ভাৰতক প্ৰতিশোধ লোৱাত কোনেও বাধা দিব নোৱাৰে: হিমন্ত বিশ্ব শৰ্মা
‘ভাৰতে নদীৰ পানী বন্ধ কৰিলে তেজ বৈ যাব’ বুলি পাকিস্তানী ৰাজনীতিবিদ বিলাৱাল ভুট্টো জৰ্দাৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

By PTI
Published : April 27, 2025 at 11:23 AM IST
গুৱাহাটী: পহলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । ভাৰত বিৰোধী মন্তব্যৰ বাবে পাকিস্তানী ৰাজনীতিবিদ বিলাৱাল ভুট্টো জৰ্দাৰীক সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় “তেওঁৰ এই কথাই তেওঁৰ পৰিয়ালৰ ত্যাগক অসন্মান কৰে । তেওঁ এনে এটা পথ বাছি লৈছে যিয়ে তেওঁক ‘কেৱল বদনাম’ হে দিব ।”
উল্লেখ্য যে, পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি (আই ডব্লিউ টি) স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ পাছত শুকুৰবাৰে নিজৰ গৃহ চহৰ সিন্ধ প্ৰদেশৰ চুক্কুৰ অঞ্চলত ৰাজহুৱা সভাত ভাষণ দি পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰী কয়, "সিন্ধু আমাৰ আৰু আমাৰ হৈ থাকিব - হয় আমাৰ পানী ইয়াৰ মাজেৰে বৈ যাব, নহয় তেওঁলোকৰ তেজ ব’ব ।" ইয়াৰ পাছতেই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
The State of Pakistan has a long and bloody history of betrayal — it took the lives of Bilawal Bhutto’s grandfather and mother. It is a tragedy that an unworthy son today chooses to speak in a manner that dishonors even their sacrifice. I extend my deepest condolences to him in… pic.twitter.com/4L4uB9QzXM
— Himanta Biswa Sarma (@himantabiswa) April 26, 2025
শৰ্মাই দৃঢ়তাৰে কয় “ভাৰতে ‘সন্ত্ৰাসবাদক চিকাৰ কৰিব আৰু সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি য’তেই আছে তাতেই ধ্বংস কৰিব’ আৰু কোনেও ইয়াক ‘নিৰ্ণায়ক প্ৰতিশোধ’ লোৱাত বাধা দিব নোৱাৰে ।”
ভাৰতে সিন্ধু জল চুক্তি প্ৰত্যাহাৰ কৰাৰ পিছত বিলাৱাল ভুট্টো জৰ্দাৰীয়ে ভাৰতৰ বিৰুদ্ধে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ এটা ভিডিঅ’ ক্লিপ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "পাকিস্তানৰ বিশ্বাসঘাটকতাৰ এক দীঘলীয়া আৰু ৰক্তাক্ত ইতিহাস আছে । ই বিলাৱাল ভুট্টোৰ ভাতৃ আৰু মাতৃৰ প্ৰাণ কাঢ়ি লৈ গ'ল । এয়া এক ট্ৰেজেডী যে আজি এজন অযোগ্য পুত্ৰই এনেদৰে কথা ক'বলৈ বাছি লৈছে, যাৰ দ্বাৰা তেওঁলোকৰ পৰিয়ালৰ সন্মান হানি হয় ।"
উল্লেখ্য যে, বিলাৱাল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ পুত্ৰ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলফিকৰ আলী ভুট্টোৰ নাতি । বেনজিৰক হত্যা কৰাৰ সময়তে তেওঁৰ পিতৃক তেতিয়াৰ পাকিস্তানী শাসকে ফাঁচীকাঠত ওলোমাইছিল ।
শৰ্মাই লগতে কয়, "তেওঁৰ প্ৰতি আগতীয়াকৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । কাৰণ তেওঁ বাছি লোৱা পথটোৱে কেৱল অপমানহে কঢ়িয়াই আনিব ।" মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় “ভাৰতক নিজৰ সন্মান আৰু জনসাধাৰণক ৰক্ষা কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক প্ৰতিশোধ লোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে ।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সন্ত্রাসক চিকাৰ কৰি বিশ্বৰ সকলোতে সন্ত্রাসৰ আন্তঃগাঁথনি ধ্বংস কৰিব বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷
“সিন্ধুৰ পানী আমাৰ আৰু সেইবোৰ আমাৰেই হৈ থাকিব, প্ৰত্যাহ্বানহীন আৰু চিৰন্তন,” শৰ্মাই লগতে কয় । ভাৰতে পাকিস্তানৰ সৈতে সন্ধিৰ চৰ্ত উলংঘা কৰা বুলি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সিন্ধু জল চুক্তি বাতিল ৰখাৰ সিদ্ধান্তৰ বিষয়ে পাকিস্তানক অৱগত কৰিছে ।
ভাৰতৰ জলসম্পদ সচিব দেবাশ্ৰী মুখাৰ্জীয়ে পাকিস্তানী সমকক্ষ চৈয়দ আলী মুৰ্তাজালৈ প্ৰেৰণ কৰা এখন পত্ৰত এইদৰে কয় যে জম্মু-কাশ্মীৰক লক্ষ্য কৰি পাকিস্তানে সীমা অতিক্ৰম কৰি চলি থকা সন্ত্ৰাসবাদে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ অধিকাৰত বাধাৰ সৃষ্টি কৰিছে ।

