ভয়াৱহ ! চাৰিওফালে কেৱল কান্দোনৰ ৰোল, ৰূপনগৰৰ ভয়ংকৰ ভূমিস্খলনত নিহত মনেশ্বৰ ৰাজবংশী
ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন । নিহত এজন ।

Published : June 7, 2025 at 5:40 PM IST
গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । মহানগৰীৰ ৰূপনগৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা ভূমিস্খলনত সন্ধানহীন হৈ পৰে মনেশ্বৰ ৰাজবংশী(৬০) নামৰ এজন । শেহতীয়া খবৰ অনুসৰি, ইতিমধ্যে উদ্ধাৰ হৈছে সন্ধানহীন মনেশ্বৰৰ নিথৰ দেহ ।
এছ ডি আৰ এফ, এন ডি আৰ এফ এৰ উদ্ধাৰ অভিযানৰ প্ৰায় ১৭ ঘন্টা ওকলি যোৱাৰ পিছত উদ্ধাৰ হৈছে সন্ধান মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ ।
কেতিয়া সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা
বিদ্যা ভাৰতীতত কৰ্মৰত মনেশ্বৰ ৰাজবংশীয়ে পত্নী গীতা ৰাজবংশী, আঠ বছৰীয়া কন্যা সৃষ্টি ৰাজবংশী আৰু বৃদ্ধ মাতৃ ৰেণু বৰ্মন সৈতে সুখেৰে বাস কৰিছিল ৰূপনগৰত । তেওঁৰ পত্নী গীতা ৰাজবংশীৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বাজিছে, নিশাৰ আহাৰ গ্ৰহণ কৰি মাতৃ-পুত্ৰই বহি আছিল আৰু গীতায়ে বাচন ধুই আছিল । হঠাতে এটা শব্দ শুনি মনেশ্বৰে কিহৰ শব্দ হৈ বুলি পিছফালৈ চাবলৈ ওলাই গৈছিল ।
সেই সময়তে পাহাৰৰ প্ৰায় ১০০ ফুট ওপৰৰ পৰা বাগৰি অহা এটা প্ৰকাণ্ড শিল আৰু মাটি-বালি মনেশ্বৰৰ ঘৰত বাগৰি পৰে । পাহাৰৰ পৰা খহি পৰা এই মাটিয়ে পুঁতি পেলায় মনেশ্বৰক । আনহাতে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰা মাতৃ, পত্নী আৰু কন্যা ।
মনেশ্বৰৰ পৰিয়ালটোৰ চিঞয়-বাখৰ শুনি ওচৰ-চুবুৰীয়াই ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা গীতা, সৃষ্টি আৰু ৰেণুক উদ্ধাৰ কৰে । শেহতীয়া খবৰ অনুসৰি, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মনেশ্বৰৰ মৃতদেহ ।
VIDEO | Guwahati, Assam: One dead in landslide in Rupnagar area. NDRF, SDRF continue rescue operations.#AssamFlood #GuwahatiRains
— Press Trust of India (@PTI_News) June 7, 2025
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/95wfHFHHTF
চুবুৰীয়া এজন লোকে জনোৱা মতে, "নিশা ১১.৩০ মান বজাত প্ৰকাণ্ড শব্দ এটা শুনি ওলাই আহিলো । পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড শিল এটা আৰু বালি দুটা পৰিয়ালৰ ঘৰৰ ওপৰত পৰি যায় । বিনয় সিং নামৰ লোকজনৰ পৰিয়ালৰ চাৰি সদস্য শব্দ শুনি ঘৰৰ বাহিৰলৈ ওলাই আহে আৰু তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে । কিন্তু মনেশ্বৰৰ ৰাজবংশীৰ পৰিয়ালটো ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰে । পৰিয়ালটোৰ তিনি সদস্যক আমি উদ্ধাৰ কৰো যদিও মনেশ্বৰে ঘৰৰ বাহিৰলৈ ওলাই গৈছিল আৰু শিল বালিৰ মাজত আৱদ্ধ হৈ পৰে । নিশাৰ পৰা বৰ্তমানলৈ অভিযান অব্যাহত আছে যদিও সন্ধান উলিয়াব পৰা নাই ।"
মনেশ্বৰ কোন ?
