে পৰিস্থিতি অধিক জটিল হোৱাৰ পৰা ৰক্ষা পৰে । ইতিমধ্যে অ' এন জি চিয়ে অধিক পাম্পৰ ব্যৱস্থা কৰি এই পানী মৰা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কথা জানিব দিয়ে । লগতে তেওঁ কয়, "এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মান্যতা অনুসৰি যি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেই ব্যৱস্থা অ' এন জি চিৰ দুৰ্যোগ প্ৰশমন বিভাগে গ্ৰহণ কৰিছে । এই সন্দৰ্ভত বিদেশৰ বিশেষজ্ঞৰ লগত আলোচনা কৰিছো আৰু তেওঁলোকে আমি গ্ৰহণ কৰা ব্যৱস্থাৰ মাজেৰে ৰিগটো নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিবলৈ উপদেশ দিয়ে ।"
এই দুৰ্যোগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে অতি বিশেষজ্ঞ অনা হৈছে বুলি তেওঁ উল্লেখ কৰি এঢাপ এঢাপকৈ এই দুৰ্যোগ ৰোধ কৰিব পৰা যাব বুলিও সদৰী কৰে । তেওঁ এই বিপদৰ সময়ত চৰকাৰ,প্ৰশাসন আৰু স্থানীয় লোকৰ সহযোগিতাক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ সহযোগিতাও কামনা কৰে বেদ প্ৰকাশ মহাৱৰে ।
লগতে পঢ়ক: বাৰীচুকৰ ভয়াবহ গেছ নিৰ্গমন বন্ধ কৰিবলৈ আমেৰিকাৰ পৰা আহিব বিশেষজ্ঞ: মুখ্য়মন্ত্ৰী

