ETV Bharat / state

পেলনীয়া আৱৰ্জনাৰ পৰা প্ৰাকৃতিক গেছ প্ৰস্তুতৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ

সংগ্ৰহ কৰা আৱৰ্জনাসমূহ অইল ইণ্ডিয়াই তিনিচুকীয়াত আৰম্ভ কৰা বায়ো গেছ প্লান্টত ব্যৱহাৰ কৰি প্ৰাকৃতিক গেছ প্ৰস্তুত কৰিব ।

OIL 66TH FOUNDATION DAY
অইলৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 11:02 AM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: অইল ইণ্ডিয়া লিমিটেডে মঙলবাৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজান ক্লাৱৰ চৌহদত গৌৰৱোজ্জল ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । সম্প্ৰতি ৩.১৮ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হোৱা অইলে আৰু অধিক অন্বেষণ চলাই উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা ইতিমধ্যে যুগুত কৰিছে । অসমৰ লগতে ভাৰতবৰ্ষৰ ৪৫ টাতকৈ অধিক স্থানত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰা অইল ইণ্ডিয়াৰ লিমিটেড দিনযোৰা কাৰ্যসূচীয়ে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে ।

অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰঞ্জিত ৰথে দুলীয়াজান ক্লাৱৰ চৌহদত উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অইলে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বিগত দিনত ৰূপায়ন কৰা বিভিন্ন আঁচনিসমূহ উপস্থাপন কৰি এখন সুন্দৰ প্ৰদৰ্শনী, পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘চেতনা’ শীৰ্ষক এখন আঁচনিৰ উদ্বোধন কৰে অইলৰ ইণ্ডিয়া কৰ্তৃপক্ষই । লগতে অইলৰ এক নং তেল খাদৰ আৰ্হিত নিৰ্মিত তৈলক্ষেত্ৰ প্ৰদৰ্শন কৰা হয় ।

অইলৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস (Etv Bharat Assam)

পেলনীয়া আৱৰ্জনাৰ পৰা প্ৰাকৃতিক গেছ প্ৰস্তুতৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ :

প্ৰতিষ্ঠা দিৱসৰ দিনটোত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথে কয়, "আমি চেতনা নামেৰে এক আন্দোলন আৰম্ভ কৰিছো । দেশৰ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ যি সপোন তাক আগুৱাই নিয়াৰ বাবে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছো । চেতনা কাৰ্যসূচী দুলীয়াজানৰ প্ৰতিটো পৰিয়াললৈ যাব । এই আঁচনিৰ জৰিয়তে দুলীয়াজানৰ সকলো পেলনীয়া আৱৰ্জনা সংগ্ৰহ কৰা হ'ব । দুলীয়াজানক মিনি স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলা হ'ব ।"

তেওঁ লগতে কয়, দুলীয়াজানখনক সজাই তোলাৰ বাবে এটা সুন্দৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে । স্থানীয় ৰাইজৰ সৈতে সু- সম্পৰ্ক স্থাপন কৰি স্বচ্ছ ভাৰত মিছন আগুৱাই নিব অইল ইণ্ডিয়াই । দুলীয়াজানৰ পৰা যিসমূহ আৱৰ্জনা সংগ্ৰহ কৰা হ'ব সেইসমূহ অইল ইণ্ডিয়াই তিনিচুকীয়াত আৰম্ভ কৰা বায়ো গেছ প্লান্টত ব্যৱহাৰ কৰি প্ৰাকৃতিক গেছ প্ৰস্তুত কৰিব ।

লগতে পঢ়ক: মোদী চৰকাৰৰ অষ্টলক্ষ্মী: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এঘাৰ বছৰে ব্যয় নহ'ল বাজেটৰ ২৭,৩৫৯ কোটি টকা