কাজিৰঙাৰ মাজেৰে গাড়ী চলাই যাওতে সাৱধান ! য'তে ত'তে ৰ'লেই বিপদত পৰিব
এতিয়াৰে পৰা ন' পাৰ্কিং জ'ন ঘোষণা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী কেইটামান বিশেষ এলেকাত ।

Published : June 30, 2025 at 8:20 PM IST
কলিয়াবৰ: ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা অনুসৰি কলিয়াবৰ সমজিলা প্ৰশাসনৰ বিশেষ অভিযান । কলিয়াবৰ সমজিলাৰ এলেকাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনৰ অঞ্চলত এতিয়াৰে পৰা কোনো যান-বাহন পাৰ্কিং কৰিব নোৱাৰিব ।
বাগৰি, হাৰমতি, কুঠৰী অঞ্চলত থকা হোটেল, ধাবাত অভিযান চলাই সোমবাৰে এই নিৰ্দেশনা জাৰি কৰিছে কলিয়াবৰ সমজিলা প্ৰশাসনে । কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাৰ নেতৃত্বত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক, বন বিভাগ, চক্ৰ বিষয়াৰ উপস্থিতিত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান চলোৱা হয় ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্পৰ্শকাতৰ অঞ্চলত অবৈধ পাৰ্কিঙৰ বাবে জীৱ-জন্তুৰ আহ-যাহত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ কলিয়াবৰ সমজিলা প্ৰশাসনৰ ।
এই সন্দৰ্ভত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱাই কয়, "কলিয়াবৰ সমজিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দক্ষিণ দিশেৰে যোৱা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কেইমাহমানৰ পৰা বলৱৎ হৈ থকা ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা অনুসৰি অবৈধ পাৰ্কিং বন্ধ কৰা হৈছে । তথাপিও বিধি উলংঘা কৰি যান-বাহন ৰখোৱাৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে । এই অভিযানত সমজিলা আৰক্ষী বিষয়া, কলিয়াবৰ চক্ৰ বিষয়া মিলি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰা হৈছে । অবৈধভাৱে পাৰ্কিং কৰা ট্ৰাকসমূহ সতৰ্ক হোৱা দেখা গৈছে ।"
তেওঁ লগতে কয়, "যিহেতু অঞ্চলটো পৰ্যটনৰ দিশেৰেও গুৰুত্বপূৰ্ণ, সেয়ে অনাগত দিনত এনে অভিযান চলি থাকিব । লগতে অবৈধ পাৰ্কিঙৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে, যাৰ বাবে কঠোৰ হৈছে প্ৰশাসন ।"

