ETV Bharat / state

আপুনি বাৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বাল্যকাল, যৌৱনকালৰ বিষয়ে জানেনে ?

মটক জনগোষ্ঠীৰ সকলো বিষয় সন্নিৱিষ্ট কৰি ৰচনা কৰা উপন্য়াস উন্মোচন ।

ALL ASSAM MATAK STUDENT UNION
জোন গগৈ চেতিয়াৰ নৱতম উপন্যাস 'পূৰ্বাফা' উন্মোচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 8:19 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: আপুনি বাৰু এসময়ৰ বেংমৰা ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিষয়ে কিমান জানে ? স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বাল্যকাল, যৌৱনকাল, বিবাহকালৰ বিষয়ে জানিব বিচাৰে নেকি ? যদিহে জানিব বিচাৰে তেন্তে আপুনি পঢ়িব লাগিব উপন্যাস 'পূৰ্বাফা'৷

দেওবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ঔপন্যাসিক জোন গগৈ চেতিয়াৰ নৱতম উপন্যাস 'পূৰ্বাফা' উন্মোচন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ভৃগু কুমাৰ বুঢ়াগোঁহায়ে কয়, "অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠী সদায় নিষ্পেষিত আৰু শোষিত হৈ আহিছে ৷ এনেক্ষেত্ৰত আজি উন্মোচন কৰা 'পূৰ্বাফা'ৰ জৰিয়তে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ লগতে মটক জনগোষ্ঠীৰ বীৰত্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাব আৰু জনগোষ্ঠীটোৰ বাবে এক যোগাত্মক ভূমিকা গ্ৰহণ কৰিব ।"

জোন গগৈ চেতিয়াৰ নৱতম উপন্যাস 'পূৰ্বাফা' উন্মোচন (ETV Bharat Assam)

ঔপন্যাসিক জোন গগৈ চেতিয়াই বক্তব্য আগবঢ়াই কয়, "তিনি বছৰে বুকুত কঢ়িয়াই লৈ ফুৰা এক সপোন আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছো ৷ মোৰ মনত সদায় খুন্দিয়াই আছিল যে আদিম ভূমিপুত্ৰ মটকসকল সদায় উপেক্ষিত হৈ আহিছে । গতিকে উজনিৰ বেংমৰা ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ওপৰত এখন বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰাৰ চেষ্টা কৰো । প্ৰথমে মই উপন্যাস লিখিবলৈ সাহস কৰা নাছিলো যদিও কেইবাগৰাকীও সাহিত্যিক তথা বিশিষ্ট ব্যক্তিৰ স’তে আলোচনা কৰি কেইবাখনো বুৰঞ্জী সংগ্ৰহ কৰি অধ্যয়ন কৰো ৷ কিন্তু ইখনৰ লগত সিখনৰ তথ্য অমিল, গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলো । সেয়েহে মাজে-মাজে মটকসকলৰ কথিত ভাষা ব্যৱহাৰ কৰিছো ৷"

তেওঁ আৰু কয়, "এইখন যিহেতু বুৰঞ্জীমূলক উপন্যাস সেই হেতুকে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বাল্যকাল, যৌৱনকাল, বিবাহকালৰ লগতে মটক জনগোষ্ঠীৰ সকলো বিষয় সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছো ।"

আজিৰ 'পূৰ্বাফা'ৰ উন্মোচনী অনুষ্ঠানটোত সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা, সাধাৰণ সম্পাদক পুলকজ্যোতি শইকীয়া, বিশিষ্ট সাহিত্যিক, সমালোচক তথা উন্মোচক টুনুজ্যোতি গগৈ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি গগৈ, কাৰ্যবাহী পাৰিষদ ধৰণী গোঁহাই, ড৹ ননীৰূপা চেতিয়া, বিশিষ্ট লেখক কল্যাণ বড়া, কবি সুৰেন্দ্ৰ শদিয়া, অৱসৰপ্ৰাপ্ত বিষয়া মিতালী দেউৰী, সাহিত্যিক অজিত গগৈ, তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণকান্ত কাকতি, বিশিষ্ট কবি ডাঃ নিলাক্ষী চলিহাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত আয়োজিত উন্মোচনী অনুষ্ঠানটোৰ মৃদুপৱন চেতিয়াই আঁত ধৰে আৰু চাবুৱা কবি সন্মিলনৰ সম্পাদক জয়ন্ত বৰুৱাই অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক:ডাকত পঠিওৱা বাতৰি দেৰিকৈ গৈ পোৱাৰ বাবে সম্পাদকৰ গালি খাইছিল কোনে ? - VETERAN JOURNALIST UMESH CHETIA

ভাষাটো জীয়াই থাকিলেহে জাতিটো জীয়াই থাকিব: সঞ্জীৱ চেতিয়া - INTERNATIONAL MOTHER LANGUAGE DAY