ভয়াবহ ৰূপত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা
বাগিচা এলেকাসমূহত নলা-নৰ্দমাত আৱৰ্জনা জমা হোৱাৰ ফলত এই ৰোগ বৃদ্ধি পোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে ।

Published : September 5, 2025 at 2:01 PM IST
মৰাণ: শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত কলেৰা ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন চিকিৎসাধীন হ'বলগা হৈছে । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই চিন্তিত কৰিছে সচেতন ৰাইজক ।
অসম-অৰুণাচলৰ সীমান্তৰ বাগিচাখনত বৰ্তমানলৈকে ১৮ জন লোক আক্ৰান্ত হৈছে ডেংগু ৰোগত । জিলাখনৰ বৰহাট বাগিচাত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ । বাগিচা এলেকাসমূহত নলা-নৰ্দমাত আৱৰ্জনা জমা হোৱাৰ ফলত এই ৰোগ বৃদ্ধি পোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে । তদুপৰি আঁঠুৱা ব্যৱহাৰ নকৰা, নলা-নৰ্দমাত আৱৰ্জনা ইত্যাদি কাৰণতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে ।
ৰোগীসকল বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে । ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত বৰ্তমানে ৬জনৰ চিকিৎসা চলাই থকা হৈছে । চাহ বাগিচাখনত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগৰ লোকে অঞ্চলটোৰ ঘৰে ঘৰে সজাগতা তথা তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাইছে ।

কোনো লোকৰ মৃত্যু হোৱা নাই:
ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বৰহাট চাহ বাগিচাৰ আশা কৰ্মীগৰাকীয়ে কয়, "চাহ বাগিচাখনত প্ৰথম এজন লোক ডেংগু ৰোগত আক্ৰান্ত হৈছিল । ইয়াৰ পাছতে এজনৰ পাছত আন এজনকৈ ১৮ জন আক্ৰান্ত হৈছে । ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত বৰ্তমানে ৬ জনৰ চিকিৎসা চলি আছে । বাগিচাখনত যাতে আৰু ৰোগীৰ সংখ্যা বৃদ্ধি নাপাই তাৰ বাবে সজাগতাৰ ব্যৱস্থা কৰা হৈছে । পূৰ্বে আক্ৰান্ত হোৱাসকল কিছু সুস্থ হৈছে । এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই ।"

স্বাস্থ্য বিভাগৰ ৩০ জনীয়া দল ব্যস্ত:
এমাহতে ১৮ জন আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগৰ আন এজন কৰ্মচাৰীয়ে কয়,"যোৱা ৪ আগষ্টত প্ৰথমজন ৰোগী চিনাক্ত হৈছিল । ইয়াৰ পাছৰে পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ ৩০ জনীয়া দল এটাই কাম কৰি আছো । ১৮ জন ৰোগী চিনাক্ত হৈছে যদিও ৰোগীৰ মৃত্যু হোৱা নাই । সেইটো আমাৰ বাবে ভাল খবৰ । ডেংগু ৰোগ প্ৰতিৰোধৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে বুলি ক'ব পাৰি । চাহ বাগিচাখনৰ লাইনৰ নলাত পানী জমা হৈ আছিল । নলাসমূহ পৰিষ্কাৰ কৰাৰ লগতে পানী ওলাই যাব পৰা ব্যৱস্থা কৰা পাছতে নিয়ন্ত্ৰণ হৈছে বুলি ধাৰণা কৰিছো ।"

