ETV Bharat / state

১৮ বছৰৰ ওপৰত কোনো নাগৰিকেই নতুনকৈ নাপাব আধাৰ কাৰ্ড: কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কইনাধৰাত অসম চৰকাৰৰ কেবিনেট বৈঠক । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ।

No citizen above the age of 18 will get new Aadhaar card in Assam
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 7:21 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত ১৮ বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্রীয়ে কয়,"আজিৰ কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব । ইয়াতে এছ টি, এছ চি আৰু চাহ বাগিচাৰ লোকৰ ক্ষেত্রত ১৮ বছৰৰ ওপৰৰ লোকসকলে এবছৰৰ বাবে আধাৰ কাৰ্ড লাভ কৰিব । এইক্ষেত্রৰ কিছু লোকে এতিয়াও আধাৰ কাৰ্ড পাবলৈ বাকী আছে । আনহাতে অন্য কাষ্টৰ আধাৰ কাৰ্ড পাবলৈ বাকী থকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটো আবেদন কৰাৰ বাবে সময় দিয়া হ'ব ।"

ড৹ শৰ্মাই লগতে কয়,"ছেপ্টেম্বৰ মাহৰ পাছত ১৮ বছৰৰ ওপৰৰ কোনো লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব । কেৱল এছ টি, এছ চি আৰু চাহ বাগিচাৰ লোকে আবেদনৰ বাবে এবছৰ সময় লাভ কৰিব । তাৰ পাছতো যদি কোনোবা বিশেষ মানুহ কোনো বিশেষ কাৰণত আধাৰ কাৰ্ড ল'বলৈ বাকী থাকে তেন্তে তেওঁলোকে জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব । জিলা আয়ুক্তই সকলো দিশ চালিজাৰি চাই আধাৰ কাৰ্ড দিব পাৰিব ।"

No citizen above the age of 18 will get new Aadhaar card in Assam
নতুনকৈ PMAY আঁচনিৰ গৃহ প্ৰদানৰ আশ্বাস (ETV Bharat Assam)
No citizen above the age of 18 will get new Aadhaar card in Assam
নিৰ্মীয়মাণ নুনমাটি-দীঘলীপুখুৰী উৰণ সেতু নামাকৰণ কৰা হ'ব মহাৰাজ পৃথুৰ নামৰে (ETV Bharat Assam)

এই সিদ্ধান্ত লোৱাৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "বিগত এবছৰ ধৰি বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা লোকক নিৰন্তৰ ধৰি ঘূৰাই পঠিওৱা হৈছে । কিন্তু সকলোকে ধৰিব পাৰিছোঁ বুলি আমি নিশ্চিত নহয় । এইক্ষেত্রত আমি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । আধাৰ কাৰ্ডৰ যোগেদি নাগৰিকত্ব যাতে ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে । ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ আধাৰ কাৰ্ড ল'ব নোৱাৰিব । ছেপ্টেম্বৰ মাহটোত আবেদন কৰিব পাৰিব । ইয়াৰ পাছত এই প্ৰক্ৰিয়া বন্ধ হৈ পৰিব । কেৱল এছ টি, এছ চি আৰু চাহ বাগিচাৰ লোকৰ বাবে এবছৰ সময় থাকিব । তাৰ পিছত এইটোও বন্ধ হৈ পৰিব । অসমত সকলো লোকেই আধাৰ কাৰ্ড লৈছে । গতিকে নতুনকৈ ল'ব বিচাৰিলে বাহিৰৰ পৰা আহিব লাগিব ।"

No citizen above the age of 18 will get new Aadhaar card in Assam
সফল উচ্ছেদ অভিযানৰ বাবে বনবিভাগক ধন্যবাদ কেবিনেটৰ (ETV Bharat Assam)

কেবিনেটত গ্ৰহণ কৰা আন সিদ্ধান্তসমূহ:

  1. গুৱাহাটীৰ নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মাণ কৰি থকা উৰণসেতুখন মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হ'ব । কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
  2. আজিৰ কেবিনেটে অসমক 'আই আই এম' দিয়াৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । ইউ পি এ চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলক এখন আই আই এম আৰু এইমছ দিয়া হৈছিল । দুয়োটা প্ৰতিষ্ঠান কংগ্ৰেছে শ্বিলঙক দিছিল । কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছতো অসমক এখনো দিয়া নহ'ল । যাৰ বাবে অসমৰ ৰাইজৰ দুখ এটা থাকি গৈছিল । কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰথম পাঁচ বছৰত অসমক এইমছ দিলে আৰু এতিয়া আই আই এম দিলে । অসমবাসীৰ ইমান দিনৰ দুখ মোদী চৰকাৰে দূৰ কৰিলে । আজি অসমবাসীৰ হৈ কেবিনেটে প্ৰধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে ।
  3. আজিৰ কেবিনেটত উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত আলোচনা কৰা হয় আৰু সফল উচ্ছেদ অভিযানৰ বাবে কেবিনেটে বন বিভাগক ধন্যবাদ জ্ঞাপন কৰে । উচ্ছেদ অভিযানত সহযোগ কৰাৰ বাবে নাগালেণ্ড চৰকাৰকো কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে । উচ্ছেদৰ ১২ হাজাৰ বিঘা ভূমিত নাগালেণ্ড চৰকাৰৰ সহযোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।
  4. ৰাজ্যত নতুনকৈ ৩,১৪,৭৭৩ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্রী আৱাস যোজনাৰ গৃহ প্ৰদানৰ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
  5. টাটা নেলক' আৰু অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ মাজত ১০টা ফিউচাৰষ্টিক ট্ৰেড চেক্টৰৰ ওপৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । ইয়াৰ দ্বাৰা হাইস্কুলৰ শিক্ষাৰ্থীসকলক দক্ষতাৰ প্ৰশিক্ষণ দিব পৰা যাব । ইয়াৰ বাবে ৬০০ কোটি টকা ব্যয় কৰা হ'ব । ইয়াৰে ৭৫ শতাংশ টাটা নেলক'ই দিব আৰু ২৫ শতাংশ অসম চৰকাৰৰ ।

উল্লেখ্য যে আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক পিছবেলাও অনুষ্ঠিত হয় । পিছবেলাৰ বৈঠকত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নহয় বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । পিছবেলাৰ বৈঠকত কেইবাটাও বিষয়ত আলোচনা কৰা হয় ।

No citizen above the age of 18 will get new Aadhaar card in Assam
IIM প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ কেবিনেটৰ (ETV Bharat Assam)

বিশেষকৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত কেবিনেট বৈঠকত আলোচনা কৰা হয় । লগতে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান সন্দৰ্ভত কেবিনেটৰ পিছবেলাৰ বৈঠকত মন্ত্রী পৰিষদে বিশদ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক: কোৱাৰি ফাটিল ! কোটি টকীয়া ট্রেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড অনিৰ্বাণ-কাশ্যপক ধৰি আনিলে আৰক্ষীয়ে - NAGAON TRADING SCAM

সীমান্তৰ মধুপুৰ অঞ্চলক লৈ টনা আঁজোৰা; উচ্ছেদিত ভূমিক নিজৰ বুলি দাবী নগাৰ - URIAMGHAT EVICTION