ETV Bharat / state

ৰাজ্যত আন এক ছুৰিকাঘাতৰ ঘটনা; পেটত সোমায়ে থাকিল ছুৰী - OLD WOMAN STABBED BY MISCREANTS

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধা । এতিয়ালৈ চিনাক্ত হোৱা নাই আক্ৰমণকাৰী ।

Old woman stabbed by miscreants
ৰাজ্যত আন এক ছুৰিকাঘাতৰ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 27, 2024 at 1:24 PM IST

2 Min Read

ডিব্ৰুগড় : গুৱাহাটীৰ মাজমজিয়াৰ ছুৰিকাঘাতৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ডিব্ৰুগড়ত অনুৰূপ ঘটনা । একেধৰণৰ ঘটনাই জোকাৰি গ'ল জিলাখনৰ লাহোৱাল অঞ্চল । নিশা দুৰ্বৃত্তৰ ছুৰিকাঘাতত গুৰুতভাৱে আহত এগৰাকী বৃদ্ধা । আঘাতপ্ৰাপ্ত বৃদ্ধাগৰাকী কেশলতা হাজৰিকা বুলি জানিব পৰা গৈছে ।

লাহোৱালৰ ৰাজাখাট তিনিআলিত সংঘটিত হৈছে এই ঘটনা । নিশা প্ৰায় ১১ মান বজাত নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাতে মুখত কাপোৰ বান্ধি অহা অচিনাক্ত দুৰ্বৃত্তই বৃদ্ধাগৰাকীক ছুৰীৰে আক্ৰমণ কৰে । কেৱল এয়াই নহয়, বৃদ্ধাগৰাকীৰ হাতত থকা ধনৰ বেগো কাঢ়ি লৈ যায় ।

ৰাজ্যত আন এক ছুৰিকাঘাতৰ ঘটনা (ETV Bharat)

আচৰিত কথাটো হ'ল যে আক্ৰমণকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও দুৰ্বৃত্তই ব্যৱহাৰ কৰা ছুৰীখন বৃদ্ধাগৰাকীৰ পেটতে সোমাই থাকে । এই ঘটনাটোৰ পাছতেই বৃদ্ধাগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

নিশাই ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তক এতিয়ালৈ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । ধনৰ বাবেই দুৰ্বৃত্তই বৃদ্ধাগৰাকীক আক্ৰমণ কৰাৰ সন্দেহ আৰক্ষীৰ । এই ঘটনাৰ পিছতে সমগ্ৰ লাহোৱালত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া :

একেদিনাই ৰাজ্যত সংঘটিত দুটাকৈ ভয়ংকৰ ছুৰিকাঘাতৰ ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । লাহোৱালৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকে কয়, "নিশা ১১.৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত আনদিনাৰ দৰেই নিজৰ দোকান বন্ধ কৰি কেশলতা হাজৰিকাই ঘৰলৈ আহি থকা সময়তে মুখত ক'লা কাপোৰ বান্ধি অহা এজনে ছুৰিৰে আক্ৰমণ কৰে । অধিক ৰক্তক্ষৰণ হোৱাৰ বাবে তেওঁক তেজ দিব লগা হৈছে ।"

ইফালে কেশলতা হাজৰিকাই দোকান বন্ধ কৰাৰ পূৰ্বৰে পৰা অচিনাক্ত দুৰ্বৃত্তই অঞ্চলটোত লুকাই থকাৰ অনুমান কৰিছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.