ETV Bharat / state

নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দুভাগত বিভক্ত এন এছ ইউ আই

Nagaon LS candidate : নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত উলম্ব বিভাজন । প্ৰাৰ্থিত্বক লৈ দুভাগত বিভক্ত এন এছ ইউ আই । কাৰ লগত এন এছ ইউ আইৰ কোন ফৈদ ?

Nagaon LSC candidate
নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দুই ভাগত বিভক্ত এন এছ ইউ আই
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 7:42 PM IST

3 Min Read
Choose ETV Bharat
নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দুভাগত বিভক্ত এন এছ ইউ আই

নগাঁও, 20 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিতৰতে সবাতোকৈ চৰ্চিত নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সম্প্ৰতি উলম্ব বিভাজন আৰম্ভ হৈছে কংগ্ৰেছত । শেহতীয়াকৈ নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক দুই ফৈদত বিভক্ত হৈছে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আই । নগাঁও লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা কংগ্ৰেছৰ দুই নেতা প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ সমৰ্থনত থিয় দিছে এন এছ ইউ আইৰ দুই ফৈদ ।

মঙলবাৰে পুৱা এন এছ ইউ আইৰ এটা গোটে বৰ্তমানৰ নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব দাবী কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ পিচতেই বিয়লি এন এছ ইউ আইৰ আন এটা গোট ওলাই আহিছে সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত ।

পুৱা নগাঁও জিলা এন এছ ইউ আইৰ একাংশ নেতা কৰ্মীয়ে একাধিক যুক্তি দৰ্শাই দাবী কৰিছিল প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব । বিশেষকৈ বিগত চাৰিটাকৈ কাৰ্যকাল বিজেপিৰ দখল থকা নগাঁও লোকসভা সমষ্টি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ দখলত আনিবলৈ সক্ষম হোৱা বাবেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত গঠিত নতুন নগাঁও লোক সভা সমষ্টিৰ পৰাই প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি দাবী কৰিছিল নগাঁও জিলা এন এছ ইউ আইৰ নেতৃত্বই ৷

লগতে পঢ়ক : মানসিকভাৱে বিকাৰগ্ৰস্ত নোহোৱা পৰ্যন্ত বিজেপিত যোগদান নকৰো: মীৰা বৰঠাকুৰ

ইয়াৰ পিচতেই একেদিনাই বিয়লি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও যুক্তি প্ৰদৰ্শন কৰি গৌৰৱ গগৈক নগাঁও লোক সভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবী উত্থাপন কৰে এন এছ ইউ আইৰ আন এটা গোটে । নগাঁও জিলা এন এছ ইউ আইৰ প্ৰাক্তন উপ-সভাপতি তথা ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক পংকজ বৰা গোটৰ এন এছ ইউ আইয়ে নগাঁও লোক সভা সমষ্টিৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে ।

পংকজ বৰা গোটৰ দাবী সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পূৰ্বৰ কলিয়াবৰ লোক সভা সমষ্টিৰ চাৰিটাকৈ বিধানসভা সমষ্টি নগাঁও লোক সভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বাবেই নগাঁও লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিব লাগে সাংসদ গৌৰৱ গগৈক । নগাঁও লোক সভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এন এছ ইউ আইৰ দুই গোট মুকলিকৈ ওলাই অহাত অধিক স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ।

উল্লেখযোগ্য যে, নগাঁও লোক সভা সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও প্ৰাৰ্থিত্ব বিচাৰিছে যদিও শেহতীয়াকৈ ধুবুৰী লোকসভা সমষ্টিৰ বাবে চৰ্চিত হৈছে ৰকিবুল হুছেইনৰ নাম ।

লগতে পঢ়ক : লক্ষ্মণৰেখা অতিক্ৰম কৰিলেই লোৱা হ’ব ব্যৱস্থা : ভূপেন বৰা