যোৰহাট: চৰকাৰে বাল্য়বিবাহ প্ৰতিৰোধৰ বাবে আইন প্ৰণয়ন কৰিছে যদিও এতিয়াও ৰাজ্য়ৰ চাহ বাগিচাত এনে ঘটনা সংঘটিত হৈয়ে আছে । বিগত সময়ত এই সন্দৰ্ভত চৰকাৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ পিচতো চাহ বাগিচা অঞ্চলত এই ঘটনা পোৱা নাই হ্ৰাস । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলিত বৰ্ষত প্ৰসূতি সম্পৰ্কীয় বিষয় লৈ নাবালিকাৰ আগমন হোৱাৰ সংখ্য়াই প্ৰকাশ কৰিছে এই ভয়াবহ ছবিখন ।
এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী গৰ্ভৱতী হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হোৱাৰ পিছতেই এই ঘটনা পোহৰলৈ আহিছে । আনহাতে, যোৰহাট জিলাৰ মৰিয়নীত বিগত ডেৰ বছৰত ১৫ গৰাকীকৈ স্কুলীয়া ছাত্ৰী বিবাহপাশত আৱদ্ধ হোৱাৰো অভিযোগ উঠিছে । এনে ঘটনা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা ।
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ মানৱ গোহাঁইয়ে এই সন্দৰ্ভত কয়, "এই বছৰত বিগত জানুৱাৰীৰ পৰা ৪৫-৫০ গৰাকী নাবালিকাই প্ৰসূতি সম্পৰ্কীয় বিষয় লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহিছে । কম বয়সতেই গৰ্ভধাৰণ কৰাটো সন্তান আৰু মাতৃ দুয়োৰে বাবে অতি বিপজ্জনক । মাতৃৰ ক্ষেত্ৰত এক্লেমছিয়া হ'ব পাৰে । তদুপৰি প্ৰি-টাৰ্ম ডেলিভাৰী হ'লে শিশুৰ ওজন কম হ'ব পাৰে । উশাহ-নিশাহ লোৱাত সমস্য়া হ'ব পাৰে । মস্তিস্কৰ বিকাশ স্বাভাৱিক নহয় ।"
অধীক্ষকগৰাকীয়ে পুনৰ কয়, "কম বয়সত বিয়া হৈ গৰ্ভধাৰণ সম্পৰ্কীয় বিষয় লৈ কোনো লোক আহিলে জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব । কিয়নো কিছুমানে বয়স বেছি বুলি লিখাই ল'ব পাৰে । শৰীৰৰ অৱয়ৱ দেখিলেই আমি গম পাম তেওঁ নাবালিকা নে প্ৰাপ্তবয়স্ক । সন্দেহ হ'লেই জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ কোৱা হয় । এই সম্পৰ্কীয় ঘটনাৰ বিষয়ে অৱগত হ'লে তৎক্ষণাত আৰক্ষীৰ কাষ চপা হয় ।"
ডেৰ বছৰত ১৫ গৰাকী কৈ স্কুলীয়া ছাত্ৰী বিবাহপাশত আৱদ্ধ :
মৰিয়নীত বিগত ডেৰ বছৰত ১৫ গৰাকী কৈ স্কুলীয়া ছাত্ৰী বিবাহপাশত আৱদ্ধ হোৱাৰো অভিযোগ উঠাৰ সময়তেই এইসকল সপ্তমৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী হোৱাৰো তথ্য় পোহৰলৈ আহিছে । আনকি এখন বিদ্যালয়ৰ ৯ গৰাকীকৈ ছাত্ৰীয়ে অবৈধভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰে সৰহ সংখ্যকে চাহ জনগোষ্ঠীৰ নাবালিকা । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ বিষয়ববীয়া দীপক তাঁতীয়ে ।
আটছাৰ প্ৰতিক্ৰিয়া :
আটছাৰ বিষয়ববীয়াগৰাকীয়ে কয়, "এনেধৰণৰ ঘটনাসমূহ অতি চিন্তনীয় । কাৰণ তেওঁলোকে শিক্ষা আৰু ভাল কামসমূহৰ বিপৰীতে যোৱা ঘটনাটোৱে আমাক দুখ দিছে । বিশেষকৈ ম'বাইল ফোনৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে । ছাত্র-ছাত্ৰী আমাৰ দেশৰ ভৱিষ্যত । সেয়েহে বাগিচা অঞ্চলত বৃদ্ধি পোৱা এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ ছাত্র-ছাত্রী সকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে দল-সংগঠন নিৰ্বিশেষে চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব । এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকা থাকিব লাগে । লগতে অভিভাৱক সকলক সজাগ-সচেতন কৰি তুলিব লাগিব । তেতিয়াহে এনেধৰণৰ ঘটনা আমাৰ সমাজৰ পৰা নাইকীয়া কৰিব পাৰিম ।"