ETV Bharat / state

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আবেদন কৰা দুই প্ৰাৰ্থীৰ মনোনয়ন বাতিল - Lok Sabha Election 2024

Lok Sabha Election in Assam: পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল ৩৮ গৰাকী প্ৰাৰ্থীৰ । পৰীক্ষাৰ অন্তত কাজিৰঙাৰ এজন আৰু শোণিতপুৰৰ এজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল । পৰীক্ষাৰ অন্তত ৩৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৫ মাৰ্চ ।

NOMINATIONS OF TWO CANDIDATES CANCELLED
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আবেদন কৰা দুই প্ৰাৰ্থীৰ মনোনয়ন বাতিল
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 10:52 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী,২৮ মাৰ্চ: অসমত ১৪ টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্র দাখিলৰ প্ৰক্ৰিয়া বুধবাৰে সমাপ্ত হৈছে । প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । বুধবাৰে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত বৃহস্পতিবাৰে মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰীক্ষাৰ অন্তত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয় । কাজিৰঙা লোকসভা সমষ্টিৰ এজন আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ এজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয় । কাজিৰঙা লোকসভা সমষ্টিৰ মনোনয়ন বাতিল হোৱা প্ৰাৰ্থীগৰাকী হৈছে ৰিপাব্লিকান পার্টী অব ইণ্ডিয়া (আঠৱালে) দলৰ ফজেইল আহমেদ মজুমদাৰ । আনহাতে শোণিতপুৰ লোকসভা সমষ্টিৰ মনোনয়ন বাতিল হোৱা প্ৰাৰ্থীগৰাকী হৈছে মহেন্দ্ৰ ওৰাং । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল ।

ইয়াৰে দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বাতিল কৰা হয় । বৃহস্পতিবাৰে হোৱা পৰীক্ষাৰ অন্তত ৩৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত হয় । পৰীক্ষাৰ অন্তত মনোনয়ন পত্র বৈধ বিবেচিত প্ৰাৰ্থীৰ সংখ্যা হৈছে কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৫ গৰাকী ।

আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্রার্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৩০ মাৰ্চ । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব । আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পাঁচটা সমষ্টি ক্ৰমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব । দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিল শেষ দিন ৪ এপ্ৰিল ।

আনহাতে ৫ এপ্ৰিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৮ এপ্ৰিল । তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চাৰিটা সমষ্টি ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী সমষ্টিত ৭ মে'ত অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৯ এপ্ৰিল । সেইদৰে ২০ এপ্ৰিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২২ এপ্ৰিল ।

উল্লেখ্য যে লখিমপুৰ লোকসভা সমষ্টিৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিজেপিৰ প্ৰদান বৰুৱা, কংগ্রেছৰ উদয় শংকৰ হাজৰিকা, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, চিপিআইৰ ধীৰেণ কছাৰী, এছইউচিআইৰ পল্লৱ পেগু, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ বীৰেণ বাইলুং আৰু তিনিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে গোবিন বিশ্ব কৰ্মা, দেবনাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰী ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন হ'ল ৩০ মাৰ্চ । সেই অনুসৰি লখিমপুৰত মনোনয়ন দাখিল কৰা আৰু বৈধ হোৱা ৯ জন প্রার্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ নকৰে তেন্তে সমষ্টিটোৰ ১৫ লাখ ৬৯ হেজাৰ, ৫৩১ জন ভোটাৰে এই ৯ জন প্রার্থীৰ ভাগ্য নিয়ন্ত্রাৰ ভূমিকা গ্ৰহণ কৰিব ।

লগতে পঢ়ক: অনাগত দিনত ঠিকনা সলনি হ'ব ভূপেন বৰাৰ: ৰণোজ পেগু - Lok Sabha Election 2024