ঐতিহাসিক যোৰা ভিলা, য'ত মুদ্ৰাই বৰ্ণনা কৰে শ শ বছৰ পুৰণি ইতিহাস
অসমত ৰাজত্ব কৰা আহোম, কোচ ৰাজবংশৰ সময়ত প্ৰচলিত মুদ্ৰা সংৰক্ষণ আছে এটা সংগ্ৰহালয়ত । বিদেশৰ পৌৰাণিক মুদ্ৰাইও স্থান পাইছে ।

Published : July 7, 2025 at 5:38 PM IST
যোৰহাট : অসমৰ এখন ঐতিহাসিক জিলা হৈছে যোৰহাট । ব্ৰিটিছৰ যুগৰ পৰা আৰম্ভ কৰি আহোম যুগলৈ বহু ইতিহাসৰ সাক্ষী উজনি অসমৰ এই জিলাখন । জিলাখনত থকা ঐতিহাসিক কীৰ্তি-চিহ্ন তথা সম্পদসমূহৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তাৰ মাজতে আছে এটা ঐতিহাসিক বাংলো ।
কেৱল বাংলোটোৱে নহয় ইয়াৰ ভিতৰত থকা সম্পদবোৰো ঐতিহাসিক । বিশেষ ব্যক্তিগত বাংলোটো এতিয়া সংগ্ৰহালয়ত পৰিণত হৈছে । কিন্তু কি এনে ঐতিহাসিক সম্পদ আছে এই বাংলোত ?
পৌৰাণিক মুদ্ৰাৰ সংগ্ৰহালয়
যোৰহাটৰ মাজমজিয়াত আছে 'যোৰা ভিলা'। তাত সংৰক্ষিত মুদ্ৰাই তাহানিৰ কথা কয় ! সেইবোৰে নিৰ্বাক আহোম সাম্ৰাজ্যৰ নিভাঁজ কাহিনী বৰ্ণনা কৰে । সোণালী ইতিহাসৰ বৰ্ণিল অধ্যায়বোৰ বৰ্ণনা কৰে প্ৰতিটো মুদ্ৰাই । সেই মুদ্ৰাবোৰত সন্নিৱিষ্ট হৈ আছে ৰাজবংশৰ ইতিহাসৰ লগতে অতীত আৰু বৰ্তমানৰ জীৱন শৈলীৰ পাৰ্থক্য । প্ৰতিটো মুদ্ৰাৰ পিঠিত লুকাই আছে বহু ৰহস্যময় গুণ গৰিমা আৰু ঐতিহ্য । এনে ঐতিহ্য বহন কৰা আপুৰুগীয়া তথা পৌৰাণিক মুদ্ৰাই শোভাবৰ্ধন কৰিছে যোৰহাটৰ ক্লাৱ ৰোডত থকা ওম প্ৰকাশ গাট্টানিৰ 'যোৰা ভিলা' নামৰ পুৰণি বাংলোটোৱে ।

বহু পুৰণি মুদ্ৰাৰ ভঁৰাল
বিভিন্ন সামগ্ৰী সংৰক্ষণ কৰি ভালপোৱা ওম প্ৰকাশ গাট্টানিয়ে আহোম সাম্ৰাজ্যৰ পৰা আৰম্ভ কৰি কোচ সাম্ৰাজ্যৰ পৌৰাণিক মুদ্ৰা সংগ্ৰহ কৰি এই 'যোৰা ভিলা'তে সংৰক্ষণৰ ব্যৱস্থা কৰিছে । কেৱল অসমৰে নহয় দেশৰ বিভিন্ন সময়ৰ ৰজা, মহাৰজাৰ দিনৰ মুদ্ৰাবোৰো তেওঁৰ এই সংগ্ৰহালয়টোত উপলব্ধ । বিদেশৰো শ শ বছৰ পুৰণি মুদ্ৰা সযতনে সংৰক্ষণ কৰি ৰখা হৈছে ইয়াত । লক্ষণীয়ভাৱে প্ৰতিটো মুদ্ৰাৰে আছে এটা নিৰ্দিষ্ট কাহিনী । অতীতৰ বহু নজনা কথাও এই মুদ্ৰাই বৰ্ণনা কৰি যাব পাৰে ।

ওম প্ৰকাশে পৈতৃক সম্পত্তি হিচাপে লাভ কৰিছিল মুদ্ৰাসমূহ
এই সংগ্ৰহালয়টোত ওম প্ৰকাশ গাট্টানিয়ে নিজৰ লগতে পিতৃ আৰু ককাদেউতাকে সংগ্ৰহ কৰা প্ৰায় ২ হাজাৰতকৈও অধিক পৌৰাণিক মুদ্ৰা সংৰক্ষণ হৈ আছে । ওম প্ৰকাশ গাট্টানিয়ে গদাধৰ সিংহ দিনৰ পৰা (১৬৮১) আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহৰ শাসনকালত প্ৰচলিত প্ৰায় সকলো মুদ্ৰা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি সংগ্ৰহালয়টোত সংৰক্ষণ কৰিছে । এই সন্দৰ্ভত তেওঁ কয়, "আহোম ৰজা গদাধৰ সিংহৰ দিনত প্ৰচলিত মুদ্ৰাত টাই লিপিয়ে স্থান পোৱাৰ সমান্তৰালভাৱে ৰুদ্ৰ সিংহৰ শাসনকালৰ মুদ্ৰাত অসমীয়া ভাষাই স্থান লাভ কৰে । শিৱ সিংহৰ তিনিগৰাকী পত্নী ক্ৰমে ফুলেশ্বৰী কোঁৱৰী, সৰ্বেশ্বৰী আৰু প্ৰমথেশ্বৰীৰ নামতো মুদ্ৰা আছিল আৰু সেই মুদ্ৰাত শিৱ সিংহৰো নাম উল্লেখ আছিল । কিন্তু শিৱ সিংহৰ পত্নী সৰ্বেশ্বৰীৰ নামত মুদ্ৰা থকাৰ পিছতো কিন্তু বুৰঞ্জীৰ পাতত তেওঁৰ নাম উল্লেখ নাই ।" সেয়েহে তেওঁ বুৰঞ্জীৰ পাতত শিৱ সিংহৰ পত্নী সৰ্বেশ্বৰীৰ নাম সন্নিৱিষ্ট কৰিবলৈ ইতিহাসবিদসকলক আহ্বান জনায় ।

