ETV Bharat / state

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই: মুখ্যমন্ত্ৰীৰ ঘোষণা - ASSAM CM DENIED CABINET EXPANSION

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত খালী হৈ আছে এটি মন্ত্ৰীপদ ৷ সেয়ে ভৱেশ কলিতাক খালী থকা অৱশিষ্ট মন্ত্ৰী পদটোত সংস্থাপিত কৰাৰ কথা ব্যাপক চৰ্চিত হৈছিল ।

ASSAM CABINET EXPANSION
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 9:40 PM IST

গুৱাহাটী: ভৱেশ কলিতাৰ নাম মন্ত্ৰিত্বৰ বাবে চৰ্চালৈ অহা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, “মইতো দূৰ দুৰলৈ ক’তো শুনা নাই । একেবাৰে দূৰ-দূৰণিলৈকে চালেও শুনা নাই ৷ আমাৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে কোনো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই ।”

আকৌ মন্ত্ৰী হ’ব বিজেপিৰ সদ্যবিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতা ! বৃহস্পতিবাৰে এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই । লগে লগে চেঁচা পানী পৰিল ভৱেশ কলিতাৰ মন্ত্ৰিত্ব লাভৰ সম্ভাৱনাত ।

ASSAM CABINET EXPANSION
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ভৱেশ কলিতা (ETV Bharat Assam)

শেহতীয়াভাৱে ৰাজ্যিক সভাপতিৰ দায়িত্বৰ পৰা ভৱেশ কলিতাই অব্যাহতি লোৱাৰ পিছত প্ৰশ্ন উঠিছিল বিজেপি বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ত সংস্থাপিত কৰিব ভৱেশ কলিতাক ? তেতিয়াই চৰ্চা হৈছিল পুনৰ মন্ত্ৰিত্ব লাভ কৰিব ভৱেশ কলিতাই ৷ যোৱা ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছিল । চাৰিগৰাকীকৈ নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিছিল । তাৰ কিছুদিনৰ পিছতেই বিজেপিৰ নতুন ৰাজ্যিক সভাপতি ৰূপে দায়িত্ব প্ৰদান কৰা হয় সাংসদ দিলীপ শইকীয়াক ৷ এক কথাত সভাপতি পদৰ পৰা অব্যাহতি পোৱাৰ পিছত দলত সাধাৰণ সদস্য হৈ পৰিল ভৱেশ কলিতা । সেয়ে, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভৱেশ কলিতাক সংস্থাপন কৰাটো প্ৰাসংগিক হৈ পৰিছিল ।

মন্ত্ৰীসভাত কিমান মন্ত্ৰী থাকিব পাৰে ? এতিয়াও খালী এটা পদ:

নীতি অনুসৰি বিধানসভাৰ মুঠ সদস্য সংখ্যাৰ ১৫ শতাংশহে চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য থাকিব পাৰে । সেই অনুসৰি বিধিগত হিচাবে অসম চৰকাৰৰ মন্ত্ৰীসভাত মুঠ ১৯ গৰাকী সদস্য থাকিব পাৰে । মুখ্যমন্ত্ৰীকে ধৰি বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা হ’ল ১৮ গৰাকী । এতিয়াও এটি মন্ত্ৰী পদ খালী হৈ আছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত ৷ সেয়ে ভৱেশ কলিতাক খালী থকা অৱশিষ্ট মন্ত্ৰী পদটোত সংস্থাপিত কৰাৰ কথা ব্যাপক চৰ্চিত হৈছিল । আনকি ৰাজহ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ভৱেশ কলিতাক অৰ্পণ কৰিব বুলিও চৰ্চা লাভ কৰিছিল ।

ASSAM CABINET EXPANSION
ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

উল্লেখ্য যে, ২০২১ত গঠিত হোৱা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাত স্থান লাভ কৰা নাছিল ভৱেশ কলিতাই । ২০২১ত দলটোৰ ৰাজ্যিক সভাপতি ৰূপে কলিতাক দায়িত্ব অৰ্পণ কৰা হয় ৷ ২০২১ চনৰ পৰা অসম বিজেপিৰ ৰাজ্যিক সভাপতিৰূপে ২০২৪ৰ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল ভৱেশ কলিতাই । ২০১৬ চনত প্ৰথমবাৰৰ বাবে তেওঁ অসম বিধানসভালৈ ৰঙিয়া সমষ্টিৰ পৰা জয়লাভ কৰে । ২০১৬ চনৰ পৰা ২০২১ চনলৈকে তেওঁ জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বৰ লগতে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বও বহন কৰিছিল ৷ আনহাতে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন । তাৰ পূৰ্বে মন্ত্ৰীসভাৰ সঁচাকৈ সালসলনি ঘটাবনে মুখ্যমন্ত্ৰীয়ে ? এই সকলো চৰ্চাৰ সমাপ্তি ঘটাই অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা নাই । ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰৰ মন্ত্ৰী হোৱাৰ পথ ৰুদ্ধ হ’ল ভৱেশ কলিতাৰ । ভৱেশ কলিতাই অপেক্ষা কৰিব লাগিব ২০২৬ত নিজে পুনৰ বিধায়ক হৈ অহালৈ ৷

লগতে পঢ়ক: পূজাৰ আগতেই বড়োভূমিৰ নিৰ্বাচন; নিৰ্বাচনমুখী বি টি আৰত ব্যস্ত মুখ্যমন্ত্ৰীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.