ETV Bharat / state

পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক-ৰাজহ - POBITORA WILDLIFE SANCTUARY

২০২৪-২৫ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যত ৩৪,৫৭৭ গৰাকী পৰ্যটকৰ আগমন ।

Pobitora Wildlife Sanctuary
পবিতৰা বন্যপ্রাণী অভয়াৰণ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 7:52 PM IST

2 Min Read

গুৱাহাটী: মহানগৰীৰ পাৰ্শ্বৱৰ্তী পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা । একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি হৈছে । শনিবাৰে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ সামৰণি পৰাৰ পিচতেই প্ৰকাশ কৰা হৈছে এই তথ্য় । বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ হৈছিল পৰ্যটক বর্ষ । ২০২৩-২৪ বৰ্ষতকৈ শনিবাৰে সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । একেদৰে বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো ।

কিমান পৰ্যটক বৃদ্ধি পাইছে পৰ্যটক ?

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই কয়, "এই পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ গৰাকী পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে । ইয়াৰ ভিতৰত ৩৩,৯৪০ গৰাকী ভাৰতীয় আৰু ৬৩৭ গৰাকী বিদেশী পৰ্যটক আছিল ।"

Pobitora Wildlife Sanctuary
পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক-ৰাজহ (ETV Bharat Assam)

অভয়াৰণ্যখনৰ আঞ্চলিক বন বিষয়াগৰাকীয়ে পুনৰ কয়,"ইয়াৰ বিপৰীতে পৰ্যটক আৰু দর্শনাৰ্থীৰ পৰা সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬১,৪৬,৪৭৫ টকা । ইয়াৰ আগতে ২০২৩-২৪ পর্যটন বৰ্ষত পবিতৰা দৰ্শন কৰা পৰ্যটক-দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৩০,৩০৫ গৰাকী । ইয়াৰ ভিতৰত ২৯,৮১৫ গৰাকী ভাৰতীয় আৰু ৬.৪১ গৰাকী বিদেশী আছিল । সেই পৰ্যটন বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৪,১৭,৩০০ টকা । "

পবিতৰাত কি জন্তু দেখিবলৈ পোৱা যায় ?

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা গঁড়, ১০০ ৰো অধিক ম'হ, বিভিন্ন প্ৰজাতিৰ হৰিণা, সৰীসৃপ জাতীয় প্ৰাণী আৰু দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ প্ৰায় ১১ হাজাৰ পক্ষী তথা চৰাই আছে । ইয়াৰে ৮০ শতাংশ চৰাই পৰিভ্ৰমী আৰু বাকীখিনি স্থানীয় প্ৰজাতিৰ হোৱাৰ লগতে সেই চৰাইৰ বেছিভাগেই পানীত থকা মাছকে ধৰি জলজ প্ৰাণী, উদ্ভিদ খাই জীয়াই থাকে । আনহাতে পৰ্যটকৰ হাতী চাফাৰীৰ বাবে ১৪ টা হাতী আৰু জীপ চাফাৰীৰ বাবে ২০খন জীপৰ ব্যৱস্থা আছে বুলি বন বিভাগৰ সূত্ৰই সদৰী কৰিছে ।

উল্লেখ্য় যে ২০২৩-২৪ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছিল ২৯,২২২ গৰাকী দেশী পৰ্যটকৰ ৷ ইয়াৰ বিপৰীতে বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৫৪১ গৰাকী ৷ ২০২৩-২৪ পৰ্যটন বৰ্ষত অভয়াৰণ্যখনে ৰাজহ সংগ্ৰহ কৰিছিল ৫৪,১৭,৮৫০ টকা ৷

লগতে পঢ়ক:চলিত বৰ্ষৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; প্ৰায় ৫ লাখ পৰ্যটকে ভ্ৰমণ কৰে কাজিৰঙা - KAZIRANGA NATIONAL PARK

গ'লগৈ কৰিণা, খালী হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাকৰি - K9 SNIFFER DOG KARINA IS NO MORE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.