অসম সাহিত্য সভাত এক ব্যক্তি এক পদ নীতি, বৃদ্ধি পাব মহিলা প্ৰতিনিধি
অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনত নতুন নিয়ম । গামোচা, শৰাইৰে আদৰণি জনোৱা নহ'ব বিষয়ববীয়াক ।

Published : February 19, 2025 at 7:38 AM IST
|Updated : February 19, 2025 at 10:32 AM IST
যোৰহাট: পাঠশালা অধিৱেশনত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনত 'এক ব্যক্তি এক পদ' নীতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই নীতিৰ ফলত অসম সাহিত্য সভাত এজন ব্যক্তিয়ে এটা পদবীতকৈ অধিক পদৰ দায়িত্বত থাকিব নোৱাৰিব । বিগত সময়ত সাহিত্য় সভাৰ মজিয়াত হোৱা বিতৰ্কৰ অৱসান ঘটাই এক সংস্কাৰকামী পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে সদৰী কৰি এইদৰে মন্তব্য় কৰে অসম সাহিত্য় সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ।
মঙলবাৰে যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজিত এক সংবাদমেলত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত কাৰ্যনিৰ্বাহক সমিতি গঠন সম্পৰ্কে ব্য়াখ্য়া কৰি সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়," অসম সাহিত্য সভাত পৰিয়ালৰ এজন ব্যক্তিয়ে এটাতকৈ অধিক পদ নাপায় । " লগতে সভাপতি গোস্বামীয়ে কয় যে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনত সংবিধানৰ আধাৰতেই সম্পাদক পদৰ বাবে সংশ্লিষ্ট কাৰ্যালয় থকা জিলাখনৰ পৰা মনোনীত কৰা হৈছে ।
- হিচাপ দাখিল নকৰাসকলৰ বিৰুদ্ধে পদক্ষেপ :
সভাপতিগৰাকীয়ে পুনৰ কয়," নতুন কাৰ্যনিৰ্বাহক সমিতিত যিসকল ব্যক্তিয়ে পূ্ৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহককে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি হিচাপ দাখিল কৰা নাই, তেনে ব্যক্তিক সাহিত্য সভাৰ কোনো পদবীৰ বাবে মনোনীত কৰা নহ'ব ।"
- বৃদ্ধি পাব মহিলা প্ৰতিনিধিৰ সংখ্য়া
অসম সাহিত্য সভাৰ মজিয়াত মহিলা প্ৰতিনিধিৰ সংখ্য়া বৃদ্ধি কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়," প্ৰথমবাৰৰ বাবে সভাত মহিলাৰ বাবে ৩৩ শতাংশ স্থান নিশ্চিত কৰা হ'ব।" সভাপতিগৰাকীয়ে পুনৰ কয়," অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিত সমগোত্ৰীয়,জনগোষ্ঠীয়, জনজাতীয় আৰু বিভিন্ন ৰাজনৈতিক দলৰ সভাপতি, উপ-সভাপতি,সাধাৰণ সম্পাদক ,সম্পাদকক অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২০২৫-২৭ বৰ্ষত হ'বলগা কাৰ্যনিৰ্বাহ সমিতিৰ অধিৱেশন এদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব ।"
আনহাতে, কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াক সম্বৰ্ধনা জনোৱা সন্দৰ্ভতো নিয়মৰ সলনি কৰা বুলি উল্লেখ কৰি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়," কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াক গামোচা,শৰাইৰ পৰিৱৰ্তে কিতাপেৰে আদৰণি জনোৱা হ'ব ।" লগতে দুটা বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ ধন ভৰালী হিচাপে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণিৰাম লহকৰক মনোনীত কৰা হৈছে বুলিও তেওঁ কয় । উল্লেখ্য় যে ২০২৫-২৭ বৰ্ষৰ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা অহা ৯ মাৰ্চত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বুলি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে সদৰী কৰিছে ।

