গোলাঘাট: গোলাঘাট জিলাৰ বুধে চাপৰিৰ খুটিলৈ ম'হ আনিবলৈ গৈছিল এজন লোক । সোমবাৰে সন্ধিয়া লোকজনে ম'হ খেদি আনিবলৈ যোৱাৰ সময়তেই সন্মুখত ওলাল প্ৰকাণ্ড বনৰজা । লোকজনে সন্মুখত জীয়া যম দেখি কিংকৰ্তব্য়বিমূঢ় হৈ পৰিল । সুযোগ বুজি পলাবলৈ চেষ্টা কৰাৰ পূৰ্বেই বনৰজা জঁপিয়াই পৰিল লোকজনৰ ওপৰত আৰু তাৰ পিছতেই ঘটি গ'ল কৰুণ ঘটনাটো ।
বোকাখাত সমজিলাৰ অন্তৰ্গত বুধে চাপৰিত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা । আনদিনাৰ দৰে সোমবাৰে সন্ধিয়া দেৰগাঁও থানাৰ অন্তৰ্গত ছেলেক গাঁৱৰ গোপীনাথ মিলি নামৰ লোকজনে বুধে চাপৰিত খুটিলৈ ম'হ খেদি আনোতে হঠাৎ এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰে । লোকজনে চিঞৰ-বাখৰ কৰে যদিও বাঘে তেওঁক আক্ৰমণ কৰি হাবিলৈ টানি নিয়ে ।
ইপিনে, লোকজনৰ চিঞৰ শুনি স্থানীয় লোক সেইস্থান পাওঁতে তেজৰ চেকুৰা, লোকজনৰ কাপোৰ, ছেণ্ডেল আদি দেখা পায় । লগতে লোকজনক বাঘে হাবিলৈ চোঁচৰাই নিয়াৰ চিন দেখা পায় । এই ঘটনাৰ বিষয়ে বন বিভাগৰ লোকক অৱগত কৰাত নিশা গোলাঘাট সদৰ ৰেঞ্জাৰ আৰু নুমলীগড় খণ্ড বিষয়াৰ নেতৃত্ব ১৫ জনীয়া বনকর্মীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ঘন হাবিত লোকজনৰ মৃতদেহ বিচাৰি পায় ।
বন বিভাগৰ লোকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে, বাঘৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য জীৱ-জন্তুৱে বিভিন্ন সময়ত কাষৰীয়া অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰাটো কোনো নতুন কথা নহয় । কিন্তু ইয়াৰ পিছতো এইক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।