ETV Bharat / state

চিকিৎসালয়ৰ ভিতৰতে কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ; পাঁচ লাখ টকা দাবী আক্ৰমণকাৰীৰ - Miscreants attack on doctor

Attack on Doctor: চিকিৎসালয়তে চিকিৎসকক আক্ৰমণৰ ঘটনা । এখন অসামৰিক চিকিৎসালয়ত চিকিৎসকক আক্ৰমণ কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল । আক্ৰমণকাৰীক আটক ।

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 12:21 PM IST

Doctors attacked at Karimganj Civil Hospital, authorities lodged an FIR
কিয় আক্ৰমণৰ বলি হ'ল চিকিৎসক ? (ETV Bharat Assam)

কৰিমগঞ্জ, ১৫ ছেপ্টেম্বৰ: চিকিৎসক দেৱেন দত্তৰ ওপৰত চলা অমানুষিক আক্ৰমণৰ ঘটনা আপোনাৰ নিশ্চয় মনত আছে ৷ টীয়কৰ এখন চাহ বাগিচাত কৰ্মৰত বৰ্ষীয়ান চিকিৎসকগৰাকীয়ে গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷ তাৰ পিচতো অসমত বহু কেইগৰাকী চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ এইবাৰ চিকিৎসকক আক্ৰমণৰ এক ঘটনা সংঘটিত হ’ল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত । কৰ্তব্যৰত চিকিৎসকৰ ওপৰত চলিল আক্ৰমণ ।

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বুৰহান উদ্দিনৰ ওপৰত দুই উত্তেজিত ব্যক্তিয়ে কৰে আক্ৰমণ । চহৰখনৰ দাসপট্টী এলেকাৰ সত্য বণিক আৰু নিত্যগোপাল বণিক নামৰ দুই ব্যক্তিয়ে কৰ্তব্যৰত চিকিৎসক ডাঃ বুৰহান উদ্দিন উপৰ্যুপৰি আক্ৰমণ কৰে । আনকি নগদ পাঁচ লাখ টকা নিদিলে পৰিণাম ভয়ংকৰ হ'ব বুলিও চিকিৎসকগৰাকীক ভাবুকি প্ৰদান কৰে দুই আক্ৰমণকাৰীয়ে ।

এই সন্দৰ্ভত অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ লিপি দেবে জনোৱা অনুসৰি দুটা দিনত দুবাৰকৈ ডাঃ বুৰহান উদ্দিনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল দাসপট্টী এলেকাৰ বণিক উপাধিৰ এই দুই ব্যক্তিয়ে । প্ৰশ্ন উত্থাপিত হৈছে কিয় এই দুই ব্যক্তিয়ে আক্ৰমণ কৰে চিকিৎসকগৰাকীক ?

জানিব পৰা অনুসৰি, দুমাহ পূৰ্বে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল সোমনাথ বণিক নামৰ এক যুৱকৰ । সোমনাথ বণিকৰ পৰিয়ালে ডাঃ বুৰহান উদ্দিনৰ বিৰুদ্ধে উত্থাপন কৰিছিল এক গুৰুতৰ অভিযোগ । বুৰহান উদ্দিনৰ অৱহেলাৰ বাবেই সোমনাথ বণিকে প্ৰাণ হেৰুৱাব লগা হ'ল বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ।

কেৱল অভিযোগ উত্থাপনতে ক্ষান্ত নাথাকি সত্য বণিক আৰু নিত্যগোপাল বণিকে শনিবাৰে চিকিৎসালয়খনত প্ৰৱেশ কৰি ডাঃ বুৰহান উদ্দিনৰ ওপৰত জঁপিয়াই পৰে । সেই সময়ত পৰিস্থিতি অধিক উত্তপ্ত হোৱাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উপস্থিত হয়‌ কৰিমগঞ্জ সদৰ আৰক্ষী থানাৰ অ’চি যাদৱ ডেকাসহ আৰক্ষীৰ এটা দল । আৰক্ষী দলটো উপস্থিত হৈ সত্য বণিক আৰু নিত্যগোপাল বণিকক আটক কৰি থানালৈ লৈ যায় । ইয়াৰ পিচতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই দুই আক্ৰমণকাৰীৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

লগতে পঢ়ক: অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত একেটা পৰিয়ালৰে শিশুসহ ৪ জন গুৰুতৰভাৱে আহত - 4 Family Members injured

মণিপুৰত প্ৰতিবাদকাৰীয়ে ফালিলে প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ, ৰাজ্যপালৰ বিশেষ আহ্বান - MANIPUR VIOLENCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.