কি কি মুদ্ৰা আছে সংগ্ৰহালয়টোত ?
আহোম শাসন কালৰ মুদ্ৰাক বেছি প্ৰাধান্য দিয়া ওম প্ৰকাশ গাট্টানিয়ে গঢ় দিয়া সংগ্ৰহালয়ত নৰনাৰায়ণ (১৫৮৭), উপেন্দ্ৰ নাৰায়ণ (১৭১৫,১৭৬৪) প্ৰাণ নাৰায়ণ (১৬৩৩, ১৬৬৬) আদি কোচ ৰজাই প্ৰচলন কৰা মুদ্ৰাও সংৰক্ষিত হৈ আছে । আনহাতে যোৰা ভিলা নামৰ মুদ্ৰা সংৰক্ষণ সংগ্ৰহালয়টোত মৌৰ্য, মোগল, বংগ চুলতান, গোৱালিয়ৰ, ৰাজপুতনা, বিট্ৰিছ, মণিপুৰী, ত্ৰিপুৰী, মটক, জয়ন্তীয়া আদিকে ধৰি বিভিন্ন মুদ্ৰা সংৰক্ষিত হৈ আছে ।

আনহাতে তেওঁ অসম তথা ভাৰতৰ ৰজাৰ শাসনকালৰ মুদ্ৰা সংৰক্ষণতে ক্ষান্ত নাথাকি বহু সংখ্যক বিদেশী ৰাষ্ট্ৰৰো পৌৰাণিক মুদ্ৰা সংৰক্ষণ কৰিছে । এনে ব্যতিক্ৰমী চিন্তাৰ বাবে তেওঁ লণ্ডনতো প্ৰশংসিত হৈছে ।

মনকৰিবলগীয়া যে তেওঁৰ সংগ্ৰহালয়ত উৰ্দু, পাৰ্চী আৰু দেৱনাগৰী ভাষাত থকা মুদ্ৰাও উপলব্ধ । সংগ্ৰাহক ওম প্ৰকাশ গাট্টানিয়ে জনোৱা মতে এই বিশেষ সংগ্ৰহালয়টোত আহোম ৰাজত্বৰ শাসনকালৰ ২২০ ৰো অধিক মুদ্ৰা সংৰক্ষণ হৈ আছে । অনা অসমীয়া হ'লেও মনে প্ৰাণে সদায় অসমীয়া জাতিৰ হকে কাম কৰি অহা ওম প্ৰকাশ গাট্টানিৰ এই চিন্তাধাৰাই নৱপ্ৰজন্মক উৎসাহিত কৰি আহিছে । নৱপ্ৰজন্মৰ সহায়ৰ বাবেই তেওঁ এই পদক্ষেপ লোৱা বুলিও স্বীকাৰ কৰিছে ওম প্ৰকাশ গাট্টানিয়ে ।

পৰ্যটন তথা গৱেষণাৰ কেন্দ্ৰ
তেওঁৰ এই বিশেষ সংগ্ৰহালয়টো বৰ্তমান দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । একাংশ শিক্ষাৰ্থীয়ে ইয়াক গৱেষণাক কেন্দ্ৰ হিচাপেও লৈছে । ইফালে ওম প্ৰকাশ গাট্টানিয়ে গঢ় দিয়া সংগ্ৰহালয়টো ইতিমধ্যে অসমৰ ৬ গৰাকীকৈ ৰাজ্যপালে পৰিদৰ্শন কৰিছে আৰু তেওঁৰ পদক্ষেপক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে কোনো এক বিশেষ সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সমাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক অৱস্থাৰ চিত্ৰখন ইয়াত সংৰক্ষিত হৈ থকা মুদ্ৰাসমূহে সুন্দৰভাৱে বৰ্ণনা কৰে । যাৰ বাবে ওম প্ৰকাশ গাট্টানিৰ এই প্ৰচেষ্টাই নৱপ্ৰজন্মক অসম তথা দেশৰ বহু বৰ্ণিল ইতিহাস বুজি পোৱাত সহায় কৰিব বুলি নিসন্দেহে ক'ব পাৰি । ই কেৱল এটা সাধাৰণ সংগ্ৰহালয় নহয় ই ইতিহাসৰ ভঁৰাল ।
লগতে পঢ়ক :সংস্কৃতিৰ সাগৰ কলাগুৰুক আৰক্ষীয়ে কিয় কঁকালত পঘাৰে বান্ধিছিল ? - MEMORIES OF BISHNU PRASAD RABHA

