ETV Bharat / state

নগাঁও জিলা প্ৰশাসনৰ আতিথ্যৰ শলাগ ল'লে নৰৱেৰ ৰাষ্ট্ৰদূতে - NORWEGIAN AMBASSADOR IN NAGAON

নৰৱেৰ ৰাষ্ট্ৰদূতৰ সৈতে এটি প্ৰতিনিধি দলৰ নগাঁও জিলা ভ্ৰমণ । কৃষি আৰু মহিলা সৱলীকৰণ প্ৰকল্প পৰিদৰ্শন, জিলা প্ৰশাসনৰে বৈঠক। জিলা প্ৰশাসনৰ আতিথ্যৰ শলাগ নৰৱেৰ ৰাষ্ট্ৰদূতৰ।

Norwegian ambassador
নগাঁও জিলা প্ৰশাসনৰ আতিথ্যৰ শলাগ ল'লে নৰৱেৰ ৰাষ্ট্ৰদূতে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 11:42 PM IST

3 Min Read

নগাঁও : শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে নৰৱেৰ ৰাষ্ট্ৰদূত এইচ.ই. মিচ মে-এলিন ষ্টেনাৰৰ নেতৃত্বত এটি প্ৰতিনিধি দলৰ নগাঁও জিলা ভ্ৰমণ সম্পন্ন হয় । এই দলত ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ (WFP) কাউন্ট্ৰী ডাইৰেক্টৰ মিচ এলিজাবেথ ফ’ৰৰ সৈতে দেশখনৰ কেইবাজনীয়া এটি প্ৰতিনিধি দল উপস্থিত থাকে ।

দলটিয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰথমে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয় । বৈঠকত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে প্ৰতিনিধি দলটিক উষ্ম আদৰণি জনোৱাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে ।

ৰাষ্ট্ৰদূত মিচ ষ্টেনাৰে তেওঁৰ নগাঁও ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে সভাক অৱগত কৰি জিলা প্ৰশাসনৰ আতিথ্যৰ বাবে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ।

Norwegian ambassador
জিলা প্ৰশাসনৰ আতিথ্যৰ শলাগ নৰৱেৰ ৰাষ্ট্ৰদূতৰ (ETV Bharat)

ইয়াৰ পিছত প্ৰতিনিধি দলটিয়ে নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ ১৩০ নং নিজ কঠীয়াতলী গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ইউনাইটেড নেচনচ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম (WFP) ভাৰত, অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰণালয় (MoAF&W) আৰু ৰয়েল নৰৱে এম্বেছীৰ সমৰ্থনত ৰূপায়ণ হৈ থকা ১৮ মাহৰ এটা পাইলট প্ৰকল্প পৰিদৰ্শন কৰে ।

এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে “জলবায়ুৰ সৈতে খাপ খুৱাই লোৱা আৰু কৃষি ক্ষেত্ৰত মহিলাৰ সৱলীকৰণ বৃদ্ধি কৰা ।” প্ৰতিনিধি দলটিয়ে এই প্ৰকল্পৰ অধীনত সংহত কৃষি পদ্ধতি আৰু বাওঁ ধানৰ শুভাৰম্ভণিৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।

ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকল্প স্থলীত কৃষি কামত জড়িত মহিলা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰে ।

Norwegian ambassador
নৰৱেৰ ৰাষ্ট্ৰদূতৰ সৈতে এটি প্ৰতিনিধি দলৰ নগাঁও জিলা ভ্ৰমণ (ETV Bharat)

ইয়াৰোপৰি, দলটিয়ে নগাঁও জিলাৰ পাখিমৰিয়া উন্নয়ন খণ্ডৰ দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ পানীগাঁও পুতনিমুখ গাঁৱৰ শস্য ক্ষেত্ৰ আৰু ৰহা উন্নয়ন খণ্ডৰ ৰনথলী গাঁও পঞ্চায়তৰ কটহগুৰি গাঁৱৰ কাঠফুলা খেতি পৰিদৰ্শন কৰে ।

এই স্থানসমূহতো তেওঁলোকে কৃষকসকলৰ সৈতে মতবিনিময় কৰি প্ৰকল্পৰ অগ্ৰগতি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে । এই ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৃষি বিভাগ আৰু উদ্যান শস্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

Norwegian ambassador
নগাঁও জিলা প্ৰশাসনৰ আতিথ্যৰ শলাগ ল'লে নৰৱেৰ ৰাষ্ট্ৰদূতে (ETV Bharat)

এই প্ৰকল্পৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে খাপ খুৱাই লৈ কৃষি কাৰ্য সম্পাদনৰ লগতে মহিলা কৃষকসকলৰ অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ সন্দৰ্ভত নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকী অৱগত হয় ।

নৰৱেৰ ৰাষ্ট্ৰদূতৰ এই ভ্ৰমণে নগাঁও জিলাত কৃষি আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ দিশটোক প্ৰতিপন্ন কৰি তুলিছে ।

লগতে পঢ়ক : জম্মুত সন্ত্ৰাসবাদীৰ সৈতে কেনেদৰে হৈছিল মুখামুখি... সাহিয়াল অসমীয়া জোৱান তীৰ্থই সুঁৱৰিলে সেই অভিজ্ঞতা

লগতে পঢ়ক : কেনেদৰে চলিছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা : ৭১ শতাংশ হ‍াইস্কুলত নাই কম্পিউটাৰ শিক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.