ETV Bharat / state

কালৰূপী ডাম্পাৰ, প্ৰাণ ল'লে ছাত্ৰৰ

দুই ছাত্রৰ বাইক ওপৰৰে চলিল দ্ৰুতবেগী ডাম্পাৰ । মৃত্যুক আকোঁৱালি ল'লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰই ।

One student killed and another student injured in tragic road accident in Jorhat
কালৰূপী ডাম্পাৰ, প্ৰাণ ল'লে ছাত্ৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 3:01 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ডাম্পাৰ দৌৰাত্ম্য বিষয়ে বুজি উঠি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অভিযান আৰম্ভ কৰিবলৈ বিভাগীয় বিভাগক নিৰ্দেশ দিছিল আৰু তাৰ পিছতেই ৰাজ্যজুৰি ডাম্পাৰ বিৰোধী অভিযান আৰম্ভ হৈছিল । কিন্তু তথাপিও কমা নাছিল ডাম্পাৰ অতপালি, ফলত এখন ঘাটক ডাম্পাৰ খুন্দাতে কলিতে মৰহি গ'ল এটি ভৱিষ্যত সম্ভাৱনা । যোৰহাটৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথতৰ অজন্তা বাইপাছত শনিবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ।

দুজন মহাবিদ্যালয়ৰ ছাত্ৰই চলাই যোৱা এখন বাইক মহটিয়াই নিয়ে দ্ৰুতবেগী এখন ডাম্পাৰে । ফলত দ্ৰুতবেগী ডাম্পাৰ খুন্দাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ JISTৰ এজন ছাত্ৰয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন ছাত্ৰ । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক শইকীয়া নামৰ এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু অন্য এজন ছাত্ৰ আহত হয় ।

কালৰূপী ডাম্পাৰ, প্ৰাণ ল'লে ছাত্ৰৰ (ETV Bharat Assam)

মৃত ছাত্ৰজনৰ ঘৰ ডিব্ৰুগড়ত আৰু আঘাতপ্ৰাপ্ত ছাত্ৰ জনৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে । এখন মটৰ চাইকেলত ছাত্ৰ দুজন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত AS-04-8552 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাখনে মহটিয়াই নিয়ে । দুৰ্ঘটনাৰ শিহৰণকাৰী সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত । আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰা ডাম্পাৰখন খেদি খেদি জব্দ কৰে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে উক্ত স্থানতেই এখন দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ লৈছিল এজন স্কুটাৰ আৰোহীক । ৰাজপথত তাণ্ডৱ চলোৱা ঘাটকৰূপী ডাম্পাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সচেতন ৰাইজে ।

One student killed and another student injured in tragic road accident in Jorhat
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ (ETV Bharat Assam)

সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, "ইয়াতে ৰৈ থাকোতেই দেখিলোঁ যে দুৰ্ঘটনাটো হ'ল । কেইজনমান মানুহে ক'লে ডাম্পাৰখন গৈ আছে বুলি । পিছা কৰি গৈ আমি ভিডিঅ'টো লৈ আহিলোঁ । দুৰ্ঘটনাত পতিত এজন ডিব্ৰুগড়ৰ বুলি কৈছে আৰু এজন নগাঁৱৰ বুলি কৈছে ।"

লগতে পঢ়ক: মোক ক্ষমা কৰক, মই ভুল কৰিছিলোঁ: অনুতপ্ত অখিল গগৈৰ নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা - MLA AKHIL GOGOI APOLOGIZES

ৰাজনীতি নকৰি আপোনালোকে কামবোৰ কৰি দেখুৱাওক: এখন গাঁৱৰ ৰাইজৰ আহ্বান - PANCHAYAT ELECTION 2025