ETV Bharat / state

ডিগবৈত ৰহস্যজনক গুলীচালনাত আহত এজন

ডিগবৈত গুলীচালনাৰ ঘটনা । গুলীবিদ্ধ হেমন্ত শইকীয়া নামৰ এজন লোক । গুলীবিদ্ধ হেমন্ত শইকীয়া চিকিৎসাধীন । পলাতক গুলীচালনা কৰা সতীৰ্থ ।

Digboi firing incident
ডিগবৈত ৰহস্যজনক গুলীচালনাৰ ঘটনাত আহত এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2024 at 9:21 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত নাজিৰাটিং অঞ্চলত দেওবাৰে এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । উক্ত ঘটনাত গুলীবিদ্ধ হয় ডিগবৈ ৰামনগৰৰ হেমন্ত শইকীয়া (৩৭) নামৰ এজন যুৱক ।

ঘটনা সন্দৰ্ভত হেমন্ত শইকীয়া আৰু তেওঁৰ পত্নীয়ে সদৰী কৰা অনুসৰি, এখন হুণ্ডাই গাড়ীৰে এগৰাকী সতীৰ্থৰ সৈতে হেমন্ত শইকীয়া নাজিৰাটিং অঞ্চলত উপস্থিত হয় । কিন্তু সতীৰ্থৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈ কাজিয়াৰ সৃষ্টি হয় । তেনেতে হেমন্তক অস্ত্ৰৰে মূৰ, ভৰি আৰু হাতত উপৰ্যুপৰি আঘাত কৰে সতীৰ্থজনে । লগতে সতীৰ্থজনে হেমন্তৰ বুকুত গুলীওৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু সতীৰ্থজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ডিগবৈত ৰহস্যজনক গুলীচালনাৰ ঘটনাত আহত এজন (ETV Bharat Assam)

পৰৱৰ্তী সময়ত হেমন্তক ডিগবৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমলৈ প্ৰেৰণ কৰা হয় । বৰ্তমান চিকিৎসাধীন হেমন্ত শইকীয়া । হেমন্ত শইকীয়া পেছাত এগৰাকী ব্যৱসায়ী । কিন্তু কি কাৰণত কাজিয়াৰ সূত্ৰপাত হৈ গুলীচালনাৰ ঘটনা সংঘটিত হ’ল সেয়া ৰহস্যজনক ।

উক্ত ঘটনাক লৈ তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম), মাৰ্ঘেৰিটা সমজিলাৰ আৰক্ষী বিষয়া ডিগবৈ আৰক্ষী থানাত উপস্থিত হোৱাৰ লগতে এটা দল ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত উপস্থিত হৈ গুলীবিদ্ধ হেমন্ত শইকীয়াক সোধা-পোছা কৰে । আনহাতে, উক্ত ঘটনাৰ স’তে জড়িতৰ সন্দেহত ইতিমধ্যে এগৰাকী যুৱকক ডিগবৈ আৰক্ষীয়ে আটক কৰি ক্ষিপ্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে ।

ইফালে ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য, হেমন্তৰ সৈতে কাজিয়াত লিপ্ত আটাইকেইজন সতীৰ্থই পলায়ন কৰিছে আৰু তেওঁলোককো হেমন্তই দাৰে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰে বুলি নিজমুখে স্বীকাৰ কৰে যদিও ক’ত চিকিৎসাধীন হৈ আছে সেই তথ্য পোহৰলৈ অহা নাই ।

লগতে পঢ়ক :প্ৰাণ বচাওতাজনকেই ঠেলি দিলে নদীৰ বুকুলৈ: এতিয়াও উদ্ধাৰ হোৱা নাই সন্ধানহীন মনোজ
লগতে পঢ়ক :দুৰ্ঘটনাত পতিত বেহাৰবাৰী আউটপোষ্টৰ "তৰামাই"