ETV Bharat / state

৫ শতাংশ বৃদ্ধিৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাজেট গৃহীত - NCHAC BUDGET 2025

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট গৃহীত । কৰ্মচাৰীৰ DA ৯ শতাংশ বৃদ্ধি ।

NCHAC Budget 2025
৫ শতাংশ বৃদ্ধিৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাজেট গৃহীত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 8:02 PM IST

2 Min Read

হাফলং : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিশেষ অধিবেশনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট পৰিষদৰ সকলো সদস্যৰ উপস্থিতিত মঙলবাৰে গৃহীত হয় ।

সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বিভাগৰ দায়িতপ্ৰাপ্ত কাৰ্যনিৰ্বাহক সদস্য দনপাইনন থাওচেনে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে । ইয়াৰ পিছত মঙলবাৰে পৰিষদৰ বিশেষ অধিবেশনত এই বাজেট ধ্বনি ভোটত সৰ্বসন্মতিক্ৰমে গৃহীত হয় ।

৫ শতাংশ বৃদ্ধিৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাজেট গৃহীত (ETV Bharat Assam)

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাজেট সন্দৰ্ভত বিশেষ অধিবেশনৰ পিছত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই মন্তব্য আগবঢ়ায় । দেৱলাল গাৰ্লোচাই কয়, "কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা বিত্তীয় বিভাগৰ দায়িতপ্ৰাপ্ত কাৰ্যনিৰ্বাহক সদস্য দনপাইনন থাওচেনে ২০২৫-২৬ বিত্তীয় বছৰৰ বাজেট সদনত দাখিল কৰিছিল আৰু আজি সদনত সৰ্বসন্মতি ক্ৰমে বাজেট পাছ কৰা হয় ।"

তেওঁ কয়, "যোৱা বছৰৰ বাজেটৰ পৰা এইবাৰ বাজেট ৫ শতাংশ বৃদ্ধি কৰা হৈছে । আৰু এইবাৰৰ বাজেটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৰ্মেল ছেক্টৰৰ কৰ্মচাৰীসকলৰ ডি এ ৯ শতাংশ বৃদ্ধি কৰা হ'ব ।"

দেৱলাল গাৰ্লোচাই লগতে কয়, "যোৱা বছৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিজা ৰাজহ সংগ্ৰহ হৈছিল ১৪০ কোটি টকা আৰু ২০২৫-২৬ বিত্তীয় বছৰত ১৪০ কোটি টকাৰ বেছি ৰাজহ সংগ্ৰহৰ লক্ষ্যমাত্ৰা ৰখা হৈছে । এই ৰাজহৰ জৰিয়তে ডিমা হাছাও জিলাত ডিজিটেল ভূমি ছাৰ্ভে কৰোৱা হ'ব । ইয়াৰ উপৰি পৰ্যটন, শিক্ষা আৰু ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰা হ'ব ।"

তেওঁ লগতে কয়, "পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মাৰ্কেট আৰু গ্ৰামোন্নয়ন বিভাগ যোৱা ১০/১৫ বছৰৰ পৰা অকাৰ্যকৰী হৈ আছিল । এইবাৰ এই দুটা বিভাগ কাৰ্যকৰী কৰা হ'ব । যাৰ ফলত গাঁৱৰ মানুহ উপকৃত হ'ব । ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ কাম চলি আছে ।"

দেৱলাল গাৰ্লোচাই কয়, "এটা সময়ত ডিমা হাছাও জিলাৰ পৰিৱেশ অশান্ত হৈ আছিল । যাৰ বাবে উন্নয়ন স্তব্ধ হৈ পৰিছিল । এতিয়া পাহাৰীয়া জিলাখনত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । যাৰ বাবে জিলাখনত উন্নয়নৰ কাম চলি আছে । অহা পাঁচ-দহ বছৰ এনে উন্নয়নৰ কাম চলি থাকিলে ডিমা হাছাও জিলা এক বৃহৎ পৰ্যটন কেন্দ্ৰস্থলী হিচাপে গঢ়ি উঠিব ।"

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 'বিলুপ্তপ্ৰায়' অতিথি পক্ষীৰ উপস্থিতি; উৎফুল্লিত মুখ্যমন্ত্ৰী - FISH EAGLE IN KAZIRANGA
লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জিতেন গগৈৰ, কিন্তু কিয় ? - INCONSISTENT VOTER LIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.