ওচৰ চুবুৰীয়াই জনোৱা মতে, "ৰূপনগৰৰ বাসিন্দা ৰেণু বৰ্মনৰ এটি সন্তান আছিল । হঠাতে ৰেণুৰ স্বামীৰ মৃত্যু হোৱাত তেওঁ পুত্ৰৰ সৈতে বাস কৰিছিল । কিন্তু হঠাৎ অন্ধকাৰ নামি আহিছিল ৰেণুৰ জীৱনলৈ । কিয়নো তেওঁৰ পুত্ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । ৰেণুৰ পুত্ৰ ৰোগাক্ৰান্ত হৈ থকাৰ সময়ৰে পৰা ৰঙিয়াৰ মনেশ্বৰ ৰাজবংশীয়ে তেওঁক সহায়-সহযোগীতা কৰিছিল । পুত্ৰৰ মৃত্যুৰ পিছতেই ৰেণু বৰ্মনে মনেশ্বৰক পুত্ৰ হিচাপে তুলি লৈ লগতে ৰাখে । পিছলৈ বিয়া পাতি দিয়া । বৰ্তমান মনেশ্বৰ, তেওঁৰ পত্নী আৰু কন্যাৰ সৈতে সুখেৰে বাস কৰিছিল ৰেণু বৰ্মনে । নিয়তিৰ কি যে পৰিহাস, ৰেণু বৰ্মনৰ এই সুখ যে সহ্য নহ'ল ভগৱানৰ ! শুকুৰবাৰে নিশা হোৱা ভূমিস্খলনত নিৰুদ্দেশ হ'ল মনেশ্বৰ ৰাজবংশী ।"
১২ টাকৈ পৰিয়ালক বাসগৃহ খালি কৰাৰ নিৰ্দেশ
শুকুৰবাৰে নিশা সংঘটিত হোৱাৰ এই ঘটনাৰ পিছতেই তাৎক্ষণিকভাৱে সেই স্থানৰ ওচৰে পাজৰে বিপদসংকুলভাৱে পাহাৰত বাস কৰি থকা ১২ টা পৰিয়ালক বাসগৃহ খালি কৰাৰ নিৰ্দেশ দিছে । সেই অঞ্চলৰ গাঁওবুঢ়াই জনোৱা মতে, ৰূপনগৰৰ ভয়ংকৰ ভূমিস্খলনৰ পিছত সেই স্থানৰ ওচৰ-পাজৰে থকা ১২ টাকৈ বাসগৃহ খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে । অতিশীঘ্ৰেই জাননী যোগে সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশ জাৰি কৰিলে জিলা প্ৰশাসনে । বাৰিষা দিনত তেওঁলোকক আশ্ৰয়ৰ বাবে কমিউনিটি হলৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।
উল্লেখ্য যে, বিগত মাহত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত পাঁচজনলোকে প্ৰাণ হেৰুৱাইছে । ভয়াৱহ ভূমিস্খলনৰ ফলত বোন্দাৰ দৈমুগুৰিত মৃত্যু হয় মাতৃ পুনম গোস্বামী (৩৪), কন্যা নীলাক্ষী গোস্বামী(৪)ৰ । পৰিয়ালটোৰ কাষতে বাস কৰা আন এটি শিশু কন্যা ৰঞ্জিতা বড়োৰো (৫) মৃত্যু হয় ।
ইপিনে গুৱাহাটীৰ দাতালপাৰাৰ ভয়াৱহ ভূমিস্মলনৰ ফলত জ্যোতিময় বড়ো (৯) আৰু ৰবীন দাস(৫০) নামৰ লোকজনৰ মৃত্যু হৈছিল ।

