ETV Bharat / state

জিলা আয়ুক্তৰ বৃহৎ সিদ্ধান্ত : একেদিনাই ১৪৬ লাট মণ্ডলক বদলি

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । দুৰ্নীতি নিৰ্মূলৰ স্বাৰ্থত একাংশ লাট মণ্ডলক ৰদ-বদল ।

Nagaon lot Mondal reshuffle
নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলক বদলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 7:00 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : নগাঁও জিলাত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে ।

জিলাৰ আটাইকেইটা চক্ৰ বিষয়া কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলৰ উপৰিও ৪ গৰাকী কানানগোকো একেদিনাই বদলি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । এই সিদ্ধান্ত নগাঁও জিলাৰ প্ৰশাসনিক ইতিহাসত এক বৃহৎ পদক্ষেপ হিচাপে চর্চা আৰম্ভ হৈছে ।

নগাঁও জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত (ETV Bharat)

উল্লেখ্য যে, একাংশ লাট মণ্ডলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি একেটা কাৰ্যালয়তে থাকি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আনকি একাংশ লাট মণ্ডলৰ বিৰুদ্ধে ২৮ বছৰ পৰ্যন্ত একেটা কাৰ্যালয়ত থাকি নিজৰ পদৰ অপব্যৱহাৰ কৰি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰো আছে অভিযোগ । এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত জিলাৰ সাধাৰণ জনতাৰ মাজতো তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছিল ।

জনসাধাৰণৰ মাজত প্ৰশাসনৰ প্ৰতি আস্থা পুনৰুদ্ধাৰৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অৱশেষত আটাইকেইগৰাকী মণ্ডলক ৰদ বদলৰ দৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পিছতে দেৱাশীষ শৰ্মাই জিলাখনৰ প্ৰশাসনক স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । তাৰ অংশ হিচাপেই জিলাখনৰ সকলো চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলক ৰদ-বদল কৰি একপ্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

Nagaon lot Mondal reshuffle
নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলক বদলি (ETV Bharat)

দীৰ্ঘদিন ধৰি একেটা কাৰ্যালয়ত থকা লাট মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বদলি কৰি কাম-কাজত স্বচ্ছতা আৰু দক্ষতা অনাৰ উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

Nagaon lot Mondal reshuffle
নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলক বদলি (ETV Bharat)

জিলা আয়ুক্তই গ্ৰহণ কৰা এই সিদ্ধান্তক নগাঁও জিলাৰ জনসাধাৰণেও ব্যাপক আদৰণি জনাইছে । নগাঁৱৰ জনতাৰ মতে এই ৰদ-বদলৰ ফলত প্ৰশাসনৰ স্বচ্ছতা বৃদ্ধি পাব আৰু দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা প্ৰেৰণ হ'ব । স্থানীয় লোকসকলে এই পদক্ষেপক জিলাৰ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰিছে ।

সোমবাৰৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে থকা ৰাইজৰ অভিযোগৰ শুনানি গ্ৰহণৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । বিষয়া, কৰ্মচাৰীৰ গাফিলতিৰ বাবে সাধাৰণ ৰাইজে যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে তাৰ ব্যৱস্থা গ্ৰহণৰ কথাও জানিবলৈ দিয়ে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

Nagaon lot Mondal reshuffle
নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ১৪৬ গৰাকী লাট মণ্ডলক বদলি (ETV Bharat)

এই সন্দৰ্ভত তেওঁ কয়, "নগাঁও জিলাখনত আমি যোৱা ডেৰ মাহে বহুতো তেনে অভিযোগ পাইছো যে এজন সাধাৰণ নাগৰিক যেনে বৃদ্ধ-বিধৱা মহিলা পৰ্যন্ত সাধাৰণ মাটিৰ কামত দালাল চক্ৰ সোমাই যায় বা কেতিয়াবা কিবা কাৰণবশতঃ তেওঁলোকৰ কাম নহয় । সোমবাৰৰ পৰা পুৱা ১০ বজাৰ পৰা গধূলি ৮ বজালৈ মই শুনানি লম । মই এটা আহ্বান জনাম যদি নগাঁও জিলাত কোনো লোকে মাটিৰ কামত আহি কিবা অসুবিধা পাইছে, হাৰাশাস্তি পাইছে আমাৰ ওচৰলৈ আহিব । আমাৰ চেম্বাৰত বহি থাকিম আৰু তেওঁলোকৰ শুনানি লম...। বিধিগত কাম যদি কিবা আছে সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিম ।"

লগতে পঢ়ক :সম্পন্ন হ'ল উচ্ছেদ অভিযান, উন্মোচিত হ'ল অপৰাধৰ এক তথ্য় - URIAMGHAT EVICTION