ETV Bharat / state

ধান কটাক লৈ খাছি-অসমীয়াৰ যুঁজ, নিহত এজন

অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ, খাছিয়াৰ আক্ৰমণত এজন নিহত ।

One killed in a clash between Khashi and Assamese at the Assam-Meghalaya border
খাছি-অসমীয়াৰ যুঁজত নিহত এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 11:05 PM IST

2 Min Read
Choose ETV Bharat

ডিফু: পশ্চিম কাৰ্বি-আংলঙৰ অসম-মেঘালয় সীমান্তৰ তাপাত নামৰ অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি খাছিয়া আৰু অসমৰ স্থানীয় জনতাৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষৰ ফলত অৰিৱেল তিমুং নামৰ অসমৰ এজন লোক নিহত হয় । ঘটনাৰ সূত্র অনুসৰি মেঘালয়ৰ খাছি লোকে বিগত বহু বছৰ ধৰি সীমান্তৰ অসমৰ এই ভূমি তেওঁলোকৰ বুলি দাবী কৰি অঞ্চলটোত সময়ে সময়ে উত্তেজনাৰ সৃষ্টি কৰি আহিছে ।

মেঘালয়ৰ খাছি লোকে বহু বছৰৰ পৰা অসমৰ ভিতৰলৈ সোমাই আহি ধান খেতিৰ লগতে আন কৃষিজাত খেতি কৰি আহিছে । খাছিয়া লোকে অসমৰ ভিতৰত কৰা ধান খেতি কাটিবলৈ চলোৱা প্ৰস্তুতিক লৈ বহু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈ আছিল । এই সম্পর্কে যোৱা ৬অক্টোবৰত এখন শান্তি সভাও অনুষ্ঠিত হৈছিল দুয়োপক্ষৰ মাজত । দুয়োপক্ষৰ মাজত সন্মতি অবিহনে ধান নকটাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও আজি খাছিলোকে ধান কাটিবলৈ লোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষৰ সূত্রপাত ঘটে ।

ধান কটাক লৈ খাছি-অসমীয়াৰ যুঁজ (ETV Bharat Assam)

খাছি লোকে অসমৰ লোকসকলক চোকা অস্ত্ৰৰ লগতে গুলী চালনা কৰি আক্ৰমণ কৰে বুলি একাংশ লোকে অভিযোগ কৰে । খাছী লোকৰ এই আক্ৰমণত অসমৰ এগৰাকী লোকৰ মৃত্যু ঘটে । আনহাতে ঘটনাস্থলীত উপস্থিত থকা দুয়োপক্ষৰ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । সমগ্র এলেকাটোত এতিয়াও তীব্র উত্তেজনাই বিৰাজ কৰি আছে ।

অসম আৰক্ষীয়ে এটা বৃহৎ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি অসম আৰক্ষীৰ শীর্ষ বিষয়া ঘটনাস্থলীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে । উল্লেখনীয় যে কেইমাহমান পূর্বে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সীমান্তৰ এই অঞ্চলত ৰঙা চন্দনৰ বহু পুলি ৰোপন কৰিছিল ।

খাছিয়া দুর্বৃত্তই এই পুলিসমূহ কাটি দিয়াত সংঘাতৰ সৃষ্টি হৈছিল । তেতিয়াৰে পৰা অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছিল । অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে পশ্চিম কাৰ্বি-আংলঙৰ এই সীমান্ত অঞ্চলৰ বিবাদ মীমাংসাৰ বাবে বহু আলোচনাত মিলিত হৈছে যদিও আজিলৈকে অঞ্চলটোৰ বিবাদৰ স্থায়ী সমাধান সূত্র উলিয়াবলৈ সক্ষম নহ'ল ।

লগতে পঢ়ক: শুকুৰবাৰে ঘোষণা হ'ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ ফলাফল

উপাচার্য পদৰ পৰা অব্যাহতি লওক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমা সোঁৱৰাই স্বয়ং ননীগোপাল মহন্তৰ হাততেই তুলি দিলে স্মাৰকপত্ৰ